আজিও নগজা কবৰৰ ঘাঁহনিডৰাত
ৰুদ্র সিংহ মটক
গুৱাহাটী
ধর্ষিতা মোৰ বেলিফুলৰ স্বপ্ন মোৰ স্বাধীনতা
ধর্ষিতা মোৰ ভালপোৱাৰ সাদৰী স্বদেশ
যাতনাৰ হেজাৰ সাপে খুটি খুটি নীলা কৰিছে ধমনীৰ
তেজ নীলা কৰিছে মোৰ শৰীৰ, এনেকি মোৰ নাভি-নক্ষত্র
কি আচৰিত।
মোৰ নাভিত মাটি ভাঙি শিল ভাঙি গজি উঠিছে
ন পাহ নীল ধতুৰাৰ ফুল
গলগাথাৰ গণিব নোৱৰা লাওখোলাবোৰত
নগজা তিছিৰ গুটি নেদখা বেলিৰ বীজ
শব্দৰ দুখ শব্দৰ কলিজাৰ ধাতৱ চকুপানী
কবিৰ হাতৰ কলমে মচিব পাৰে জানো কাহানিবা ?
লৰ্কাৰ দৰে গীতাৰ বজাই পুৱাৰ বেলিটোলৈ চাই
জলফাই বনৰ মাজে মাজে খোজ কাঢ়িব পৰা হ’লে।
জীয়া তেজ এডোঙাত চিৎকাৰ কৰি থকা কবিৰঞ্জনৰ কলমে
ধর্ষিতা স্বাধীনতাৰ চকুপানীৰ কথাকে ক’লে
আকাশ এখন বিচাৰি আধৰুৱা কবিতাটোৱে হাহাকাৰ কৰিছে মোৰ মৃত তেজত, মোৰ দুশ ছড়াল হাড়ত
আজিও নগজা
কবৰৰ ঘাঁহনিডৰাত
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment