সাম্প্ৰতিক সময়ত বহু গুৰুত্বপূৰ্ণ এটা বিষয় AI (Artificial intelligence) - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

সাম্প্ৰতিক সময়ত বহু গুৰুত্বপূৰ্ণ এটা বিষয় AI (Artificial intelligence)


 

সাম্প্ৰতিক সময়ত বহু গুৰুত্বপূৰ্ণ এটা বিষয় AI (Artificial intelligence)


মন্টুৰাম টাইদ 


    যোৱা ২০ জানুৱাৰীত চীনে কৃত্রিম বুদ্ধিমত্তাৰ প্লেটফর্ম ‘ডীপছিক’ৰ আনুষ্ঠানিক মুকলি কৰাৰ বিষয়ে ঘোষণা কৰাৰ লগে লগে সমগ্র বিশ্বতে হাহাকাৰ লাগিছে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত এতিয়ালৈকে দপদপাই থকা আমেৰিকাৰ আধিপত্যৰ পৰিসমাপ্তিৰ ঘোষণা কৰি চীনে এই প্লেটফৰ্ম মুকলি কৰাৰ লগে লগে এই ‘প্রযুক্তিৰ লগত জড়িত আমেৰিকাৰ বিভিন্ন প্রতিষ্ঠান যেনে গুগল, এনভিডিয়া, মেটা মাইক্ৰ’ছফট আদিৰ বজাৰ মূল্য হোৰাহোৰে হ্রাস হৈছে। পৰিস্থিতি এনে পর্যায় পাইছেগৈ যে এনভিডিয়াৰ বজাৰ মূল্য একেদিনাই ৫০ হেজাৰতকৈও অধিক হ্রাস পাইছিল। এনে পৰিবেশে এটা কথা স্পষ্টকৈ প্রতিষ্ঠা কৰিলে যে বিশ্বৰ দুখন শক্তিধৰ ৰাষ্ট্ৰ চীন আৰু আমেৰিকা প্রত্যক্ষভাবে এক তীব্র প্রযুক্তিগত যুঁজত অবতীর্ণ হৈ পৰিছে। দুয়োখন ৰাষ্ট্ৰই কৌশলগত, অর্থনৈতিক আৰু সামৰিক দৃষ্টিভংগীৰে উদ্ভাৱন কৰা এই দুয়োটা প্লেটফর্মে চীন আৰু আমেৰিকাৰ মাজত চলি থকা প্ৰযুক্তিৰ যুঁজখনত আধিপত্যৰ যুঁজ হিচাপে পৰিগণিত হৈছে। শাসন, নিৰাপত্তা, অর্থনৈতিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাই নির্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ যুগত বিশ্বই প্ৰৱেশ কৰাৰ লগে লগে এই প্রযুক্তিৰ ব্যাপক প্রভাৱ বিশ্বৰ ভূ-ৰাজনীতি আৰু অর্থনৈতিক স্থায়িত্বৰ ওপৰতো ঘনীভূত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছে। বর্তমান সময়ত কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনৰ গুৰুত্ব ইমানেই বৃদ্ধি পাইছে যে এনে ক্ষেত্রত অধিক গৱেষণা, আৰু উন্নয়নৰ বাবে চীনে ১৫০ বিলিয়ম মার্কিন ডলাৰ বিনিয়োগ কৰিছে আৰু আশা কৰিছে’ যে কৃত্রিম বুদ্ধিমত্তা পৰিচালিত উদ্যোগসমূহে ২০৩০ চনৰ ভিতৰত দেশৰ মুঠ ঘৰুৱা উৎপাদনলৈ ৬০০ বিলিয়ন মার্কিন ডলাৰৰ অৰিহণা আগবঢ়াব। একেদৰে আমেৰিকাৰ কৃত্রিম বুদ্ধিমত্তাৰ বজাৰখনৰ ২০২৩ চনত আছিল ২৯৯.৬৪ বিলিয়ন ডলাৰ আৰু ২০৩০ চনলৈকে এই মূল্যৰ যৌগিক বার্ষিক বৃদ্ধিৰ হাৰ হ'ব ৩৭.৩ শতাংশ।


ড’নাল্ড ট্রাম্পে দ্বিতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণ কৰাৰ পিচতে দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হ’ব পাৰে বুলি বহুতে আশংকা প্রকাশ কৰিছিল। যিদৰে ৰাষ্ট্ৰপতি ট্রাম্পে ‘আমেৰিকা প্রথম নীতি’ৰে সকলো ক্ষেত্রতে আমেৰিকাক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে, ইয়াৰ সমান্তৰালভাৱে চীনেও সকলো ক্ষেত্ৰতে আমেৰিকাক প্রত্যাহ্বান জনাই নিজৰ বাবে এক সুকীয়া পৰিক্ষেত্ৰ তৈয়াৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্রচেষ্টাত কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনো বাদ পৰি ৰোৱা নাই। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত দুয়োখন শক্তিধৰ ৰাষ্ট্ৰৰ মাজত সৃষ্টি হোৱা এই প্রতিযোগিতা কেৱল প্ৰযুক্তিৰ আধিপত্য বিস্তাৰৰ বাবেই সংঘটিত হোৱা নাই। বৰঞ্চ এই ডীপছিক আৰু চাট জিপিটিক লৈ সৃষ্টি হোৱা এই প্রতিযোগিতাৰ দ্বাৰা দুয়োখন ৰাষ্ট্ৰই গোলকীয় প্রভাৱ আৰু ভূ-ৰাজনৈতিক আধিপত্য বিস্তাৰৰ লক্ষ্যও স্থিৰ কৰি লৈছে। ইয়াৰ ফলত ডিজিটেল দ্বি-মেৰুযুক্ত এক নতুন ৰূপৰ বিশ্ব সৃষ্টি হৈছে, য’ত ৰাষ্ট্ৰসমূহে কেন্দ্ৰীভূত আৰু ৰাষ্ট্ৰ নিয়ন্ত্রণাধীন চীনৰ এআই পৰিবেশতন্ত্র নতুবা ব্যক্তিগত খণ্ডৰ নেতৃত্বত উদ্ভাৱন আৰু এক মুক্ত তথ্য গাঁথনিৰ প্রতি দায়বদ্ধ আমেৰিকাৰ কৃত্রিম বুদ্ধিমত্তাৰ আৰ্হিক আঁকোৱালি লোৱাৰ পৰিবেশ ৰচনা হৈছে। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কৃত্রিম বুদ্ধিমত্তাক লৈ সৃষ্টি হোৱা প্রতিযোগিতাৰ বহুমুখী প্ৰভাৱ বিদ্যমান। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ শংকাটো হ’ল- সামৰিক আৰু চোৰাংচোৱাৰ উদ্দেশ্যত কৃত্রিম বুদ্ধিমত্তাৰ ব্যাপক ব্যৱহাৰ।


    যিহেতু চীন আৰু আমেৰিকা উভয়ে নিজস্ব সামৰিক শক্তি বৃদ্ধিৰ উদ্দেশ্যত ব্যাপক বিনিয়োগ কৰিছে, গতিকে কৃত্রিম বুদ্ধিমত্তা পৰিচালিত সংঘাতৰ আশংকাও বৃদ্ধি পাইছে। দুয়োখন ৰাষ্ট্ৰ কৃত্রিম বুদ্ধিমত্তা নিয়ন্ত্রিত ড্রোন, ৰবটিক যুদ্ধৰ গোট আৰু নিজাব্বীয়া চাইবাৰ সুৰক্ষা ব্যৱস্থাৱলী প্রয়োগে নৈতিক আৰু কৌশলগত দ্বিধাগ্রস্ততাৰ সৃষ্টি কৰিছে। তদুপৰি এই দুয়োখন ৰাষ্ট্ৰই কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত ভুল তথ্য বিয়পাই দিয়া, জনমত আৰু ৰাজহুৱা বাগধাৰাক নিজৰ স্বাৰ্থ অনুকূলে পৰিবৰ্তন সাধন কৰাৰ বাবে সক্ষম হৈ উঠাৰ বাবেই গোলকীয় ভূ-ৰাজনৈতিক পৰিবেশক অধিক ভয়াৱহ কৰি তোলাৰ আশংকা ঘনীভূত হৈছে। যিসময়ত ডিজিটেল অপপ্ৰচাৰ আৰু ডিপফেক প্রযুক্তি দিনক দিনে অত্যাধুনিক হৈ পৰিছে, তেনে সময়ত কৃত্রিম বুদ্ধিমত্তাৰ সহায়ত গোলকীয় ধাৰণাসমূহৰ পৰিবৰ্তন সাধন কৰা, বিভিন্ন ৰাষ্ট্ৰ নিৰ্বাচনসমূহ প্ৰভাৱিত কৰা বা বিভিন্ন ৰাষ্ট্ৰৰ চৰকাৰসমূহক অস্থিৰ কৰি তোলাটো সাধাৰণ কথা হৈ পৰিছে।


   কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰৰ বাবে চীনে যি আগ্রাসী নীতি গ্রহণ কৰিছে, তাৰেই অংশ হিচাপে বেল্ট এণ্ড ৰোড পদক্ষেপৰ জৰিয়তে উন্নয়নশীল ৰাষ্ট্ৰসমূহক কৃত্রিম বুদ্ধিমত্তা পৰিচালিত পৰিবেশতন্ত্ৰৰ লগত সংযোজিত কৰিবলৈ উঠি-পৰি লাগিছে। এই প্ৰযুক্তিৰ ক্ষমতাৰে আন্তঃগাঁথনি উন্নয়ন, নিৰীক্ষণৰ ব্যৱস্থাৱলী আৰু স্মার্ট চিটি প্রযুক্তি প্ৰদান কৰি চীনে সমগ্র এছিয়া, আফ্রিকা আৰু লেটিন আমেৰিকাৰ ৰাষ্ট্ৰসমূহৰ মাজত প্রযুক্তিগত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে ক্রমাগতভাবে শক্তিশালী হৈ উঠা বেইজিঙৰ ভু-ৰাজনৈতিক প্ৰভাৱ আৰু প্ৰত্যাহ্বানে পাশ্চাত্যৰ পৰম্পৰাগত অৰ্থনৈতিক আধিপত্যক দুৰ্বল কৰি তোলাৰ আশংকাও বৃদ্ধি কৰিছে। চীনৰ এনে আধিপত্যক বাধা দিবৰ বাবে আমেৰিকাই বিভিন্ন প্রচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে। বর্তমান সময়ত কৃত্রিম বুদ্ধিমত্তাৰ পেটেন্ট, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ আৰু প্রযুক্তিগত নিয়মৰ যুদ্ধখন আমেৰিকা-চীনৰ বাণিজ্যিক সম্পৰ্কৰ এক মূল বৈশিষ্ট্য হৈ পৰিছে। কৃত্রিম বুদ্ধিমত্তা সম্বন্ধীয় প্রযুক্তিসমূহ চীনৰ প্রতিষ্ঠানলৈ ৰপ্তানিৰ ক্ষেত্ৰত আমেৰিকাই কঠোৰ বাধা-নিষেধ আৰোপ কৰা পদক্ষেপে এই প্রযুক্তিগত সংগ্ৰামৰ লগত নিহিত হৈ থকা অর্থনৈতিক যুঁজখনকো প্রতিফলিত কৰিছে। এই প্রযুক্তিৰ বাবে প্ৰয়োজনীয় উন্নত মানৰ চিপ আৰু ছফটৱেৰ যাতে চীনে হস্তগত কৰিব নোৱাৰে, তাৰ বাবে আমেৰিকাই গ্ৰহণ কৰা কৌশলক প্রত্যাহ্বান জনাই চীনে নিজাববীয়াকৈ অর্ধ-পৰিবাহী নির্মাণ আৰু কৃত্রিম বুদ্ধিমত্তাৰ প্ৰযুক্তি উদ্ভাৱন কৰাৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীলতা অর্জন কৰিবলৈ অবিৰতভাৱে প্রয়াস চলাই আহিছে। এনে প্রচেষ্টাৰ ফলতেই চাট জিপিটিতকৈ যথেষ্ট কম বিনিয়োগৰ জৰিয়তে চীনে নিজা কৃত্রিম বুদ্ধিমত্তাৰ প্লেটফর্ম ডিপচিক উদ্ভাৱন কৰিবলৈ সমৰ্থ হ’ল।


ডীপছিক আৰু চাট জিপিটিক লৈ সৃষ্টি হোৱা প্রযুক্তিৰ যুঁজখনে গোলকীয় শাসন আৰু ডিজিটেল সাৰ্বভৌমত্বৰ ওপৰতো ব্যাপক প্ৰভাৱ বিস্তাৰ কৰাৰ সম্ভাৱনা আছে। তথ্যৰ গোপনীয়তা, কৃত্রিম বুদ্ধিমত্তাৰ নৈতিকতা আৰু নিয়ামক পৰিকাঠামোসমূহক চীন আৰু আমেৰিকাৰ দ্বাৰা পৰিবেশিত কৃত্রিম বুদ্ধিমত্তাৰ শাসনৰ আৰ্হিয়ে গঢ় দিব। চীনৰ কৃত্রিম বুদ্ধিমত্তাৰ নিয়মসমূহ সম্পূৰ্ণৰূপে কেন্দ্রীভূত, যিয়ে তথ্য আৰু ডিজিটেল পৰিকাঠামোৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণৰ পোষকতা কৰে। ইয়াৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই এই প্ৰযুক্তিৰ বিকাশৰ ক্ষেত্ৰত বিকেন্দ্রীকৃত আৰু বজাৰ পৰিচালিত নীতিৰ পোষকতা কৰে। নীতিৰ ক্ষেত্ৰত থকা এনে বৈসাদৃশ্যই আন্তঃৰাষ্ট্ৰীয় সংস্থানসমূহক প্ৰভাৱিত কৰাৰ সমান্তৰালভাৱে বিভিন্ন আঞ্চলিক সংগঠন- ইউৰোপিয়ান ইউনিয়ন, আফ্রিকান ইউনিয়ন বা এছিয়ান আদিৰ নীতি ওপৰতো প্রভাৱ বিস্তাৰ কৰিব। যিহেতু চীন আৰু আমেৰিকাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ শাসনৰ লগত অন্যান্য ৰাষ্ট্ৰসমূহে নিজকে সংলগ্ন কৰি ল'বলগীয়া হৈছে এনে প্রেক্ষাপটত ৰাষ্ট্ৰসমূহে কৃত্রিম বুদ্ধিমত্তাৰ উদ্ভাৱনৰ সৈতে নৈতিক আৰু আইনী সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বানসমূহৰ লগতো মোকাবিলা কৰিবলগা হৈছে।


   ডীপছিক আৰু চাট জিপিটিক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যুঁজখন ক্ৰমাৎ তীব্ৰ হৈ পৰাৰ লগে লগে সমগ্র বিশ্বৰ ভৱিষ্যৎ অনিশ্চয়তাৰ গৰাহত সোমাই পৰাৰ উপক্ৰম হৈছে। ভু-ৰাজনৈতিক কৌশল, অর্থনৈতিক সিদ্ধান্ত গ্রহণ আৰু সামৰিক ব্যৱস্থাৱলীৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাৰ ওপৰত বাঢ়ি অহা নিৰ্ভৰশীলতাৰ বাবেই ইয়াৰ পৰিচালনৰ ক্ষেত্ৰত গোলকীয় - সহযোগিতাৰ প্ৰয়োজনীয়তা আহি পৰিছে।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages