আলাপবোৰ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

আলাপবোৰ


 আলাপবোৰ–


                        গীতা ৰাজখোৱা

                               গোলাঘাট


এতিয়া আলাপৰ বিষয়

কথা, কথা আৰু কথা


যি কথাই ধোৱাই থাকে

জ্বলো জ্বলোকৈ জ্বলিব নোখোজে

যি কথাৰ–

নিঃস্ব সকলে সুধি সুধি উত্তৰ নাপায়

জনা সকলে কথাত পাক লগাই লগাই

জটিলতালৈ লৈ যায়,

যি কথাই

সুৰ সলায়

ক্ষণেক্ষণে ৰং সলায় 

বগা হৈ থকা কথাবোৰ ক্ৰমে ক’লা, ৰঙা হৈ

গেৰুৱা ৰঙত ডুব যায়

সেই কথাই।


আকৌ–

কথা এটা কওঁ 

সিংহ নথকাৰ সুবাদতে

এতিয়া শিয়ালবোৰে হোৱা দি ফুৰিছে।


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages