তুমি আহিবা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Sunday, April 6, 2025

তুমি আহিবা

 

তুমি আহিবা


                          বিকি বৰ্মন

            কাৱৈমাৰী, তেজপুৰ


অঘোনৰ কুঁৱলিয়ে বাট ভেটিলেও,

তুমি আহিবা ।

ফাগুনৰ ধূলিয়ে চানি ধৰিলেও,

তুমি আহিবা ।

বাৰিষাৰ বৰষুণে আগুচি ধৰিলেও,

তুমি আহিবা ।

তুমি আহিবা কাৰণ মই বাট চাম তোমালৈ।

বাট চাম চ’তৰ শেষলৈ,

বাট চাম কুলিৰ মিঠা মাতলৈ,

বাট চাম প্ৰতিটো ঋতুৰ আৰম্ভণিৰ পৰা শেষলৈ,

মাথোঁ তুমি আহিবা।

চিতাৰ বগা কাপোৰ খন গুচাই 

তুমি আহিবা।

তুমি আহিবা কাৰণ মই বাট চাম তোমালৈ।

তুমি আহিবা।


Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages