সূৰ্যোদয় যদি লক্ষ্য আমাৰ...
সূৰ্যাস্তৰ পিনে ধাৱমান কিয়...?
সঞ্জীৱ কুমাৰ তালুকদাৰ
ভৱানীপুৰ, টাপা
হে সূৰুযৰ সন্তান
হে মাটিৰ মানুহ...
তুমি যি ফালে গতি কৰিছা
সেই ফালে-
ৰান্ধনী বেলিৰ হেঙুলী আভা...
আঙুলিৰ ফাঁকেৰে
সৰকি যায়-
দূৰন্ত সময়...
তিল তিলকৈ শেষ হয়
নিতোল যৌৱন...!
মৃত্যু সজ্জাত পৰি
তুমি হয়তো ভাৱিবা-
জীৱনটো শেষ হ’বৰেই হ’ল...
ঘৰ পৰিবাৰ-সন্তানৰ বাবে
একোৱেই কৰা নহ’ল...!
সময় ভটিয়ায়
নিৰৱধি বৈ যায়...
সময়ৰ কাম
সময়ত কৰিব লাগে
জানিবা নিশ্চয়...!
সময় থাকোঁতেই যদি
জীৱন বীমাক
আপোন কৰিলাহেঁতেন
তোমাৰ অৱৰ্তমানত
সন্তান পৰিবাৰে
সুখে সন্তোষে
মৰ্যদাপূৰ্ণ জীৱন
নিৰ্বাহ কৰিলেহেঁতেন...
কিন্তু, আজি সময়ে উচুপিব...!
তোমাৰ অৱৰ্তমানত
আপোনজন হ’ব
পথৰ ভিক্ষাৰী...!
বন্ধুৰ কথা শুনি
নিজৰ হাতৰ কুঠাৰখন
ভৰিত মাৰিলা...
“জীৱন বীমাত লাভ নাই”
এই আপ্তবাক্যসাৰি
আপোন কৰিলা...
দুদিন পাছত
শ্মশানে ৰিঙিয়াব...
ধোঁৱা আৰু ধূলিৰ লগত
মিলি যাব-
তোমাৰো জীৱন...!
তাৰ পিছত
তোমাৰ অৱৰ্তমানত
তিল তিলকৈ নিঃশেষ হ'ব-
তুমি গঢ়ি থোৱা সপোন...!
সেই সময়ত
তোমাৰ বন্ধুজনো নাথাকিব...
হে সূৰুযৰ সন্তান,
হে মাটিৰ মানুহ...
তুমি অনুভৱ কৰিব
পাৰিছা নিশ্চয়...
তুমি আত্মাৰ অনুৰনণ
কাণ পাতি শুনা...
লোকৰ কথাত নিদিবা কাণ
লোকে কৰে সপোন ঠানবান...
সূৰ্যোদয় যদি লক্ষ্য আমাৰ
সূৰ্যাস্তৰ পিনে ধাৱমান কিয়…!
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫


No comments:
Post a Comment