তিৱা মাথন্‌লাই তথ্ৰাৰ প্ৰতিষ্ঠাপক উদ্ধৱচন্দ্ৰ সেনাপতিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

তিৱা মাথন্‌লাই তথ্ৰাৰ প্ৰতিষ্ঠাপক উদ্ধৱচন্দ্ৰ সেনাপতিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ




 

তিৱা মাথন্‌লাই তথ্ৰাৰ প্ৰতিষ্ঠাপক উদ্ধৱচন্দ্ৰ সেনাপতিক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ 


মহেশ্বৰ পাতৰ


   ১৯৭৯ চনত সদৌ অসম ছাএ সন্থাৰ নেতৃত্বত পৰিচালিত হোৱা ছবছৰীয়া অবৈধ বিদেশী নাগৰিক বিতাৰণ আন্দোলনৰ ভৰপক সময়ছোৱাত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীয় সংগঠনসমূহে স্বকীয় ঐতিহ্য, ভাষিক-সাংস্কৃতিক অস্তুিত্বৰ প্ৰতি ভাবুকি অহাৰ শঙ্কাত ভূগি তেওঁলোকেও অসম আন্দোলনৰ সমান্তৰালকৈ নিজ নিজ জনগোষ্ঠীক আগবঢ়াই নিয়াৰ ক্ষেএত বিশেষ ভূমিকা পালন কৰিছিল। উক্ত সময়ছোৱাত অন্য জনগোষ্ঠীয় সংগঠনসমূহৰ দৰে তিৱাসকলৰ একমাএ অৰাজনৈতিক সংগঠন সদৌ অসম তিৱা সন্মিলনৰ ভূমিকা যথেষ্ট প্ৰশংসনীয় আছিল। সন্মিলনৰ সৈতে জড়িত সন্মানীয় বিষয়ববীয়াসকল পিছপৰা তিৱা জনগোষ্ঠীটোৰ অৰ্থ-সামাজিক সমস্যাসমূহ সমাধানৰ ক্ষেএত অভিভাৱক হিচাপে নেতৃত্ব দি আছিল ।

    ঠিক তেনে সন্ধিক্ষণতে স্বকীয় ভাষা-কৃষ্টি-সংষ্কৃতিৰ প্ৰতি সদা সচেতন কেইগৰাকীমান মহান ব্যক্তিৰ চিন্তাধাৰাৰে তিৱা জাতিৰ ভাষা-কৃষ্টি-সংষ্কৃতিৰ ক্ষেএখন পুনৰ উদ্ধাৰ আৰু বিকাশৰ বাবে এখন মঞ্চৰ প্ৰয়োজন অনুভৱ কৰিছিল। এই মঞ্চখন গঠন আৰু নামাকৰণৰ বাবে বহুকেইখন সভা সমিতি পাতি আলোচনা অনুষ্ঠিত কৰি ১৯৮১ চনৰ ২৫, ২৬ জুলাই তাৰিখে শিলচাঙৰ ৰজাচ'ৰা প্ৰাঙ্গণত অনুষ্ঠিত অভিৱৰ্তনত  উদ্ধৱ চন্দ্ৰ সেনাপদেৱক সভাপতি, দেৱেন চন্দ্ৰ বৰদলৈক উপ-সভাপতি আৰু স্বাধিন বৰদৈলক সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰি তিৱা মাথন্‌লাই তখ্ৰা নামাকৰেণেৰে আত্মপ্ৰকাশ কৰে ।

    এইখিনিতে এই অনুষ্ঠানটো জন্মৰ আঁৰৰ চিৰস্মৰণীয় মূল উদ্যোক্তাসকল হ’ল – স্বাধীন বৰদলৈ, নোমল বৰদলৈ, মহীৰাম বৰদলৈ, চন্দ্ৰসিং বৰদলৈ, দেৱেন চন্দ্ৰ বৰদলৈ, মহৎসিং পাতৰ, গোলেশ্বৰ পাতৰ, ৰামসিং পাতৰ, ইন্দ্ৰসিং দেউৰী, মহেশ্বৰ পাতৰ, অকন আমছি ইত্যাদি। অসম আন্দোলনৰ ভৰপক সময়ছোৱাত স্কুল-কলেজসমূহ সম্পূৰ্ণ বন্ধ হৈ পৰাত আমাৰ বিশেষ কৰণীয়া কাম নথকাত আমিবোৰ বিশেষকৈ স্বাধীন বৰদলৈ, নোমল বৰদলৈ, দেৱেন চন্দ্ৰ বৰদলৈ, মহৎসিং পাতৰ, সূভেন বৰদলৈ, কুলাসিং সেনাপতি, বিপিন চন্দ্ৰ পাতৰ সহিতে প্ৰায়েই সেনাপতিদেৱৰ ঘৰটোতেই আমাৰ আলোচনাবোৰৰ মূল কেন্দ্ৰ আছিল। তেখেতক আমি সদায় পৰামৰ্শদাতা হিচাপে সন্মান জনাই আহিছিলোঁ। তেখেতৰ দিহা-পৰামৰ্শই আমাক কাম কৰি যোৱাত যথেষ্ট সাহস দিছিল। তথ্ৰাৰ কাৰ্যনিৰ্বাহক সভাই প্ৰস্তুাৱযোগে পৃৰ্ণাংগ সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লয়। সিদ্ধান্তমৰ্মে মৰিগাওঁ জিলাৰ এজাৰবাৰী অঞ্চলৰ সমূহ তিৱা ৰাইজৰ অকুণ্ঠ সহায়মৰ্মে জোৰদাৰ অধিৱেশনৰ প্ৰস্ততি চলে।

     ১৯৮৫ চনৰ ৯ আৰু ১০ ফেব্ৰুৱাৰীত এজাৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত তিৱা মাথন্‌লাই তথ্ৰাৰ প্ৰথম সাধাৰণ অধিবেশন খন অনুষ্ঠিত হয়। উক্ত অধিবেশনত প্ৰতিনিধি সভাত বিষয় মানি সভাত পুনৰ উদ্ধৱ সেনাপতিদেৱক সভাপতি আৰু নাৰায়ণ কুমাৰ ৰাডুকাকতিদেৱক সম্পাদক হিচাপে মনোনীত কৰে। উক্ত অধিৱেশনৰ পৰাই তিৱা মাথন্‌লাই তখ্ৰা কাল অমানিশা নামি আহিল। তাৰপিছত সুদীৰ্ঘ দহ বছৰে দ্বিতীয়খন অধিবেশন অনুষ্ঠিত কৰিব নোৱাৰিলে, সেইটোতে তেথেতৰ মনৰ কথাখিনি প্ৰকাশ কৰে। তেখেতে নতুন প্ৰজন্মক তেখেতৰ অক্লান্ত পৰিশ্ৰমৰ ফল হিচাপে জন্ম দি থৈ যোৱা অনুষ্ঠানটোক পুনৰ গতিশীল কৰিবৰ বাবে সদায় আহ্বান জনাই আহিছিল। তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সদৌ তিৱা ছাএ সন্থা, তিৱা সাংস্কৃতিক সমাজ, সদৌ তিৱা মহিলা সন্থাৰ যৌথ প্ৰচেষ্টাত ১৯৮৫ চনত ৩০, ৩১আৰু ১ এপ্ৰিল তাৰিখে জাগীৰোডৰ ৰজা ৰাইসিং ক্ষেএত দ্বিতীয় সাধাৰণ অধিবেশনখন জাকজমকতাৰে অনুষ্ঠিত কৰা হয় আৰু তেতিয়াৰে পৰা ক্ৰমান্বয়ে গতিশীল ৰূপ পাই আজিৰ অৱস্থা পাবলৈ সক্ষম হৈছে। গতিকে আজি তিৱা মাথন্‌লাই তখ্ৰাৰ অধিবেশনৰ দিনা তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ বিদেহি আত্মাই চিৰশান্তি লাভ কৰক আৰু তেওঁ যতে আছে তাৰেই পৰাই তিৱা জাতিটোৰ কৰ্মকৰ্তাসকলক সাহস, প্ৰেৰণা ও আশীৰ্বাদ দি থাকক তাৰে কামনাৰে।


Doksiri দকচিৰি, মে, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages