নদী আৰু ইতিহাস - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

নদী আৰু ইতিহাস

 



নদী আৰু ইতিহাস


পদ্মেশ্বৰ নৰহ 

ৰাংকপ, ধেমাজি


    পৃথিৱীত মানৱ সভ্যতাৰ আৰম্ভণি নদীৰ পাৰতে হৈছিল। পৃথিৱীৰ আটাইতকৈ পুৰণি চাৰিটা মানৱ সভ্যতাৰ ভিতৰত সিন্ধু সভ্যতা এক অন্যতম। সেই নদী এটি জীৱন্ত ইতিহাসৰ দৰে, যিয়েই তাৰ অতি অতীতৰ আপোনজনক যেন কেতিয়াওঁ‌  নাপাহৰে। 

    যিসকল মানৱ গোষ্ঠী পোন প্ৰথমে এই নদীৰ সৈতে আপোন হৈ পৰিছিল তেওঁলোকেও কিবা এক দান দি যায় তেওঁলোকৰ প্ৰিয় নদীক। পিছৰ কালত অহা আন মানৱ গোষ্ঠীয়ে পূৰ্বৰ মানৱ গোষ্ঠীৰ দ্বাৰা মতা নামেৰে এই নদীক সম্বোধন কৰে। 

   উদাহৰণ স্বৰূপে অসমৰ নদীৰ ক্ষেত্ৰত - দিচাং ইয়াত দি – পানী বুজোৱা ডিমাছা/বড়ো মূলৰ শব্দ আৰু আং–পানী বুজোৱা খাচীয়া শব্দ। ইয়াৰ পৰা ধাৰণা কৰা হয় যে পোনপ্ৰথমে এইটো ঠাইত খাচীয়া সকলে বসতি কৰিছিল তাৰ পাছত বড়োসকলে বসতি কৰিছিল।

    অৱশ্যে ইয়াত এটা কথা উল্লেখ কৰিব পাৰি যে দিচাংৰ ‘চ’ উচ্ছাৰণটো মংগোলীয় মূলৰ মিচিং, গাৰোৰ  পানী বুজোৱা শব্দ - চি ৰ পৰা আহিব পাৰে।  – দিচিআং তাকে সহজকৰণত দিচাং বুলি পিছত জনাজাত হ’ল বুলি ধাৰণা কৰিব পাৰি। এই হিচাপত মিচিং, গাৰো সকলো অসমৰ অতি প্ৰাচীন অধিবাসীসকল। দৈয়াং ৰ ক্ষেত্ৰত দৈ/ দয় - বড়ো আৰু আং খাচীয়া।

দিবাংৰ ক্ষেত্ৰত দি (বড়ো), আব (প্ৰাকৃত), আং (খাচীয়া) ছিয়াং – ছি (তানি), আং (খাচীয়া) ।

সোৱণশিৰি (অবনৰি), ধনশিৰি আদিত ৰি পানী বুজোৱা দ্ৰাবিড় শব্দ (এৰি), গতিকে ধাৰণা কৰিব পাৰি যে এই ভূখণ্ডত প্ৰাচীন কালত দ্ৰাবিড়মূলৰ প্ৰভাৱ আছিল।

    সোৱণশিৰিক মিচিং সমাজত অবনৰি বুলি জনা যায়, হয়তো অবনৰিৰ সংস্কৃতকৰণত সোৱণশিৰি হ’ব পাৰে। 

যিহেতু সোণ অকল সোৱণশিৰিতে পোৱা নাছিল ব্ৰহ্মপুত্ৰ, ডিক্ৰং, বৰা পানী, দিহং, বুঢ়িদিহিং আদিতো সোণ পোৱা গৈছিল। অসমৰ বণিয়া, কৈৱৰ্ত সম্প্ৰদায় দ্ৰাবিড়ৰ সংস্কৃতিৰ সৈতে প্ৰাচীন যোগসূত্ৰ আছে। হয়তো সিন্ধু সভ্যতাৰ কালছোৱাত বণিয়া, কৈৱৰ্তসকল দ্ৰাবিড়ৰ লগত সমন্বয়ৰ প্ৰভাৱ। 

   বণিয়া সকলক সিন্ধু সভ্যতা দেশৰ বণিক শ্ৰেণী আছিল বুলি ধাৰণা কৰা হয়, যিসকলে সিন্ধু পতনৰ পাছতো বেপাৰ কোনো মতে জীয়াই ৰাখিছিল। পণি শব্দটো বণিকৰ শিপা শব্দ যিটো বণিয়া শব্দৰো শিপা শব্দ। সংস্কৃতত মুদ্ৰাক পণ আৰু বস্তু সামগ্ৰীক পণ্য বুলি কোৱা হয়। যিহেতু সিন্ধু সভ্যতাৰ মূল চালিকাশক্তি বেপাৰ আছিল ফলত এই শব্দবোৰ সংস্কৃতত এনেকৈয়ে স্থান পালে। (Discovery of india) সিন্ধু উপত্যকা সভ্যতাৰ পতনৰ পাছত দ্ৰাবিড়ৰ গোষ্ঠীৰ ঘাইভাগ দক্ষিণত বসতি বিস্তাৰ কৰিল আৰু কিছু অংশ দেশৰ আন আন অংশত বসতি স্থাপন কৰিল, তাৰে ভিতৰত অসমলৈ বণিয়া আৰু কৈৱৰ্ত সকল আহিল। যেনেকৈ গোদাবৰী, কাবেৰী আদিত ৰী একেদৰে অৰ্থ বহন কৰে। ঋগবেদৰ‌ দ্বাৰা চিহ্নিত নদী যেনে sutudri, vitasta আদিৰ ri, ta (ta-neer) আদি পানী বুজোৱা দ্ৰাবিড় শব্দ। গতিকে নিশ্চয় অতি প্ৰাচীন কালত দ্ৰাবিড়মূলৰ বসতি এইবোৰ ঠাইত আছিল। হিমালয়ক ঋগ্বেদত   ‘himavanta’ বুলিহে উল্লেখ কৰিছে। হিমালয় নামটো হয়তো হিম মালাই, মালাই/মালায় পৰ্বত বুজোৱা তামিল শব্দৰ পৰাওঁ বিকশিত হৈছিল বুলি ধাৰণা কৰিব পাৰি, যেনেকৈ আনাইমালাই, মাৰুনথুবাল মালাই আদি দক্ষিণ ভাৰতৰ পৰ্বতৰ নাম। 

   ঠিক সেইদৰে গোমটি, ইৰাবটি আদিৰ টি  মংগোলীয় মূলৰ পানী বুজোৱা শব্দ গতিকে এইবিলাক ঠাইত প্ৰাচীন কালত মংগোলীয় মূলৰ মানুহ বসতি কৰিছিল, যিহেতু সিন্ধু সভ্যতাৰ এলেকাত মংগোলীয়ৰ নৰ কংকাল উদ্ধাৰ হৈছিল। সেইদৰে পাৰা মোন্দা, অষ্ট্ৰিক প্ৰজাতিৰ লোকসকলৰ পানী বুজোৱা শব্দ যেনে da, mu আদিৰে সংযোগ নদীৰ নামো ঋগ্বেদত উল্লেখ আছে। 

আফগানিস্তানৰ অতি পুৰণি জনজাতি পশতুন (pashtun)ৰ পানী বুজোৱা শব্দ হ’ল অবা (oba) আৰু ঋগ্বেদৰ দ্বাৰা উল্লেখিত কোবা (kuba) নদী বৰ্তমানৰ কাবুল নদী, এই জনজাতিৰ পৰা আহিছে। পশতুনক ঋগ্বেদত পাখটা জন বুলি উল্লেখ কৰিছে। গতিকে পশতুন জাতি সিন্ধু সভ্যতাৰ সময়ছোৱাতো তাৰে অধিবাসী আছিল বুলি ধাৰণা কৰিব পাৰি।


উৎসঃ ইন্টাৰনেট


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages