বিধৱা মাতৃ মই
বিমান ডেকা
নলবাৰী
ফাগুন মাহৰ ভৰ দুপৰীয়া। এনে দুপৰীয়াবোৰে মোৰ বুকুত হেজাৰটা কৰুণ বাঁহীৰ সুৰ তোলে। ফাগুনী বতাহজাকে মোৰ কলিজাৰ বন্ধ তলাটো আজুৰি চিঙি থৈ যায়। খোলা তলাৰে উন্মুক্ত হিয়া খনত পুৰনি কথাবোৰে ভুমুকি মাৰে। পৰিয়ালৰ অসন্মতিত যৌৱনৰ প্ৰথম বসন্তৰ বৰষুণ জাকত তিতি প্ৰান্তিকলৈ বিয়া হৈছিলো মই, প্ৰান্তিক আৰু মোৰ মৰমে পাহি মেলিছিল। মোৰ গৰ্ভত আমাৰ সপোন একোলা-দুকোলাকৈ ডাঙৰ হৈছিল। কিন্তু ভাগ্যৰ কি যে বিড়ম্বনা, মোৰ ফুলপাহে পৃথিৱীত চকু নেমেলাৰ লগে লগে মোৰ বটবৃক্ষই প্ৰান্তিকে চকু জপাইছিল। বগা সাজ আৰু উকা কপালেৰে যেতিয়া দিগ্বিদিক হেৰুৱাই, তেতিয়া পৃথিৱীলৈ মোৰ সপোন আহিল, সপোনক লৈ গৈ মই আপোন পৰিয়ালৰ আগত সহায়ৰ হাত বিচাৰিছিলো, তেতিয়া মোক তাচ্ছিল্য আৰু অসন্মানেৰে মোৰ আঁচল ভৰাই দিছিল। কোলাৰ কেচুৱাকণলৈ মোৰ পুতৌ লাগিছিল।
মুনিচুনি সন্ধ্যা বেলা। ছাঁ পোহৰৰ খেলাৰ মাজেৰে গৈ এখন অনাথ আশ্ৰমৰ পদুলি পাইছিলো। মাতৃৰ পৰশৰ দৰে কোমল অথচ বলিষ্ঠ দুখন হাতে মোক আৰু মোৰ কোলাৰ সন্তানক আশ্ৰয় দিছিল। দুবেলা দুমুঠি গোটাই খোৱাৰ সুবিধা কৰি দিছিল। কিন্তু বগা সাজযোৰৰ আঁৰত থকা কলিজা তেতিয়াওঁ তেজেৰে ৰাঙলী হৈ পৰিছিল। এইফালে সমাজত থকা নৰপিশাচৰ দৃষ্টিবোৰ লোলুপ চাৱনিৰে যৌৱনা বৈধব্যৰ সুযোগ ল’ব বিচাৰিছিল তেতিয়া, কিন্তু মোৰ অস্তিত্ব মাথো বিধৱা মাতৃ হৈ ৰৈ আছিল।।
মোৰ সপোনক যেতিয়া স্কুলত নাম লগাই দিলোঁ, তেতিয়া বন্ধুবোৰে জোকাইছিল পিতৃহীন বুলি ঠাট্টা মস্কাৰ কৰিছিল। সপোনে স্কুলৰ পৰা আহি মোক থুনুক থানাক মাতেৰে সুধিলে, “মোৰ দেউতা কোন মা...? দেউতা ক'ত থাকে বাৰু এতিয়া, তুমিচোন কৈ থাকা সদায় আহিব আহিব বুলি, দেউতাক আহিব কোৱা না মা… মোক লগৰ বোৰে দেউতা নাই বুলি জোকাই থাকে, আহিব কবাচোন দেউতাক, দেউতা আহিলে, আমাৰ স্কুল বন্ধ দিলে গুৱাহাটীলৈ চিৰাখানা চাবলৈ যাম। দেউতাক আহিব কবাচোন মা...
তেতিয়া মই হিয়া ভঙা কান্দোনেৰে প্ৰান্তিকৰ ফটোখন দেখুৱাই দিলোঁ, তেতিয়া সপোনে মোক প্ৰশ্ন কৰিলে, “এইখন কাৰ ফটো হয় মা”, মই কলো, “সপোন তুমি যাক বিচাৰি আছা সেইজনৰে ফটো হয়”। সপোনে তেতিয়া ফটোখন চাই ফেকুৰি ফেকুৰি হুক হুকাই কান্দিব ধৰিলে আৰু ফটোখনলৈ চাই কলে...
“দেউতা, অ দেউতা তোমালৈ বহুত মনত পৰিছে ও… অ দেউতা, তুমি আহা না সোনকালে, মোৰ লগৰবোৰে দেউতা নাই বুলি জোকাই থাকে ও দেউতা, তুমি আহি দেখা দিয়া না দেউতা…. অ দেউতা দেখা দিয়া না... সপোনে ফেকুৰি ফেকুৰি কান্দি ৰ’ল ।
তেতিয়া মোৰ বিধৱা সাজযোৰ পিন্ধি থকা আঁচলখনৰে চকুপানী মুচি দি সপোনক বুকুৰ মাজত সাৱতি ধৰি মই ফটোখনলৈ চাই ৰ’লো।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment