আবুতানিয়ে সিন্ধু সভ্যতাৰ পৰা শস্যৰ বীজ আনি কৃষি পদ্ধতি শিকিছিল
পদ্মেশ্বৰ নৰহ
ৰাংকপ, ধেমাজি
আলি আঃয়ে লৃগাংৰ আখ্যান অনুসৰি দঃয়িং বতৌই পৃথিৱীৰ সেই সময়ত অতি উন্নত মানৱ সভ্যতা কথা জানিছিল। যিসকলে খেতি বাতি, শস্য উৎপাদনত যথেষ্ট পাকৈত আছিল। তেওঁলোকে বীজ সংৰক্ষণ বা খেতি পদ্ধতি আদিতো নিপুণ আছিল। সিন্ধু সভ্যতাৰ সময়ছোৱাত বাকী মানৱ গোষ্ঠী বন্য জীৱন যাপন কৰিছিল। তেওঁলোক এক সংগঠিত সভ্যতাৰ গঢ় দিব পৰা নাছিল। গতিকে সিন্ধু সভ্যতাৰ পৰা খেতি পদ্ধতি, বীজ জ্ঞান শিকিবলৈ তেওঁ আবুতানিক সেই দেশলৈ যাবলৈ পৰামৰ্শ দিয়ে।
যিহেতু আগৰ লেখাত উল্লেখ কৰিছিলোঁ যে উন্নত সভ্যতাৰ দেশ কঃজোম কঃজে বা আঙহ তাকাৰ আচলতে সিন্ধু সভ্যতাহে আছিল। কঃজোম শব্দটো জম্বু দ্বীপ/কম্বোজ/কান্ডাম (কুমাৰী কান্ডাম তামিল লোককথা অনুসৰি অতি প্ৰাচীন এখন তামিল সভ্যতাৰ দেশ আছিল।) আদি শব্দৰ অপভ্ৰংশ হ’ব পাৰে।
সিন্ধু উপত্যকা সভ্যতাৰ দেশ বা ৰাজ্যবোৰ হয়তো এইবোৰ নামেৰে পৰিচিত আছিল। আলি আঃয়ে লৃগাংৰ আখ্যানত উল্লেখ পোৱা কঃজে য়াংগ বা যাংগক উৰ্বৰ, ঐশ্বৰ্য্যশালী দেশ হিচাপে আখ্যানে উল্লেখ কৰিছে। সেই য়াংগ বা যাংগ আচলতে লিংগ শব্দৰ অপভ্ৰংশ। লিংগ অতি প্ৰাচীন কালৰে পৰা ভাৰতীয় সভ্যতাৰ লগত জড়িত। উৰ্বৰ, উৎপাদনশীলতাৰ প্ৰতীক হিচাপে লিংগক বিশ্বাস কৰি আহিছে। সিন্ধু সভ্যতাৰ বহু ছীলত লিংগ চিহ্ন দেখিবলৈ পোৱা যায়।
যাংগম দক্ষিণ ভাৰতৰ এটা শৈৱ পৰম্পৰাৰ সমাজ। যাংগমৰ অৰ্থ হ’ল গতিশীল লিংগ। আমি ধাৰণা কৰিব পাৰি যে সিন্ধু সভ্যতাৰ লোকসকলে উৰ্বৰৰ বাবে লিংগ প্ৰতীক বিশ্বাস কৰিছিল। হৰপ্পা লোকসকলে হয়তো ভূদেৱীক উৰ্বৰ দেৱী হিচাপে বিশ্বাস কৰিছিল বুলিও ক’ব পাৰি যিহেতু হৰপ্পাৰ স্ত্ৰীৰ টেৰাকোটাত মহিলাৰ ভ্ৰূণৰ প্ৰদৰ্শন আদি দেখিবলৈ পোৱা যায়। আৰু সেইদৰে শিৱৰ লগতো লিংগৰ অৱধাৰণা, সিন্ধু সভ্যতাৰ প্ৰট’ শিৱা আদি ছবিৰ পৰা ধাৰণা কৰিব পাৰি আজিৰ ভাৰতীয় সভ্যতা সংস্কৃতি সিন্ধু সভ্যতাৰ পৰাই বিৱৰ্তন হৈছে।
লৃগাঙৰ আখ্যান মতে কঃজোম কঃজে শস্যৰে ভৰপূৰ ঠাই, য’ত সকলো বীজ পোৱা যায়। ঠিক সেইদৰে দ্ৰাবিড় পৰিয়ালৰ মালায়ালামৰ সন্দৰ্ভত কান্ডাম হ'ল শস্যৰ পথাৰ, খেতি পথাৰ। সিন্ধু সভ্যতাৰ সময়ছোৱাত এওঁলোক সিন্ধু উপত্যকাত বাস কৰিছিল ।
লৃগাঙৰ আখ্যান অনুসৰি কঃজে য়াংগলৈ যাবলৈ আবুতানিয়ে কঃজে পাঃতাং পাৰ হব লগা হৈছিল। সেই কঃজে পাঃতাং যিহেতু কৈলাস মানস সৰোবৰ বুলি ধাৰণা কৰা হৈছে আৰু তিব্বতৰ পৰা আহিলে সেই হ্ৰদ পাৰ হৈ সিন্ধু সভ্যতাৰ দেশত উপস্থিত হ'ব পাৰি।
সম্ভৱতঃ সেই কালখণ্ড চীনা সভ্যতাৰ পূৰ্বৰ হ’ব, যিহেতু চীনা সভ্যতা ১৭৫০ খ্ৰীষ্টপূৰ্বৰ পৰা আৰম্ভ হৈছিল, লৃগাঙৰ আখ্যানে বিশেষ ভাৱে চীনা সভ্যতাৰ সংকেত দিয়া নাই।
দঃয়িং বতৌই সেই সময়ৰ আৰু এটা বিখ্যাত সভ্যতা মেছুপথে'মিয়াৰ কথাওঁ আবুতানিক জনায় । গতিকে তাৰ পৰাওঁ বীজ আনিব পাৰিব বুলি আবুতানিক পৰামৰ্শ দিয়ে। যিহেতু মেছুপথে'মিয়া বহুত দূৰত আছিল সেইবাবে তাক পাতাল পুৰি বুলি আখ্যানে উল্লেখ কৰিছে।
আখ্যানত উল্লেখ কৰা সেই পাতাল পুৰিটো আছিল ছোতকিন/ ছিতকিন কেঃদেং ।
এই ছোতকিন/ছিতকিন কেঃদেং – ছোমেৰিন আক্কাদ/ আক্কাদিয়ানৰ বিকৃত বা অপভ্ৰংশ হ’ব। যিহেতু ছোমেৰিন আক্কাদ, মেছুপথে'মিয়া সভ্যতাৰ সাম্ৰাজ্যৰ নাম আছিল।
কেঃদেং - আক্কাদিয়ান–কাদ – আক্কাদ ।
কিঃনে নানে অৰ্থাৎ লক্ষী আই, এই কিঃনে শব্দৰ উৎপত্তি হয়টো; লক্ষী+আনে = কিনে/ক্ষীনে-কিঃনে হ’ব পাৰে।
হয়তো লক্ষী আই সিন্ধু সভ্যতাৰ এগৰাকী দেৱী আছিল। পিছত আবুতানিয়ে শস্যৰ উৎপাদনৰ বাবে এই দেৱীক আপোন কৰি কিঃনে নানে বুলি পূজা কৰাৰ প্ৰথা সৃষ্টি কৰিলে।
(উৎসঃ মিচিং বাঃনে কৌবাংৰ গোগামুখ ঘোষণা পত্ৰ, ইন্টাৰনেট।)
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment