প্ৰেৰণা
দীপ্তি ঠাকুৰ গোস্বামী
দাদৰা নগৰ হাভেলি
ফাগুনী বতাহজাকে ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা পাই সৌন্দৰ্যৰ সুবাস কঢ়িয়াই আনিছে ধৰিত্ৰীৰ কোমল কোলালৈ। বসন্ত উৎসৱৰ মধুৰ ক্ষণৰ অপেক্ষাত মৌমিতাৰ এইকেইদিন মনটো আনন্দৰে ভৰি আছে। তাইৰ প্ৰিয়জন ঘৰলৈ অহাৰ আশাত উৎকণ্ঠাৰ যেন শেষ নাই। বিয়াৰ মাহ-হালধিৰ গোন্ধ নৌ যাওঁতেই তাইৰ স্বামী অৰিন্দম দেশ সেৱাৰ কামত নিজকে নিয়োগ কৰিছে। কাশ্মীৰৰ সীমা সুৰক্ষাৰ দায়িত্বত থকাৰ বাবেই তেওঁৰ মুৰব্বী বিষয়াই জৰুৰী বাৰ্তা প্ৰেৰণ কৰাৰ বাবেই দেশমাতৃৰ সেৱা কৰিবলৈ গুছি যাবলগীয়া হ’ল। ব’হাগৰ বিহুত অহাৰ কথা দিছিল। সেয়ে মৌমিতাৰ মনৰ নিভৃত কোণত বৈ থকা প্ৰেমৰ নিজৰাখনত কিমান যেন কল্পনাৰ সোঁত বৈ আছিল। সাগৰৰ লহৰৰ দৰেই আহে আৰু যায়। তাই তাঁতৰ শালত থকা বিহুৱানখিনিৰ কামো সোনকালে কৰি আজৰি হৈছিল। প্রিয়জনক বিহুৱান এখন দি কি যে আনন্দ অনুভৱ কৰে সেয়া প্ৰতিগৰাকী অসমীয়া জীয়ৰী-বোৱাৰীৰে অবুজ ভাষা। বহুত আশা, বহুত ভালপোৱাৰ মিঠা মাদকতাৰে বৈ থকা সপোনবোৰ আজি জানো তাই ভাষাৰে বুজাব পাৰে। তাঁতৰ শালত থকা বিহুৱানকেইখন কাটি হাতত লৈ বাহিৰলৈ ওলাই অহাৰ সময়তে কেতেকীজনীয়ে বিনালে ‘মই কেতেকী মই কেতেকী’। কিয় জানো তাইৰ মনটো হঠাতে বেজাৰে আৱৰি ধৰিলে। ভাব সাগৰত বিভোৰ হৈ থাকোঁতে তাইৰ ম'বাইলত এক মধুৰ ঝংকাৰ শব্দধ্বনিত তাইৰ তন্ময়তা ভাঙিল আৰু বহুত আশাৰে তাইৰ স্বামীৰ ফোনটো ৰিচিভ কৰি কিছু সময়ৰ বাবে চিন্তান্বিত হৈ পৰিল। ভিতৰলৈ সোমাই গ’ল হাতত থকা মৰমৰ বিহুৱানখন মৰমেৰে আকোঁৱালি লৈ সেইখন পঠিয়াই দিয়াৰ চিন্তাকে কৰিলে। দুধাৰি চকুলো বৈ গ’ল যদিও তাই গৌৰৱ অনুভৱ কৰে। তাইৰ স্বামীয়ে দেশ মাতৃৰ সেৱা কৰাৰ বাবেই নিজৰ জীৱন উছর্গা কৰিবলৈকো কুণ্ঠাবোধ নকৰে। আশা-প্রত্যাশাৰে ভৰা মনটোত স্বামীৰ ৰিংটন শুনাৰ পিচৰেপৰাই যেন এচপৰা ক’লীয়া ডাৱৰে ফৰকাল আকাশখন আৱৰি ধৰিলে। এই যেন আহোঁ আহোঁ এজাক বৰষুণ। তথাপিও স্বামীক এই দুখৰ বাৰ্তা প্ৰেৰণ নকৰি মাথোঁ দেশমাতৃৰ সেৱা কৰিবলৈ সাহসেৰে আগুৱাই যোৱাৰ প্ৰেৰণাহে যোগালে। এই মহান জোৱানসকলে নিজৰ পিতৃ-মাতৃ, পত্নী, সন্তান সকলোৰেপৰা আঁতৰি নিজৰ জীৱনৰ আনন্দ-উল্লাসৰ কথাও চিন্তা নকৰে। সঁচাকৈয়ে তেওঁলোক মহান। তেওঁলোকক আমি শত শত প্রণাম জনাওঁ।
Doksiri দকচিৰি, এপ্ৰিল, ২০২৫
No comments:
Post a Comment