পুৰুষ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

পুৰুষ

 


পুৰুষ


                   মূল হিন্দী কবিঃ ৰঞ্জিতা সিং 

                 ভাৱানুবাদঃ নমিতা তালুকদাৰ

                                    বৰপেটাৰোড


পুৰুষসকলৰ ভীৰৰ মাজেৰে

মই আসক্তিহীন ভাৱে 

ঠিক তেনেদৰেই আহি আছোঁ 

যেন যান- জঁটত ফচি ৰোৱা 

কোনো সাধাৰণ মানুহ 


এয়া যেন এক বিচিত্ৰ সংযোগ,

স্ত্ৰী হৈয়ো পুৰুষৰ মাজত 

পুৰুষৰ মাজেৰেই অতিক্ৰমি আহিছোঁ

ভৰ-দুপৰীয়া,  দিন-ৰাতি

মোক কটাক্ষ কৰা 

সহস্ৰ পুৰুষৰ দৃষ্টিত 

মই নিজকে নিঃসন্দেহে এটা

ভুল জতুৱা ঠাঁচৰ ৰূপত পাইছো


পৃথিৱীৰ অজস্ৰ ভীৰৰ মাজত

এতিয়াও স্ত্ৰীতকৈ বেছি পুৰুষ আছে

আৰু আজিৰ পৰা বিশ বছৰ আগতে

এনেকুৱা কোনো এখন চহৰতে

মই নিৰ্ভয়ে খোজ দিছিলোঁ

য’ত ‘স্ত্ৰী’ক ‘স্ত্ৰী’ৰ দৰে চোৱাৰ 

পৰামৰ্শও ল’ব নোৱাৰিছিল 

তাৰ পুৰুষবোৰে

বহুদিনলৈ চেঁপা উত্তেজনাৰে

কোলাহল বিয়পি থাকিল 

চহৰৰ আশে-পাশে 

আৰু চ’ক - চাৰিআলিত


হঠাতে ফুটা বেলুনটোৰ দৰে

কিছু উদ্বেগ আৰু চিন্তা 

ঠিক কাণৰ তলত আহি পৰিলহি

আৰু চিন্তাবোৰ ককাঁললৈকে পৰা

বেণীডালত ফচি ফচি

পিঠিত আচোঁৰ বিয়পাই দিলে 


ককাঁললৈকে পৰা বেণীডাল

কান্ধত পৰাকৈ ‘থ্ৰী ষ্টেপচ্’ত কাটি

সেই চিন্তাবোৰৰ খোঁচৰ পৰা

মই মুক্ত হোৱাৰ চেষ্টা কৰিছোঁ 

চিন্তাবোৰ পিছলি ঢপকৈ মাটিত 

সৰি পৰিল

পৰি থকা চিন্তাবোৰ মই 

অতিশয় সূক্ষ্ম দক্ষতাৰে 

মষিমূৰ কৰি আগুৱাই গ’লোঁ


পুৰুষৰ পৃথিৱীত পিঠি চিৰা-চিৰ কৰা 

ভীৰৰ মাজেৰে 

প্ৰতিদিন অতিক্ৰম কৰোতে 

হঠাতে লগ পালোঁ

স্ত্ৰীতকৈয়ো কোমল 

আৰু সখীতকৈয়ো আপোন

কিছু বিশ্বাসী আৰু প্ৰবুদ্ধ পুৰুষ

তেনে কিছু পুৰুষৰ বাবেই 

শুকাই গৈ থাকিল ভৰিৰ ফোঁহা 

নিচিহ্ন হৈ আহিল পিঠিৰ আচোঁৰ 

উপলব্ধ হ’ল 

জীয়াই থাকিব পৰা প্ৰশান্তি 


কোনো পুৰুষৰ চকুতেই 

মই প্ৰথমবাৰ দেখিছিলোঁ 

নিজৰ শিলৰ দৰে ব্যক্তিত্ব 

আৰু সংকল্প লৈছিলোঁ

কেতিয়াও ভাগি নপৰাৰ 

কোনো পুৰুষৰ বাৎসল্য ভৰা

হাতেই মোক চম্ভালি লৈছিল 

সকলো আঘাতত


সেই কিছুসংখ্যক পুৰুষেই 

মোক শিকালে যে-

পৃথিৱীখন কেৱল 

ভীৰৰ সমাহাৰ নহয়

আৰু ‘স্ত্ৰী’ হোৱাটো

কোনো অপৰাধ নহয়

সেই পুৰুষ সকলেই দিছে মোক

মানুহ হোৱাৰ সন্মান, বিশ্বাস 

আৰু

‘মৈত্ৰী’ৰ নিচিনা শব্দ 

তেওঁলোকক লগ পায়েই 

সাৰ্থক হ’ল

সেই হাতবোৰে সদায়েই 

শুদ্ধ পথলৈ মোক

ইংগিত কৰি আহিছে

মোৰ এটা উচুপনিতেই 

সজল হৈ উঠা এই সহনশীল 

পুৰুষ সকলেই বচাই আহিছে 

মোৰ খণ্ডিত হ’ব ধৰা আত্মবল

নিজৰ নিৰুপায় অৱস্থাত 

চিঞৰি চিঞৰি কান্দিবৰ পৰত

মই নেদেখো তেওঁলোক যে পুৰুষ 


পুৰুষৰ ভীৰৰ মাজেৰে 

আসক্তিহীন ভাৱে পাৰ হওঁতে 

মই বহুবাৰ ৰৈ দিছোঁ তেনে 

বহু পুৰুষৰ কাষত

যি ভিতৰৰ পৰা স্ত্ৰী আছিল 

আৰু আচৰণত সম্পূৰ্ণ মানুহ।।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages