অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বৈশিষ্ট্য অক্ষুণ্ণ আছে নে? এটি সমীক্ষা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বৈশিষ্ট্য অক্ষুণ্ণ আছে নে? এটি সমীক্ষা


 

অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ বৈশিষ্ট্য অক্ষুণ্ণ আছে নে? এটি সমীক্ষা


নাছিৰ আহমেদ

শিমলাবাৰী, গোৱালপাৰা


      “চ’তে চ’তে গৈ ব’হাগ পালেহি

                       ফুলিলে ভেবেলি লতা,

              কৈ থাকোঁ মানে ওৰকে নপৰে

                     ব'হাগৰ বিহুটিৰ কথা।”


   ই বিহুগীতটি অনুধাৱন কৰিলেই আমি ৰঙালী বিহুৰ প্ৰকৃত তাৎপৰ্য উদ্ঘাটন কৰিব পাৰি। গছে ন কুঁহিপাত মেলিলে, কুলি-কেতেকীয়ে ইনালে বিনালে, বৰদৈচিলা,সৰুদৈচিলাই অসমৰ আকাশত উৰুৱাই ৰঙালী বিহুৰ আগমনি বাৰ্তা দিলে। অসমীয়া ডেকা-গাভৰুয়ে লুইতৰ পাৰে পাৰে, মুকলি পথাৰত, গছৰ তলত, চোতালে চোতালে ব’হাগ বিহুটিক মন-প্ৰাণ ঢালি দি নাচি নাচি, গাই মতলীয়া হৈ পৰে।

    ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিয়ে ৰূপ সলোৱাৰ দৰে মানুহেও ৰূপ সলায়, ৰং সলায় আৰু সলায় মনৰ গতিবেগ।

   বিশেষকৈ বসন্ত ঋতুত আবাল-বৃদ্ধ-বনিতাৰ শৰীৰ আৰু মনত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়। ফাগুনৰ পছোৱা বতাহ জাকে কাণে কাণে কৈ যায় গুপুত কথা। চিপ্ চিপ্ কৈ শব্দ কৰি হালি-জালি থকা “ন’ কুঁহিপাতে প্ৰাণত তোলে স্পন্দন, গছৰ ডালে-পাতে মধুৰ সুৰত গাই ফুৰা কুলি-কেতেকীৰ প্ৰেম, ৰাগৰ গীতে হৃদয়ত জগায় এক তীব্ৰ শিহৰণ। সৰু সৰু ল’ৰা-ছোৱালীয়ে প্ৰকৃতিক চিঞৰি-চিঞৰি লৰা-ঢপৰা কৰে,যুৱক-যুৱতীয়ে গায় প্ৰাণোচ্ছল যৌৱনৰ গান, প্ৰবীন সকলে প্ৰকৃতিৰ বুকুত বিচাৰি শৈশৱ, যৌৱন আৰু বৰ্তমানক স্মৃতি মধুৰ কৰি তোলে। এই বসন্ত ঋতুক কেন্দ্ৰ কৰি আদিম কালৰ পৰা মানুহে পাতি আহিছে নানা ৰঙৰ উছৱ। ঢুলিয়াৰ ঢোলৰ ছেৱে ছেৱে গাভৰু ছোৱালীৰ কঁকাল খামুচিয়া নাচৰ তালে তালে যৌৱনক যেন চিৰ ৰঙীন, চিৰ স্বপ্নময় কৰি তোলে। ব’হাগী উছৱে দুৰ্দম যৌৱনক ৰসাল কৰি “ৰসো বৈ সঃ” ৰ নদীত স্নান কৰি মানুহে যুগে যুগে হৈ আহিছে এক অবিনশ্বৰ আত্মাৰ গৰাকী, অজৰ অমৰ সেয়ে বিহুৱে কাকো দুখ নিদিয়ে, ৰং দিয়ে, ৰস দিয়ে।

   অসমৰ জাতীয় উৎসৱ এই ৰঙালী বিহুৰ সৈতে সাঙোৰ খাই আছে অসমীয়া সমাজৰ সকলো লোকাচাৰ, ৰীতি-নীতি, পৰম্পৰাগত বিশ্বাস, সাজপাৰ, খাদ্যাভ্যাস, কলা কৃষ্টি সংস্কৃতি।

   এই উৎসৱটি কোনো বিশেষ ধৰ্মৰ ওপৰত গঢ়ি উঠা নহয়; বৰঞ্চ অসমৰ বিভিন্ন জাতি-ধৰ্ম-নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠিছে এক মহামিলনৰ মানৱতাবাদী আপাম” জনতাৰ মহা ৰঙীন আনন্দ উৎসৱ। 

   অসমীয়া জাতিয়ে আটাইতকৈ অধিক ৰং-ৰহইচেৰে ৰঙালী বিহুটি উদযাপন কৰে। 

     চ’ত-ব’হাগৰ দোমাহিতে সাত দিন ধৰি বিহু পালন কৰাটো পৰম্পৰাগত ৰীতি। সেই মতে গৰু বিহু দিনাখনৰ মুখ্য কাৰ্য গৰুৰ প্ৰতিপালন, আদৰ-আপ্যায়ন, গৰুক গা-পা ধুৱাই “লাউ খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু, বাপেৰ সৰু তই হবি বৰ গৰু”। মানুহ বিহুৰ দিনা বিহুৰ সেৱা, বংশ-পৰিয়ালৰ জ্যেষ্ঠ জনক কনিষ্ঠ জনে সেৱা জনোৱা, ডাঙৰে সৰুক মৰম কৰা, প্ৰেমিক-প্ৰেমিকা, পতি-পত্নীৰ উপহাৰ আদান প্ৰদান। কুটুম্ব বিহুৰ দিনাখন জীয়েকে মাকৰ ঘৰলৈ যোৱা তথা জোঁৱায়েকে পত্নী সমন্বিতে শহুৰৰ ঘৰলৈ গৈ শহুৰ-শাহুয়েকক বিহু সেৱা জনায়, খুল-শালীয়েকক বিহুৱান উপহাৰ দিয়ে। হাট বিহুৰ দিনাখন বন্ধু-বান্ধৱ, ওচৰ চুবুৰীয়া, চিনাকি কিম্বা ন-চিনাকিৰ ঘৰলৈ গৈ বিহু খোৱা, তাঁতৰ বিহুৰ দিনাখন তাঁতৰ শালখন ধুই পোখালি চাফা কৰি চাকি এগছি জ্বলাই সেৱা জনায়, নাঙল বিহুৰ দিনাখন নাঙল, যুঁৱলি, মৈ, কোৰ আদিকে ধৰি খেতি কৰা সজুঁলি চাফ-চিকোন কৰি তেল-টেঙা ঘহাঁ নিয়ম। চেৰা বিহুৰ তাৎপৰ্য হ'ল এয়ে যে, বিহুৰ ৰং-ৰহইচৰ সামৰণি মাৰিব লাগে বা মাৰিবলৈ মন বন্ধা।

  ব’হাগ বিহুত ঔষধি শাক খোৱাৰ পৰম্পৰা অসমৰ প্ৰায় সকলো অঞ্চলতে আছে। এই লোকাচাৰ ৰোগ-ব্যাধি প্ৰতিষেধক আৰু বছৰটোলৈ শৰীৰত শক্তি বৃদ্ধি বা অটুট থাকে। লাই, চীনা লাই, লফা, পালেং, চুকা, ধনিয়া, পদিনা, বনজালুক, বনতুলসী, বনথুতৰা, ভাত কেৰেলা, তিতা কেৰেলা, নৰসিংহ, ব্ৰাহ্মী, সৰু পুৰৈ আদিকে ধৰি এশবিধ শাক-পাচলি খোৱা নিয়ম। সেয়েহে, বিহু অসমীয়াৰ জাতীয় উৎসৱ, অসমীয়াৰ বাপতি সাহোন “ব’হাগৰ বিহুটি নাপাতি কেনেকৈ থাকোঁ।” বুলি বিহুগীত যে অসমীয়াৰ অভেদ আত্মা-স্বৰূপ, তাকে প্ৰমাণ কৰিছে।

  বিহু মূলতঃ কৃষিজীৱি ৰাইজৰ উৎসৱ। ইয়াৰ উৎপত্তি সম্পৰ্কে আলোচনা কৰিলেও আমি এই কথাৰ উমান পাওঁ। ড° প্ৰফুল্ল দত্ত গোস্বামীৰ মতে, বিহু শব্দৰ উদ্ভৱ সংস্কৃত “বিষুৱণ” শব্দৰ পৰা। অৰ্থব্ব বেদ আৰু ঐতিৰেয় ব্ৰাহ্মণ আদি শাস্ত্ৰত পোৱা যায় যে, বিষুৱণ যাগ-জজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজালি মেলাত সহায় কৰে। অৰ্থাৎ খেতি-বাতিৰ সু-ব্যৱস্থাৰ হেতুকে এই বিষুৱ দিনৰ যজ্ঞৰ প্ৰয়োজন। বিষ্ণু পুৰাণত আছে শৰৎ আৰু বসন্ত ঋতুৰ মধ্যত সূৰ্য তুলা আৰু মেষ ৰাশিলৈ গ’লে বিষুৱ হয়। এই সময়ত দিন ৰাতি সমান হয়। এই বিষুৱ সংক্ৰান্তিৰ দিনা খেতি-বাতিৰ সু-ব্যৱস্থাৰ বাবে এনে ধৰণৰ মঙ্গলদায়ক অনুষ্ঠান ভাৰতৰ প্ৰায় সকলো অঞ্চলতে উদ্ যাপন কৰিছিল।

   দক্ষিণ ভাৰতৰ নায়াৰ সকলে নৱ-বৰ্ষৰ উৎসৱক “বিষ্ণৱ” হিমালয়ৰ নামনি অঞ্চলৰ খচ সকলৰ “বিষ্ণু” উৎসৱ মেলা, মধ্যপ্ৰদেশৰ ওৰাওঁ সকলে বিষু চিকাৰৰ ব্যৱস্থা কৰে। পশ্চিমবঙ্গত “বৈশাখী” অসমৰ বড়ো জনজাতিয়ে “বাইখো” আৰু অবিভক্ত গোৱালপাৰা জিলাৰ জনগোষ্ঠীয়ে বিষুৱা বা বিষমা উদযাপন কৰে।

   বিহু উৎসৱত অৱশ্যে কেইবাটাও উপাদান লগ লাগিছে। ইয়াত এফালে আৰ্য সংস্কৃতিৰ এটি সুঁতি জাহ গৈছে, আনহাতে অনাৰ্য অথবা প্ৰাক-আৰ্যৰ প্ৰাচীন উৰ্বৰা অনুষ্ঠানৰ সুঁতিও লগ লাগিছে। স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীতো পৃথিৱীৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰাৰ এক প্ৰাচীন বিশ্বাস; বিশেষকৈ কৃষিৰ ওপৰত নিৰ্ভৰ কৰা লোকসকলৰ মাজত। বিহু নৃত্যত যৌন মিলনৰ ইংগিত থকা যি মুদ্ৰা লক্ষ্য কৰা যায় সি প্ৰাচীন উৰ্বৰা অনুষ্ঠানক সোঁৱোৰাই দিয়ে। কেৱল বিহু নৃত্যৰ যৌন-মূলক মুদ্ৰাই নহয়, নানা যৌন-মূলক নৃত্যৰ তালে তালে ডেকা-গাভৰু সকলে পৰিৱেশন কৰা গীত বা হুঁচৰি বোৰত পুৰুষ-ৰূপী আকাশক কামাসক্ত কৰি তুলি ভূমিৰ সৈতে মিলন সম্ভৱ কৰি তোলে; যাৰ ফলত ভূমি উৰ্বৰাময় হৈ পৰি সন্তান-সম্ভৱা হৈ পৰে; অৰ্থাৎ আকাশে ভূমিৰ বুকুত বৰ্ষা নিক্ষেপ কৰাৰ বাবে ভূমি হৈ পৰে শস্য উৎপাদনৰ বাবে সম্পূৰ্ণ প্ৰস্তুত। 

  নৰ-নাৰীৰ এই আদিম যৌন প্ৰবৃত্তিয়ে হৈছে আটাইতকৈ শক্তিশালী চিৰন্তন বাস্তৱ সত্য; নৰ-নাৰীৰ সৃষ্টিৰ মূল উৎস। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই গঢ়ি উঠিছে পুৰুষ আৰু প্ৰকৃতিৰ মিলনৰ লীলা খেলা।

  কেৱল কৃষি কাৰ্য সম্পন্ন কৰাৰ বাবেই যে সৃষ্টি তত্ত্বৰ ওপৰত ভিত্তি কৰি বিহু উৎসৱটি গঢ়ি উঠিছে, সেয়াই নহয়, প্ৰকৃতাৰ্থত মানুহ আৰু প্ৰকৃতি হ’ল এক অভেদ আত্মা-স্বৰূপ; অভেদ আত্মা-স্বৰূপ বুলি ক’লেও ভুল হ’ব, মানুহ প্ৰত্যক্ষভাৱে প্ৰকৃতিয়ে।    

  ৰঙালী বিহুত নৃত্য-গীতৰ উপৰিও বিভিন্ন ৰং-ধেমালি, যেন- কণী যুঁজ, কড়ি খেল আৰু শেন যুঁজ আদি উল্লেখযোগ্য অনুষ্ঠান অনুষ্ঠিত কৰা দেখা যায়। সেয়ে জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে অসমত বসবাস কৰা সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে বিহুক জাতীয় উৎসৱ হিচাপে গণ্য কৰি স্বতঃস্ফূৰ্ত ভাৱে গাঁৱে-ভূঞে, চহৰে-নগৰে, পাহাৰে-সমভূমি, চৰ-চাপৰি সকলোতে ৰং-ৰহইচেৰে পালন কৰে। প্ৰকৃততে এই উৎসৱ সম্পূৰ্ণ ৰূপে আদিম লোকাচাৰ আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈছে।

    কিন্তু সম্প্ৰতি, বিহুৰ এই বৈশিষ্ট্য আছে বুলি কোৱা টান। যেতিয়াৰ পৰাই বিহু গাঁৱলীয়া কৃষি জীৱনৰ নৈৰ পাৰ বা কৃষি পথাৰ ত্যাগ কৰি নগৰীয়া মঞ্চত আহি প্ৰৱেশ কৰিছে, তেতিয়াৰ পৰাই বিহুৱে নিজস্ব বৈশিষ্ট্য হেৰুৱাই কৃত্ৰিম হৈ পৰিছে। বিহুগীতবোৰৰ স্বকীয় সুৰ,তাল,লয়, বিহু নৃত্যৰ মুদ্ৰা আধুনিকৰণৰ নামত বাৰে-বঙলুৱা হৈ পৰিছে। বহুতো আধুনিক শিল্পীয়ে বিহুগীত বা বিহু নৃত্যক পৰীক্ষা-নিৰীক্ষাৰ নামত উত্তৰ ভাৰতৰ হিন্দী বা পাশ্চাত্যৰ সুৰ সংযোগ কৰি ভিডিঅ’, চিডি কেছেট উলিয়াই বিহুগীতৰ স্বভাৱ সুন্দৰ নিভাঁজ সুৰক বিকৃতি কৰাৰ অপচেষ্টা চলাই থকা পৰিলক্ষিত হৈছে।

     ব’হাগ বিহুৰ প্ৰকৃত বৈশিষ্ট্য অক্ষুণ্ণ ৰাখিবলৈ হ’লে বিহুক আকৌ প্ৰকৃতিৰ বুকুলৈ ওভতাই লৈ কৃষকৰ কাষলৈ লৈ যাব লাগিব। আৰু গাঁৱলীয়া কৃষক জীৱনৰ অকৃত্ৰিম লোকাচাৰৰ সৈতে নৈৰ পাৰত,বহল পথাৰত, হাবিৰ মাজত, চৰ-চাপৰিত অসমীয়া ডেকা-গাভৰুৱে মন-প্ৰাণ ঢালি হৃদয় জুৰাই বিহুগীত আৰু বিহুনৃত্যৰ তালে তালে গাব লাগিব জীৱন-যৌৱনৰ সমন্বয়ৰ গীত! কিছুমান মহা পণ্ডিতে ধৰ্মীয় প্ৰলেপ সানি বিহুগীতক সংকীৰ্ণ কৰি তুলিছে। কিছুমান গোড়া হিন্দুত্ববাদী পণ্ডিতে বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰিবলৈ গৈ বিহুক আৰ্য সংস্কৃতিৰ যাগ-জজ্ঞলৈ ঠেলি দি বিহুতলিক পূজা-উপাসনাৰ থলিলৈ পৰিণত কৰাৰ ফলত হিন্দু-ধৰ্মীয় জনগোষ্ঠীৰ বাহিৰে অইন কৃষিজীৱি ধৰ্মীয় জনগোষ্ঠীয়ে বিহু উদযাপন কৰিবলৈ মন নেমেলা হৈছে। মূলতঃ এইবোৰ অপব্যাখ্যাহে। 

     বিহু সম্পূৰ্ণ ৰূপে কৃষি জীৱনৰ লোকাচাৰ, আদিম উৰ্বৰা অনুষ্ঠানৰ বিশ্বাসৰ ভেটিত প্ৰতিষ্ঠিত। শ্ৰমজীৱী কৃষক-বনুৱাৰ প্ৰেৰণা সৃষ্টিকাৰী মহৌষধ- স্বৰূপ। জাতি-ধৰ্ম-বৰ্ণ-নিৰ্বিশেষে অসমত বসবাস কৰা সকলো খিলঞ্জীয়া জনগোষ্ঠীৰ দেহ-আত্মাৰ সঞ্চাৰিণী নৱ-উন্মেষশালিনী প্ৰেৰণা গীতি আৰু নৃত্য-স্বৰূপ।

    সেয়ে , অসমৰ জাতীয় উৎসৱ ৰঙালী বিহু বা ব'হাগ বিহুক অসমীয়া জনগণে মন-প্ৰাণ ঢালি দি প্ৰতি অসমীয়াৰ ঘৰে ঘৰে বিহুগীত আৰু বিহুনৃত্য পৰিৱেশন কৰি শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰা উচিত। বিহু উৎসৱ হওক, অসমীয়া গণ জীৱনৰ শ্বাস-প্ৰশ্বাস, আয়ুস ৰেখা। প্ৰতি ঘৰে ঘৰে বিহুগীত আৰু বিহুনৃত্যৰে ৰজন জনাই যাওক, অসমীয়া ডেকা-গাভৰুৱে প্ৰাণ খুলি নাচক, গাওঁক। বিহুৱে কঢ়িয়াই আনক অসমৰ বুকুলৈ আনন্দৰ সুবাস! সকলো ধৰ্মীয় গোড়ামী সংকীৰ্ণতাৰ ৰুদ্ধ দ্বাৰ অতিক্ৰম কৰি সকলো জনগোষ্ঠীৰ হৃদয়ত প্ৰৱাহিত হওক মানৱতাবাদী চিন্তাধাৰাৰ মৃদু মলয়া যৌৱনৰ বলিষ্ঠ ভাৱনা। আবাল-বৃদ্ধ-বনিতাৰ প্ৰাণত অঙ্কুৰিত হওক নতুন সম্ভাৱনাৰ বীজ; ঐক্যৰ মহীৰূহ প্ৰতিষ্ঠিত হওক সমাজৰ বুকুত।

    অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ প্ৰকৃত বৈশিষ্ট্য ৰক্ষা কৰি প্ৰতি গৰাকী অসমীয়াই এই বিহুক অসমীয়া জাতিৰ দেহ-মন-আত্মাক সদা জাগ্ৰত কৰি অনিৰ্বচনীয় সৌন্দৰ্য্যৰে ভৰপূৰ হৈ পৰে যেন।


(বিঃ দ্ৰঃ এই প্ৰবন্ধটি ৰচনা কৰোঁতে ৰঙালী বিহু সংক্ৰান্ত বিভিন্ন গ্ৰন্থ আৰু আলোচনীৰ সহায় লোৱা হৈছে।)


ভ্ৰাম্যভাষঃ ৯১০১৪৬৫৮০৫


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages