সাম্প্ৰতিক সময়ত শ্ৰীমদ্ভগৱদ-গীতাৰ লোকসংগ্ৰহ আদৰ্শৰ প্ৰাসংগিকতা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Thursday, May 1, 2025

সাম্প্ৰতিক সময়ত শ্ৰীমদ্ভগৱদ-গীতাৰ লোকসংগ্ৰহ আদৰ্শৰ প্ৰাসংগিকতা


 

সাম্প্ৰতিক সময়ত শ্ৰীমদ্ভগৱদ-গীতাৰ লোকসংগ্ৰহ আদৰ্শৰ প্ৰাসংগিকতা


ড° দেৱজিৎ পেগু


পৰিচয়মূলক সূচনা


    শ্ৰীমদ্ভগৱদ-গীতা হৈছে বৈদিক সভ্যতা-সংস্কৃতিৰ অমূল্য আধ্যাত্মিক সম্পদ। এই পৱিত্ৰ শাস্ত্ৰত মানৱজাতিৰ মনুষ্যত্বৰ উৎকৰ্ষ সাধনৰ উৎকৃষ্ট পন্থা অতি স্পষ্টকৈ ব্যাখ্যা কৰা হৈছে। মনুষ্যত্বৰ পূৰ্ণতা সাধন প্ৰত্যেকগৰাকী মহান পুৰুষৰ মানৱীয় জীৱনৰ উদ্দেশ্য। সাধাৰণতে, মানৱীয় সত্ত্বাত পাঁচটা অনিবাৰ্য পৰ্যায় পৰিলক্ষিত হয়। এইবোৰ হৈছে – শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক আৰু আধ্যাত্মিক। এই পৰ্যায়সমূহৰ সু-সমন্বয় সাধন কৰি শৃংখলিত জীৱন যাপন কৰাত মহান ব্যক্তিসকলৰ বাণী আৰু জীৱনত প্ৰতিষ্ঠা কৰা নীতি-আদৰ্শই বিশেষ ভূমিকা পালন কৰে। ভগৱদ-গীতাৰ চিন্ময় জ্ঞান আৰু অহৈতুকী প্ৰেম-ভক্তিক গুৰু-শিষ্য পৰম্পৰাৰ যোগেদিহে আয়ত্ত্ব কৰিব পাৰে বুলি ভগৱদ-গীতাৰ চতুৰ্থ অধ্যায় জ্ঞানযোগৰ ১ আৰু ২ নং শ্লোকতত এইদৰে ব্যক্ত কৰা হৈছে –

ইমং ৱিৱস্বতে য়োগং প্ৰোক্তৱানমৱ্যয়ম।

ৱিৱস্বান মনৱে প্ৰাহ মনুৰিক্ষাকৱেব্ৰৱীৎ।।৪।।১।।

এৱং পৰম্পৰাপ্ৰাপ্তমিমং ৰাজৰ্ষয়ো ৱিদুঃ।

স কালেনেহ মহতা য়োগো নষ্টঃ পৰন্তপ।।৪।।২।। 

অৰ্থাৎ এই চিৰন্তন যোগতত্ত্বৰ বিষয়ে মই সূৰ্যদেৱতা ৱিৱস্বানক ক’লো, ৱিৱস্বানে মানৱ জাতিৰ পিতৃ মনুক ক’লে, আৰু মনুৱে ইক্ষ্বাকুক ক’লে। ভগৱদ-গীতাৰ তত্ত্বজ্ঞান এনে এটা গুৰু-শিষ্য পৰম্পৰা ক্ৰমে লাভ কৰিয়েই ৰাজৰ্ষিসকলে হৃদয়ঙ্গম কৰি আহিছে। কিন্তু প্ৰায় বহুদিনৰ ব্যৱধানৰ ফলত এই পৰম্পৰা বিচ্ছিন্ন হোৱাৰ বাবে সেই এতিয়া প্ৰায় লোপ পাই গৈছে।

      চিন্ময় জ্ঞানে মানৱক বিশুদ্ধ প্ৰেম-ভক্তিৰ দিশলৈ আগুৱাই নিয়ে আৰু এই প্ৰেম-ভক্তিক গুৰু-শিষ্য পৰম্পৰাৰ মাধ্যমেৰে চৰ্চা কৰি অনুশীলন কৰিলে মানৱাত্মাই এই জীৱনতে ভগৱন্তৰ প্ৰেমময় সান্নিধ্য লাভ কৰি সৰ্বাংগ সুন্দৰ জীৱন যাপন কৰিব পাৰে বুলি নিশ্চয়তা শ্ৰীমদ্ভগৱদ-গীতাত ভগৱান শ্ৰীকৃষ্ণই প্ৰদান কৰিছে। 

    বৈদিক সভ্যতা-সংস্কৃতিৰ শাশ্বত সাক্ষী বহনকাৰী আৰু দাৰ্শনিক তথা আধ্যাত্মিক চেতনাৰে পৰিপক্ক পৱিত্ৰ ধৰ্মশাস্ত্ৰ তথা দাৰ্শনিক গ্ৰন্থ শ্ৰীমদ্ভগৱদ-গীতাত মূলতঃ ছটা বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰিছে। এইবোৰ হৈছে –

১/ জীৱাত্মা 

২/ ভগৱান 

৩/ প্ৰকৃতি 

৪/ কাল 

৫/ কৰ্ম আৰু 

৬/ সাধন মাৰ্গ। 

পৰমসত্যৰ যথাৰ্থ মূৰ্ত স্বৰূপ হৈছে ভগৱান আৰু এই ভগৱানৰ অবিচ্ছেদ্য অংশ হৈছে জীৱাত্মা। এই জীৱাত্মা পৰমসত্যৰ দুই প্ৰকৃতিৰে চালিত হয়। এই দুই প্ৰকৃতি হ’ল –

 ১/ দৈৱ প্ৰকৃতি আৰু ২/ জড়া প্ৰকৃতি। দৈৱ প্ৰকৃতিত জীৱাত্মাই নিজৰ স্বৰূপ উপলব্ধি কৰি পৰমসত্যৰ মূৰ্ত স্বৰূপ ভগৱানৰ নিত্য প্ৰেমময় সেৱাত নিজকে নিযুক্ত কৰে। অন্যহাতে, জড়া প্ৰকৃতিৰ দ্বাৰা আবৃত হৈ জীৱাত্মাই মিথ্যা অহংকাৰেৰে জড় জাগতিক জীৱন যাপন কৰে আৰু ৮৪ লক্ষ জাগতিক যোনিত পৰিভ্ৰমণ কৰি নানা জাগতিক দুখ-যন্ত্ৰনা ভোগ কৰিব লগীয়া হয়।

  অনাদি, অনন্ত আৰু চিৰন্তন চিন্ময় জ্ঞানপুঞ্জী শ্ৰীমদ্ভগৱদ-গীতাত ব্যক্ত কৰা হৈছে যে এই প্ৰপঞ্চ জাগতিক জগতত বদ্ধ জীৱাত্মাই কালৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হৈ জীৱন ধাৰণ কৰে। এই পৰিদৃশ্যমান জাগতিক জগতত কালৰ গতি অপ্ৰতিৰোধ্য আৰু অবিৰত। এই কালৰ বুকুতে সকলো জীৱাত্মাৰ ভিন্ন দেহত জীৱন আৰম্ভ হয় আৰু অন্তিম ক্ষণতো কালৰ বুকুতে নশ্বৰ দেহ ত্যাগ কৰি অন্য এক নশ্বৰ দেহ গ্ৰহণ কৰে। বদ্ধ জীৱাত্মাই কৰ্মৰ ফল অনুসৰি জাগতিক জীৱন যাপন কৰিবলগীয়া হয়।

    এই পৰিদৃশ্যমান জাগতিক জগতত অনাদি কালৰ পৰা অব্যাহত হৈ থকা জন্ম-মৃত্যুৰ চক্ৰৰ পৰা মানৱাত্মাই চিৰমুক্তি লাভ কৰি এক সনাতন শাশ্বত প্ৰেম-ভক্তিৰে জীৱন যাপন কৰিব পাৰে বুলি শ্ৰীমদ্ভগৱদ-গীতাত অতি স্পষ্টকৈ ব্যক্ত কৰিছে। স্বৰূপতঃ জীৱাত্মা আৰু ভগৱান গুণগত ভাৱে এক আৰু অভিন্ন যদিও পৰিমাণগত ভাৱে পাৰ্থক্য সদা বিৰাজমান। মানৱাত্মাই নিজ শাশ্বত স্বৰূপ উপলব্ধি কৰিবলৈ সক্ষম হ’লে দেৱ-দেৱীৰ সেৱাৰ পৰিৱৰ্তে পৰমপুৰুষ পৰমসত্যৰ মূৰ্ত স্বৰূপ ভগৱানৰ সেৱাত আত্মনিয়োগ কৰে। শ্ৰীমদ্ভগৱদ-গীতাত “শ্ৰীকৃষ্ণ”-ক পৰমসত্যৰ মূৰ্ত স্বৰূপ বুলি স্পষ্টকৈ ব্যক্ত কৰা হৈছে আৰু কেৱল এইজনা পৰমপুৰুষ পুৰুষোত্তমৰ প্ৰেমময় সেৱাত সততে নিযুক্ত হোৱাৰ বিধান শ্ৰীমদ্ভগৱদ-গীতাৰ নৱম অধ্যায় ৰাজবিদ্য়া-ৰাজগুহ্য় যোগৰ ৩৪ নং শ্লোকত এইদৰে বিধান কৰিছে –

মন্মনা ভৱ মদ্ভক্তো মদয়াজী মাং নমস্কুৰু।

মামেৱৈষ্যসি যুক্তৈৱমাত্মানং মৎপৰায়ন:।।৯।।৩৪।। ভগৱদ-গীতা।।

“তোমাৰ মনটো সদায় মোৰ চিন্তাত নিমগ্ন কৰি ৰাখা, মোৰ ভক্ত হোৱা, মোক পূজা কৰা, মোক নমস্কাৰ কৰা। সম্পূৰ্ণৰূপে মোৰ প্ৰতি অনুৰক্ত হৈ থাকিলে তুমি নিশ্চিত ভাৱে মোৰ ওচৰলৈ উভতি আহিব পাৰিবা।”

 

শ্ৰীমদ্ভগৱদ-গীতাত লোকসংগ্ৰহ আদৰ্শ

     স্থিতপ্ৰজ্ঞ ধীৰ ব্যক্তিয়ে নিজ আৱেগ-অনুভূতিক নিয়ন্ত্ৰণ কৰি বিবেক দৃষ্টি তথা আধ্যাত্মিক প্ৰজ্ঞাত্মক দৃষ্টিৰে নিষ্কাম কৰ্ম সম্পাদন কৰে। লোকসংগ্ৰহ আৰু নিষ্কাম কৰ্মৰ মাজত নিবিড় সম্পৰ্ক আছে। লোকসংগ্ৰহ আদৰ্শৰ অবিনাশি আলোকে বিবেকবান ব্যক্তিক নিষ্কাম কৰ্ম সম্পাদন কৰিবলৈ অনুপ্ৰাণিত কৰে। ভগৱদ-গীতাৰ মতে, নিষ্কাম কৰ্ম সম্পাদনৰ মাধ্যমেৰে মুক্তি লাভ কৰিব পাৰি। মুক্তি বা মোক্ষ লাভেই মানুহৰ জাগতিক জীৱনত পৰম পৰমাৰ্থ। সাধাৰণতে ব্ৰাক্ষ্মণসকলে জ্ঞান বা ধ্যানৰ দ্বাৰা মুক্তি লাভ কৰে। কিন্তু ক্ষত্ৰিয়সকলে ৰাজ্য ৰক্ষা আদি কামত ব্যস্ত থাকে। তেওঁলোকে নিষ্কাম কৰ্ম সম্পাদনৰ দ্বাৰাই মুক্তি লাভ কৰে। অৰ্জুনৰ আগত সেইবাবে শ্ৰীকৃষ্ণই  জনক, অশ্বপতি আদি ক্ষত্ৰিয় ৰজাক আদৰ্শ পুৰুষ হিচাপে দাঙি ধৰিছে। তথাপি এই আদৰ্শ দ্বাৰাও যদি অৰ্জুন অনুপ্ৰাণিত নহয়, তেনেহ’লে তেওঁ “লোকসংগ্ৰহ”-ৰ আদৰ্শ আগত ৰাখি কৰ্মত প্ৰবৃত্ত হোৱা উচিত বুলি কৈছে। শ্ৰীমদ্ভগৱদ-গীতাৰ তৃতীয় অধ্যায় কৰ্মযোগৰ ২০ আৰু ২১ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই এই লোকসংগ্ৰহৰ কথা এইদৰে উপস্থাপন কৰিছে –

“কৰ্মণৈৱ হি সংসিদ্ধিমাস্থিতা জনকাদয়ঃ।

লোকসংগ্ৰহমেৱাপি সম্পশ্যন কৰ্তুমৰ্হসি।।৩।।২০।।

য়দ য়দাচৰতি শ্ৰেষ্ঠস্তত্তদেৱেতৰো জনঃ।

স য়ৎ প্ৰমাণং কুৰুতে লোকস্তদনুৱৰ্ততে।। ৩।।২১।।ভগৱদ-গীতা।।”

  অৰ্থাৎ কৰ্তব্য কৰ্মসমূহৰ অনুষ্ঠানৰ দ্বাৰাই জনক আদি ৰজাসকলে পৰম সিদ্ধি লাভ কৰিছিল। গতিকে জন সাধাৰণৰ শিক্ষাৰ বাবেই হ'লেও তুমি তোমাৰ কৰ্ম কৰা উচিত। এজন শ্ৰেষ্ঠ মানুহে যি যি কৰে সাধাৰণ মানুহবিলাকে তাৰেই অনুসৰণ কৰে আৰু তেওঁ নিজৰ কামেৰে যি আদৰ্শ দাঙি ধৰে তাকে গোটেই সংসাৰখনে অনুসৰণ কৰে।

  ভগৱদ-গীতাৰ লোকসংগ্ৰহৰ আদৰ্শ অতি তাৎপৰ্যপূৰ্ণ। লোকসংগ্ৰহৰ অৰ্থ সাধাৰণতে লোক ৰক্ষা। লোক ৰক্ষাক বহল অৰ্থত সৃষ্টি ৰক্ষা বুলি ক’ব পাৰি। লোকৰক্ষাক মানৱ মংগল তথা প্ৰাণী মংগল অৰ্থটো লোৱা হয়। শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে অন্য কাৰণত কৰ্ম নকৰিলেও অন্ততঃ প্ৰাণীৰ কল্যাণৰ নিমিত্তে কাম কৰাৰ প্ৰয়োজন। এই লোকসংগ্ৰহৰ আদৰ্শতে ভগৱদ-গীতাৰ মহৎ মানৱতাবোধৰ ধাৰণাৰ বীজ অন্তনিৰ্হিত আছে। পৰমকল্যাণৰ বাবে কাম কৰাটো এক আদৰ্শনীয় কথা। ভগৱদ-গীতাই লোকসংগ্ৰহ তথা নিষ্কাম কৰ্মৰ আদৰ্শ আমাৰ আগত দাঙি ধৰি মানৱতাবোধৰ মন্ত্ৰত সমগ্ৰ ভাৰতীয়কে দীক্ষিত কৰি পৰম কল্যাণ সাধিব বিচাৰিছে।

      সংগ্ৰহ শব্দটোৰ আচল অৰ্থ হ’ল ঐক্য বা অন্তৰ সম্পৰ্ক। এই অন্তৰ সম্পৰ্কৰ কথাটো বৰ ডাঙৰ কথা। ই প্ৰত্যেক মানুহ যে প্ৰত্যেকৰ লগত সম্বন্ধযুক্ত বা প্ৰত্যেক পৰিস্থিতি যে অন্য এটাৰ লগত সম্বন্ধযুক্ত এই কথাকে সূচায়। 

   লোকসংগ্ৰহই সামাজিক জীৱনৰ তাৎপৰ্য্য বহন কৰিছে। এই ধাৰণাই ব্যক্তি জীৱনৰ ওপৰত গুৰুত্ব দিয়া নাই। ই সমাজ বা সামূহিক জীৱনৰ ওপৰত গুৰুত্ব দিছে। মানুহৰ প্ৰতিটো কামে সামাজিক তাৎপৰ্য্যৰে ৰঞ্জিত হ'ব লাগিব। ব্যক্তিগত কাম হ’লেও তাত সামাজিক দায়বদ্ধতাৰ তাৎপৰ্য্য নিহিত থাকিব লাগিব। সমাজ বিচ্ছিন্ন মানুহৰ গাইগুটীয়া কৰ্মই সমাজৰ কেতিয়াও কল্যাণ সাধন কৰিব নোৱাৰে।


সাম্প্ৰতিক সময়ত প্ৰাসংগিকতা

     যি নিত্য, ই সদা প্ৰাসংগিক আৰু সৰ্বমংগলময়। ভগৱদ-গীতা বৈদিক সভ্যতা-সংস্কৃতিৰ অমূল্য আধ্যাত্মিক সম্পদ আৰু মানৱ জাতি তথা জগতত সকলো জীৱাত্মাৰ সদ্গতিৰ হেতু পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণৰ চিৰন্তন বাণী বিদ্যমান শ্ৰীমদ্ভগৱদ-গীতাত। শ্ৰীমদ্ভগৱদ-গীতাৰ নীতি আৰু বাণী কোনো এক নিৰ্দিষ্ট সমাজৰ পৰিবৰ্তে সমগ্ৰ মানৱ জাতিৰ কল্যাণ আৰু উত্তৰণ লগত ঘনিষ্ঠভাৱে জড়িত। বিশেষ বিশেষ সমাজৰ সামাজিক ৰীতি-নীতি, পৰম্পৰাই সমগ্ৰ মানৱ জাতিৰ উত্তৰণত অৰিহণা যোগালেহে, এই ৰীতি-নীতিৰ বিশেষ মূল্য থকা পৰিলক্ষিত হয়। স্থান, কাল তথা পাৰিপাৰ্শ্বিক অৱস্থানুসৰি জীৱন আৰু জগতৰ প্ৰতি মানুহৰ দৃষ্টিভংগী ভিন্ন ভিন্ন হোৱাটো স্বাভাৱিক হ’লেও পৰমসত্ত্বাক উপলব্ধি কৰিবলৈ সক্ষম হ’লেহেই সমগ্ৰ প্ৰাণীৰ মংগলাৰ্থে কৰ্ম কৰাৰ এক অনুপম সৰ্বজনীন দৃষ্টিভংগী উদয় হয়। এই দৃষ্টিভংগীত ব্যক্তিৰ দাৰ্শনিক চিন্তাধাৰা, নৈতিক চেতনা আৰু আধ্যাত্মিক প্ৰজ্ঞাৰ সুষম সংগম হোৱা পৰ্যবেক্ষিত হয়। এই দৃষ্টিভংগীক সাধাৰণতে ভগৱদ-গীতাত লোকসংগ্ৰহ বুলি অভিহিত কৰা হৈছে। এই অনুপম আদৰ্শ “লোকসংগ্ৰহ”-ত ব্যক্তি আৰু সমাজৰ সামগ্ৰিক উন্নয়ন সাধিত হয়।

     সংকীৰ্ণ মানসিকতা পৰিত্যাগ কৰি উদাৰ আৰু দূৰদৰ্শী আধ্যাত্মিক প্ৰজ্ঞাৰে জীৱনটো আগুৱাই নিবলৈ আৱেগ-অনুভূতিক বিবেক-বুদ্ধিৰে সংযত কৰাটো অনিবাৰ্য। অসংযত আৱেগে মানুহক সংকীৰ্ণ আৰু ব্যক্তিকেন্দ্ৰিক তথা স্বাৰ্থপৰ কৰি তোলে। স্বাৰ্থপৰতাই মানৱ সমাজৰ উন্নয়নত অন্তৰায় সৃষ্টি কৰে আৰু সমাজত নানা আহুকালেৰে শান্তি-শৃংখলা বিঘ্নিত কৰে। সেয়েহে এই অসংযত আৱেগক নিয়ন্ত্ৰণ কৰাটো ব্যক্তি আৰু সমাজৰ উন্নয়নৰ হেতু অতিকৈ জৰুৰী। ভগৱদ-গীতাত লোকসংগ্ৰহ ধাৰণাৰে কৰ্ম সম্পাদন কৰিলে এনে অসংযত আৱেগক সংযত কৰিবলৈ সক্ষম হয় বুলি দৃঢ়তাৰে ব্য়ক্ত কৰা হৈছে। কিয়নো, বিবেক তথা উৎকৃষ্ট আধ্যাত্মিক দৃষ্টিসম্পন্ন গৰাকীয়ে সমাজত উদাৰ মানসিকতাৰে নিজৰ লগতে আনৰ কল্যাণৰ বাবে কৰ্মত প্ৰবৃত্ত হয়। 

     এই ধৰাধামত সুন্দৰ আৰু শান্তিপূৰ্ণ জীৱন যাপনৰ বাবে পৰমসত্যক উপলব্ধি কৰা অতিকৈ আৱশ্যক। পৰমসত্যক উপলব্ধি কৰি মানৱ সমাজত প্ৰতিষ্ঠা কৰা ব্যক্তিগৰাকী সত্য় দ্ৰষ্টা আৰু জড়-প্ৰকৃতিৰ ত্ৰিগুণৰ নিয়ন্ত্ৰনৰ অতীত। অৰ্থাৎ তেখেত জড়-জাগতিক গুণৰ দ্বাৰা চালিত হোৱাৰ পৰিবৰ্তে দৈৱিক প্ৰকৃতিৰে চালিত হয় আৰু জগতত সকলো প্ৰাণীকূলৰ মংগলৰ হকে নিষ্কাম কৰ্ম সম্পাদন কৰে। নিষ্কাম কৰ্ম আৰু লোকসংগ্ৰহ ভগৱদ-গীতাৰ অনুপম অৱদান আৰু উভয়ে মানৱ জাতিৰ উন্নয়নৰ বাবে পৰিপূৰক। এই উভয়ৰ মাজত ঘনিষ্ঠ সম্পৰ্ক সদা বিৰাজমান। লোকসংগ্ৰহ আদৰ্শৰে সম্পাদিত নিষ্কাম কৰ্মই মানৱাত্মাক পৰম গতি দিয়ে। 


সামৰণি


 শ্ৰীমদ্ভগৱদ-গীতাত কৰ্ম সংস্কৃতিৰ জয় গান গোৱা হৈছে। অৱশ্যে এই কৰ্ম নিষ্কাম কৰ্ম হ’ব লাগিব। কেৱল নিজৰ সুখ-শান্তি আৰু প্ৰগতিৰ হকে সাধিত কৰ্মই সমাজৰ সৰ্বাংগীন উন্নয়ন সাধন কৰিব নোৱাৰে আৰু এনে স্ব-কেন্দ্ৰিক কৰ্মই সমাজ তথা ব্যক্তিৰ কোনো কল্যাণ সাধন কৰিব নোৱাৰে। ব্যক্তি তথা সমাজৰ সৰ্বাংগীন উন্নয়ন সাধন কৰি পৰম কল্যাণ সাধন কৰিব পাৰে কেৱল লোকসংগ্ৰহ আদৰ্শৰে নিষ্কাম কৰ্ম সম্পাদনৰ মাধ্যমেৰে। এই নিষ্কাম কৰ্মই লোকহিত বা জনসাধাৰণৰ হিত সাধন কৰাৰ লগতে মানৱাত্মাক উত্তম গতি প্ৰদান কৰে। সকলো জীৱাত্মাতে পৰম পুৰুষ ভগৱানে পৰমাত্মা ৰূপে বিৰাজ কৰে আৰু সেয়েহে সকলো জীৱাত্মাক প্ৰেম কৰি সৰ্ব প্ৰাণীৰ মংগলাৰ্থে কৰ্ম সম্পাদন কৰিবলৈ লোকসংগ্ৰহৰ নীতি বা ধাৰণা ভগৱদ-গীতাত পোষণ কৰা হৈছে।

   ভগৱদ-গীতাৰ লোকসংগ্ৰহ আদৰ্শই জীৱাত্মাৰ পৰম কল্যাণৰ লগতহে জড়িত; কোনো ক্ষণস্থায়ী কল্যাণৰ লগত নহয়। আপাত দৃষ্টিত লোকসংগ্ৰহ আদৰ্শ জনসাধাৰণৰ কল্যাণৰ লগত ঘনিষ্ঠভাৱে জড়িত নহয় যেন লাগে। কিয়নো সচৰাচৰ শান্তি, ন্যায় তথা সত্য পথৰ পথিক জন এই জড়-জাগতিক জগতত বহু শাৰীৰিক আৰু মানসিক পীড়া পোৱাৰ লগতে আৰ্থিক দৈন্যতাৰো সন্মুখীন হোৱা যেন লাগে !!! কিন্তু সেই দৃষ্টি কেৱল আংশিকহে। প্ৰকৃতাৰ্থত লোকসংগ্ৰহৰ আদৰ্শৰে নিষ্কাম কৰ্ম তথা জনসাধাৰণৰ মংগলাৰ্থে কৰ্মত নিযুক্ত হ’লে সমাজ তথা ব্যক্তিবিশেষৰ আৰ্থ-সামাজিক, ভাষা-সাহিত্য, সভ্যতা-সংস্কৃতি, শৈক্ষিক, ৰাজনৈতিক, বৌদ্ধিক, ধৰ্মীয় তথা আধ্যাত্মিক ইত্যাদি ক্ষেত্ৰত সৰ্বাংগীন উন্নয়ন সাধন হয় আৰু যথাৰ্থ মানুহ হোৱাৰ অব্যয় শক্তি নিজৰ মাজতে উন্মেষিত হয়। লোকসংগ্ৰহ আদৰ্শৰে কৰ্ম সম্পাদন কৰিলে মানৱাত্মাই জড়-জাগতিক জীৱনৰ পৰম পুৰুষাৰ্থ মোক্ষ বা মুক্তি লাভ কৰাটো নিশ্চিত বুলি ভগৱদ-গীতাত দৃঢ়তাৰে ব্যক্ত কৰা হৈছে। এই মোক্ষ প্ৰাপ্তিৰে মানৱ আত্মাই ভগৱন্তৰ অমল প্ৰেমময় ভক্তি লাভ কৰে আৰু সনাতন ধামত অতি আনন্দৰে শান্তিময় জীৱন উদযাপনৰ হেতু পৰম গতি লাভ কৰে।

   ভগৱদ-গীতাৰ লোকসংগ্ৰহ আদৰ্শৰ তাৎপৰ্য্য হ’ল নিজৰ বাবে কৰণীয় একো নাথাকিলেও অন্ততঃ লোকৰ বাবে কিবা এটা কৰিব লাগে। সেয়েহে অসমীয়াত কবিয়েই গাইছে যে –

“পৰৰ কাৰণে কান্দিব জানিলে 

কান্দোনতো সুখ পায়।”

এতেকে লোকৰ বাবে কৰা কামেই জীৱনটোক অৰ্থপূৰ্ণ কৰি তোলে। কাৰণ এই কামে আমাক এটা কথা সোঁৱৰাই দিয়ে যে নিজৰ বাবে নহ’লেও অন্ততঃ লোকৰ বাবে জীয়াই থকা অতি প্ৰয়োজন। কুৰুক্ষেত্ৰৰ যুদ্ধত নিজ স্বামী তথা সন্তানৰ মৃত্যুৰ শোকত শোকাতুৰ পত্নী তথা মাতৃয়েই কোৱাৰ দৰে আমিও ক’ব পাৰিব লাগিব “মই আনৰ মংগলৰ কাৰণে জীয়াই থাকিম।” (I live for thee.)

    মানৱতাৰ উৎকৰ্ষ সাধনৰ বাবে আৰু কৰ্ম সংস্থাপনহীন সম্প্ৰতিক সময়ত কৰ্ম স্পৃহা গঢ়ি যুৱ সমাজত এক কৰ্মমুখী তথা জীৱনৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী গঢ়াত ভগৱদ-গীতাৰ লোকসংগ্ৰহ আদৰ্শই সদায় মানৱ সমাজক অনুপ্ৰাণিত কৰে। সমাজৰ সকলো ক্ষেত্ৰতে নিজ নিজ প্ৰতিভা আৰু কৰ্ম দক্ষতাৰে একাণপতীয়াকৈ যুক্ত হৈ কৰ্তব্য কৰ্ম কৰাৰ শাশ্বত আহ্বান ভগৱদ-গীতাত লোকসংগ্ৰহ আৰু নিষ্কাম কৰ্ম আদৰ্শৰ যোগেদি প্ৰদান কৰা হৈছে। এই মৰ্মাৰ্থ আৰু গূঢ়াৰ্থ উপলব্ধি কৰি স্থিতপ্ৰজ্ঞ ধীৰ ব্যক্তিয়ে সমাজৰ সৰ্বাংগীন উন্নয়ন সাধন কৰে আৰু অন্ধকাৰময় সমাজক চিন্ময় জ্ঞানৰ আলোকেৰে আলোকিত কৰা পৰিলক্ষিত হয়। স্থিতপ্ৰজ্ঞ ধীৰ ব্যক্তিসকলৰ পাৰস্পৰিক আন্তৰিক সহযোগিতা আৰু আত্মসংযমেৰে মহৎ আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি সৎ উপায়েৰে কৰ্ম সম্পাদন কৰিলে মানৱ জাতি তথা সৰ্ব প্ৰাণীৰ কল্যাণ এই জগতত অৱশ্যম্ভাৱী।


প্ৰসংগ পুথি

১/ Bhagavad-Gītā as it is    

His Divine Grace A.C. Bhaktivedanta Swami Prabhupada 

২/ The Bhagavadgita  

S. Radhakrishnan 

৩/ Bhagavad Gita The song of God 

Swami Mukundananda

৪/ Renunciation through Wisdom  

His Divine Grace A.C. Bhaktivedanta Swami Prabhupada

৫/ বিশ্বকোষ দশম খণ্ড 

 অসম সাহিত্য সভা 

৬/ শ্ৰীমদ্ভগৱদ-গীতা যথাযথ  

কৃষ্ণ কৃপামূৰ্তি শ্ৰীল অভয়চৰণাৰৱিন্দ ভক্তিৱেদান্ত স্বামী প্ৰভুপাদ

অসমীয়া অনুবাদকঃ- ড° মুকুন্দ মাধৱ শৰ্মা


ঠিকনাঃ

সহকাৰী অতিথি অধ্যাপক

দৰ্শন বিভাগ, গোগামুখ মহাবিদ্যালয়

ফোনঃ ৯৩৬৫১৯৬৮৯৬


Doksiri দকচিৰি, মে, ২০২৫



No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages