আপোনাৰ সন্তানক ব্যক্তিগতখণ্ডৰ বিদ্যালয়ত পঢ়াব নে চৰকাৰী বিদ্যালয়ত পঢ়াব ?
নাচিমা য়াচমিন
বিশ্বনাথ চাৰিআলি
আজিৰ যুগত শিক্ষাই হৈছে জীৱনৰ দিশ-নিৰ্দেশ দিয়া এক প্ৰাক-শর্তমূলক অনুশীলন। সন্তানক ক’ত পঢ়োৱা উচিত – এই প্ৰশ্নটোৱে কেৱল সাময়িক চিন্তা নহয়, বৰঞ্চ ই এক সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰা গম্ভীৰ মনোবৈজ্ঞানিক আৰু সামাজিক সিদ্ধান্ত। সন্তানৰ বাবে ব্যক্তিগতখণ্ডৰ বিদ্যালয় বাচিব নে চৰকাৰী বিদ্যালয়, সেই নিৰ্ণয়ত বহু জটিলতা, দৃষ্টিকোণ আৰু পৰিস্থিতি একেলগে জড়িত থাকে। এই সিদ্ধান্ত কেৱল অনুভৱগত নহয়, বৰঞ্চ ই এক গভীৰ প্ৰজ্ঞা আৰু পৰিসংখ্যাগত বোধৰ ফলাফল হৈ পৰিছে।
যদিওঁ শিক্ষা আয়ত্ত কৰাটো শিক্ষাৰ্থীৰ একাগ্ৰতা, আগ্ৰহ, মনোবল, বুদ্ধিমত্তা আদিৰ ওপৰৰ নিৰ্ভৰশীল। কিন্তু ইয়াৰ লগত আন কিছুমান কাৰকে প্ৰভাৱ বিস্তাৰ নকৰাকৈ থকা নাই। তলত এই বিষয়ে চমুকৈ আলোচনা কৰা হ'ল -
১) আৰ্থ-সামাজিক প্ৰেক্ষাপট আৰু ধৰ্য্যক্ষমতাঃ
ব্যক্তিগত বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰাটো বিত্তীয় দৃষ্টিকোণৰ পৰা এক প্ৰচণ্ড ব্যয়বহুল বিনিয়োগস্বৰূপ। উক্ত বিদ্যালয়সমূহত প্ৰৱেশৰ লগে লগে অভিভাৱকক বহুবিধ খৰচৰ গৰ্ভত পৰিব লগা হয় – নামভৰ্তি, বাৰ্ষিক মাছুল, কিতাপ-পত্ৰ, সাঁজ পোছাক, পৰিবহন ব্যয়, আৰু অগণন গুপ্ত খৰচ। ফলস্বৰূপে, এক নিম্ন-মধ্যবিত্ত পৰিয়ালৰ বাবে এনে শিক্ষা ব্যৱস্থা এক আৰ্থিক ভাৰসাম্য ভঙাৰ পৰিসীমালৈ লৈ যায়।
আনফালে, চৰকাৰী বিদ্যালয়সমূহত বিনামূল্য শিক্ষা, কিতাপ বিতৰণ, মধ্যাহ্ন ভোজন, আৰু বৃত্তি সুবিধাৰ প্ৰাপ্তিৰে অভিভাৱকক এক বিত্তীয় স্বাচ্ছন্দ্য প্ৰদান কৰে।
২) পাঠ্যপদ্ধতি আৰু গুণগত মানৰ বিমূর্ত বিশ্লেষণঃ
ব্যক্তিগত বিদ্যালয়সমূহে চি.বি.এছ.ই. আদিৰ দৰে ৰাষ্ট্ৰীয়স্তৰীয় পাঠ্যক্রম অনুসৰণ কৰি ছাত্ৰ-ছাত্ৰীৰ মৌলিক চিন্তাশক্তি, বিশ্লেষণধৰ্মিতা আৰু প্ৰযুক্তি-কেন্দ্ৰিক জ্ঞানৰ বিকাশত গুৰুত্ব দিয়ে। সেইখিনিতে ব্যক্তিগত বিদ্যালয় সমূহ এক উৎকৃষ্ট মানৰ জ্ঞানৰ পৰিসৰ প্ৰদান কৰে।
আনহাতে, চৰকাৰী বিদ্যালয়ত পাঠ্যপদ্ধতি সাধাৰণতে ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি নিৰ্ণয় কৰা হয়। তদুপৰি এই ক্ষেত্ৰত প্ৰায়ে নানান অসুবিধা, অপৰ্যাপ্ত অনুশীলন, শিক্ষকৰ উদাসীনতা আদিয়ে গুণগত দিশত এক প্ৰশ্নচিহ্নৰ সৃষ্টি কৰে। এনে বহু শিক্ষানুষ্ঠান আছে য'ত শিক্ষাৰ্থীয়ে নিজৰ নাম পৰ্য্যন্ত লিখিব নাজানে। এই ক্ষেত্ৰত কাক দোষ দিয়া উচিত?
শিক্ষাৰ্থীক নে পাঠদান কৰা শিক্ষাগুৰুক?
নে অভিভাৱকক?
নে শিক্ষা ব্যৱস্থাক?
৩) শিক্ষকৰ দায়িত্ববোধ আৰু বৌদ্ধিক শৃংখলাঃ
চৰকাৰী শিক্ষকসকলৰ বাছনি নিযুক্তি প্ৰক্ৰিয়া কঠোৰ হ’লেও, দায়িত্বজ্ঞান আৰু নৈতিক কৰ্তব্যবোধৰ অভাৱেই বহু ক্ষেত্ৰত শিক্ষাৰ গুণগত মান শূণ্য কৰে। কৰ্মবিমুখতা, অনুপস্থিতি আৰু প্ৰশাসনিক অনিয়ম চৰকাৰী শিক্ষাৰ এক গোপন ব্যাধি।
আনহাতে ব্যক্তিগত বিদ্যালয়ত শিক্ষকসকল প্রতিনিয়ত মূল্যায়নৰ সন্মুখীন হোৱাৰ বাবে শৃংখলা, উত্তৰদায়িতা আৰু পঠন-পাঠনত অধিক মনোনিৱেশ কৰে।
৪) সামাজিক বিকাশ আৰু বাস্তৱতাঃ
চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্রীসকল সমাজৰ বিভিন্ন অৰ্থনৈতিক, সাংস্কৃতিক আৰু নৃতাত্বিক পৰিৱেশৰ পৰা আহি এক বিশদ বাস্তৱ জ্ঞান আহৰণ কৰে। ই মানুহ হোৱাৰ প্ৰকৃত অভিজ্ঞতা, সহনশীলতা আৰু সামাজিক সহাৱস্থানৰ এক পাঠশালা হিচাপে বিবেচিত হয়।
ব্যক্তিগত বিদ্যালয়ত আধুনিকতাৰ তৰল চকচকীয়াৰ মাজত সন্তানে প্ৰায়ে এক কৃত্ৰিম পৰিবেশত বন্দী হৈ পৰা দেখা যায়, য’ত জীৱনৰ কঠোৰ বাস্তৱতা অতীতৰ দৰে, স্পৰ্শ নকৰে।
৫) অতিৰিক্ত পাঠ্যক্রমিক সুবিধা আৰু প্ৰযুক্তিসমৃদ্ধ পৰিৱেশঃ
ব্যক্তিগত বিদ্যালয়ত সংগীত, চিত্ৰাঙ্কন, কম্পিউটাৰ, খেলাধূলা, নাটক আদি বিভিন্ন ক্ষেত্ৰত সন্তানে বহুমুখী বিকাশৰ সুযোগ পায়। ডিজিটেল শিক্ষা, সঁজুলিৰ আধুনিকীকৰণ, আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰে ছাত্ৰ-ছাত্রীৰ অন্তঃশক্তিৰ উন্মোচন হয়।
চৰকাৰী বিদ্যালয়ত এইবোৰ সুবিধা সীমিত। কিছুমান বিদ্যালয়ত কিছু সুবিধা আছে যদিওঁ শিক্ষা বিভাগৰ এলাহ, গুৰুত্বহীনতাই এই সুবিধাৰ উপযুক্ত ভাৱে ব্যৱহাৰ কৰাৰ পথত বাধা প্ৰদান কৰে। চৰকাৰৰ কঠোৰ অনুশাসন বৰ্তাই ৰাখিবলৈ কিছুমান বিদ্যালয়ে কিছু অংশ হ’লেও আগুৱাই গৈছে।
গতিকে সন্তানক ক’ত পঢ়োৱা উচিত — এই প্ৰশ্নৰ নিৰ্দিষ্ট কোনো উত্তৰ নাই। ই এক বহুস্তৰীয় আৰু পৰিসংখ্যাগত পৰ্যবেক্ষণৰ ক্ষেত্ৰ। কেৱল ধন-সম্পদ, নাম-প্ৰতিষ্ঠান বা বাহ্যিক চকচকীয়াৰ ভিত্তিত সিদ্ধান্ত ল’ব নালাগে। সন্তানৰ মানসিক গঠন, ব্যক্তিত্ব, আগ্ৰহ আৰু পৰিয়ালৰ সামর্থ্য একেলগে বিবেচনা কৰি সুদূৰপ্ৰসাৰী, সুচিন্তিত আৰু যুক্তিপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাটোৱেই অভিভাৱকৰ প্ৰকৃত দায়িত্ব। কাৰণ শিক্ষা কেৱল একাডেমিক সফলতাৰ বাবে নহয়, ই হৈছে আত্ম-উন্নয়ন, সামাজিক দায়িত্ববোধ আৰু পূৰ্ণাঙ্গ মানৱ গঠনৰ মূল স্তম্ভ।
Doksiri দকচিৰি, মে, ২০২৫
No comments:
Post a Comment