মৃত্যুৰ পিছতহে আমি প্ৰতিভা মূল্যাংকন কৰোঁ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Tuesday, September 30, 2025

মৃত্যুৰ পিছতহে আমি প্ৰতিভা মূল্যাংকন কৰোঁ

 


মৃত্যুৰ পিছতহে আমি প্ৰতিভা মূল্যাংকন কৰোঁ


মিনু হাজৰিকা

গোৱালপাৰা


    জুবিনে বিয়াৰ আগতেই গৰিমাৰ পৰা বিদায় লৈ থৈছিল “তেওঁ গৰিমাক কৈছিল “মই বিষ্ণু ৰাভাৰ দৰে ৰাইজৰ মাজলৈ গুচি যাম তেতিয়া তুমি বেয়া নাপাবা।”

তেওঁ প্ৰকৃতি আৰু মানুহক ভাল পাইছিল। জুবিনৰ গানবোৰ জীৱন দৰ্শনৰ ওপৰত আছিল। ক্ষণভঙ্গুৰ দুদিনীয়া জীৱনৰ নিষ্ঠুৰ বাস্তৱৰ সাৱধান বাণী আছিল যেন তেওঁৰ গীতত। এখন সাময়িক ভাৱে মানুহৰ সমাজ দেখিলো। য’ত জাতি ধৰ্ম নাই আছে মাথোঁ মানুহ, মানুহ আৰু মানুহ। এখন চিতা জ্বলা নাই, জ্বলিছে লাখ লাখ হৃদয়। জুবিন বিস্ময়কৰ সত্তা। ধন্য অসম।

    জুবিনৰ জন্ম হৈছিল তুৰাত। দুইমাহৰ পৰাই প্ৰকৃতিৰ লগত দেউতাকে চিনাকি কৰাই দিছিল। সদায় ৰাতিপুৱা খোজকাঢ়ি অকণমানি জুবিনক কোচত লৈ ফুৰাইছিল।

   জুবিনৰ সাংগীতিক সপোন আছিল। তেওঁক সৰুতে দেউতাকে সদায়ে ডাঙৰ কথা ভাবিবলৈ কৈছিল। নাৰ্ছাৰীত পঢ়ি থকাৰ পৰা তেওঁৰ সপোন আছিল এজন ভাল মিউজিচিয়ান হোৱাৰ। নাৰ্ছাৰীত থাকোতেই জুবিনক তাবলাত নাম লগাই দিছিল।

   ইয়াৰ পিছত তেওঁলোক যোৰহাটলৈ আহিল। দেউতাকৰ চাকৰিৰ সূত্ৰে যোৰহাটৰ পৰা তেজপুৰলৈ গ’ল। ইয়াৰ পিছত দেউতাকে এ চি এছ পাই মেজিষ্ট্ৰেট হিচাপে জইন কৰিলে কৰিমগঞ্জত। তাতেই জুবিনক বাংলা মিডিয়াম স্কুলত নাম লগাই দিলে। আগতে ইংৰাজী মিডিয়াম স্কুলত পঢ়িছিল। পঞ্চম আৰু ষষ্ঠ শ্ৰেণী বাংলা মিডিয়ামত নাম লগাই দিলে। যেতিয়া সপ্তমমান শ্ৰেণীৰ ছয়মাহিলী পৰীক্ষা হৈ গ’ল তাৰ পিছতে দেউতাকৰ বদলি হ’ল চাকৰি বিজনীলৈ। তাতে আকৌ তেওঁক অসমীয়া মিডিয়াম স্কুলত নাম লগাই দিলে। জুবিনৰ শৈশৱ কালটো পাৰ কৰিছিল বেছিকৈ কৰিমগঞ্জতেই। 

   বিজনীত যেতিয়া সপ্তমমান শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষা দিলে তেতিয়া তেওঁ তাৰে শিক্ষকক ক’লে যে “ছাৰ মোৰ পৰীক্ষা ভালেই হৈছে কিন্তু “ৰ” বোৰৰ তলত ফুট পাব। কাৰণ বাংলা স্কুলত পঢ়ি অহা সেয়েহে।”

তেতিয়া শিক্ষক গৰাকীয়ে ক’লে একো নাই মই চাম বাৰু। সেই বছৰ জুবিন দ্বিতীয় হ’ল।

   ইয়াৰ পিছত দেউতাক এছ দি অ’ হৈ বদলি হ’ল বিজনীৰ পৰা তামুলপুৰলৈ। আৰু তাতেই জুবিনে মেট্ৰিক পৰীক্ষা দিলে। মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত তামুলপুৰতে জুবিনে লোকগীত, ৰাভাসংগীত, জ্যোতি সংগীত শিকিলে। শিক্ষক ৰমণী ৰায় ছাৰে তেওঁক বহুত সহায় কৰিছিল। 

   অসমীয়া সংস্কৃতিৰ লগত জুবিন জড়িত হৈছিল বিজনীৰ পৰাই। তামুলপুৰত থাকোতে দেউতাকৰ বহুত ডাঙৰ কোৱাৰ্টাৰ আৰু বাহিৰত বহুত ঠাই থকা বাবে তাতে তেওঁ হৰিণা দুজনী পুহিছিল। লগতে ময়ূৰ দুইজনী, বাঘ এটা আৰু হাইঠাও পুহিছিল। যেন এখনি সৰু চিৰিয়াখানা। ইয়াৰ পিছত তেওঁ যোৰহাট জে বি কলেজত নাম লগাই। জে বি কলেজ তেওঁৰ বৰ প্ৰিয় আছিল। তাতে কলেজ কমকৈ গৈছিল কিন্তু আড্ডা মাৰিছিল বহুত। যোৰহাটত পবিত্ৰ মাৰ্ঘেৰিটাক লগ পালে। জুবিনৰ ১৮ বছৰ বয়সত নাটক, সংগীতৰ লগত জড়িত থকা এটা গ্ৰুপ লগ পালে। তেওঁলোকৰ লগতেই গধূলি আড্ডা হয়। আৰু এই আড্ডাৰ দ্বাৰাই জুবিনৰ সহায় হ’ল সংগীতৰ লগত জড়িত হোৱাত। তেতিয়া জুবিনে কি বৰ্ড বজাই সকলো অনুষ্ঠান সমূহত। তেওঁ সহযোগ কৰে সকলোৰে লগত। ইয়াৰ পিছতে গুৱাহাটীৰ বি বৰুৱা কলেজত আহি “জুবিন”হ’ল।

  জুবিনে পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ সকলো ঠাইতেই থাকি তাৰে সংস্কৃতিক বুজি বুজিয়েই গান শিকিলে, সুৰ দিলে আৰু নিজে গান গালে। তেওঁৰ গীতত যাযাবৰী সুৰ আছে ভিন্ন ৰঙীন, পৰিভ্ৰমী। সকলো জাতিৰ মানুহৰ কৃষ্টি, সংস্কৃতি তেওঁৰ গীতত আছে।

   তেওঁ মাজে মাজে পাগলামি কৰি ভাল পাইছিল। কেতিয়াবা দুই তিনিদিন নোশোৱাকৈ থাকে। আৰু কেতিয়াবা ১৫/২০ ঘন্টালৈ শোৱে। তেওঁ নিজেই কৈছে — “মই কেতিয়াবা সৰু কথা ডাঙৰ কৰি দিওঁ।” এয়া মোৰ বেয়া স্বভাৱ। আজিকালি কন্টোল কৰিব চেষ্টা কৰিছোঁ। যিহেতু এতিয়া বয়স হ’ল।” আৰু তেওঁ লগতে ক’লে পাগলামি অলপ নাথাকিলে এজন ভাল শিল্পী হ’ব নোৱাৰি।”

   সৰু সৰু কথাত দুখ লাগে জুবিনৰ। তেওঁ প্ৰকৃতি প্ৰেমি। কাৰো তেওঁ বেয়া চাব নোৱাৰে, দুখ দেখিব নোৱাৰে। ব্যক্তিগত ভাৱে জুবিন এগৰাকী সফল ব্যক্তি। তেওঁৰ সফলতাৰ আঁৰত আছিল তেওঁৰ “মা”। মাকে তেওঁক মিউজিকৰ জগতত আগুৱাই লৈ গৈছিল। দেউতাকৰো অৰিহণা আছে কিন্তু মাকৰ বেছি আছিল। দেউতাকে চাকৰিৰ ব্যস্ততাৰ বাবে বেছিকৈ চাব পৰা নাছিল। মাকে সৰুতে হাতত ধৰি তবলা , গান শিকাবলৈ লৈ গৈছিল।

    জে বি কলেজত গৈ মিউজিকৰ লগত ইমান বেছি জড়িত হৈ পৰিল যে হাইয়াৰ চেকেণ্ডাৰী পৰীক্ষা বেয়া হৈছিল। ক্লাছ কৰিবলৈ সময়ে নোহোৱা হ’ল। গান, নাটক, কৰি আহি ৰাতি ২/৩ টাত ঘৰ সোমায়। সেয়ে কলেজ যাবলৈ সময় নহয়। বি বৰুৱা কলেজত বছৰত মাথো ২১ দিন উপস্থিত আছিল। কলেজৰ অধ্যক্ষই জুবিনক সুধিছিল – “তই ক্লাছ নকৰ যে, কি কৰ্ । “তেতিয়া জুবিন কৈছিল- ছাৰ মই মিউজিক কৰোঁ,” 

“তই মিউজিক কৰি খাব পাৰিবি ?”

অ’ পাৰিম ছাৰ।” ইয়াৰ পিছতে জুবিনৰ “অনামিকা, মায়া, কেছেট উলিয়াই বিখ্যাত হৈ পৰিছিল। তেতিয়াই বি বৰুৱা কলেজৰ অনুষ্ঠানত আৰ্টিষ্ট হিচাপে গান গাবলৈ মাতিছিল। কলেজৰ বহুত নাম হ’ল। তেতিয়াই অধ্যক্ষ গৰাকীয়ে কৈছিল “তই ঠিকেই কৈছিলি, কৰি দেখুৱালি। মই বৰ সুখী বুলি ছাৰে ক’লে।” 


   আজিৰ পৰা কেইমাহমান আগতে জুবিনৰ যেতিয়া অসুখ হৈছিল তেতিয়া সকলোৱে চাকিবন্তি জ্বলাই প্ৰাৰ্থনা কৰি সুস্থ কৰি তুলিলে। কিন্তু তেওঁ অসমবাসীৰ অজানিতে বেলেগ দেশত গৈ দুৰ্ঘটনা হোৱা বাবে তেওঁৰ কোনো অনুৰাগীৰ অজানিতে মৃত্যুক সাৱটি লোৱাত গোটেই অসমবাসী নিৰ্বাক নিস্পন্দন।

   মৃত্যুৰ পাছত জুবিন অসমবাসীৰ পৰা লাভ কৰা অকৃত্ৰিম মৰম তথা সন্মানত এতিয়া শিৰনত হ’বলৈ বাধ্য সমগ্ৰ বিশ্ব।।


লেখকৰ ঠিকনাঃ

সংগ্ৰামী নাৰী আৰু প্ৰেৰণা বঁটা প্ৰাপক

গোৱালপাৰা


Doksiri দকচিৰি, অক্টোবৰ, ২০২৫

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages