যিদিনা বিবেকে সাৰ পাব - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Friday, October 31, 2025

যিদিনা বিবেকে সাৰ পাব


 যিদিনা বিবেকে সাৰ পাব


                                                  কল্পনা পেগু


ভৰিখন মোৰ 

ভৰিৰ তলৰ মাটিখিনিও মোৰ 

অথচ আজি দুভৰি অস্থিৰ


চকুযুৰি আৰু দৃষ্টিও মোৰ 

চকুমেলি শুই আছোঁ আমি


জিভাখন মোৰ

কোৱা কথাবোৰো মোৰ 

অথচ আজি মুক বধিৰ


উশাহবোৰ মোৰ 

বতাহবোৰো মোৰ 

বুকুত জুয়ে দহিছে অহৰহ


ঘৰখন মোৰ

চোতালখনো মোৰ 

অথচ আজি সকলোবোৰ অচিনাকি


শৰীৰটো মোৰ

ভাবনাবোৰো মোৰ 

পদে পদে

অচিনা ভয়ত কম্পমান হৈ আছোঁ আজি


পথাৰখন মোৰ 

শস্যখিনিও মোৰ 

সকলো বন্ধকত দি

নিজ গৃহতে আজি মই অঘৰী


যিদিনা বিবেকে সাৰ পাব

সেইদিনা সকলোবোৰ মোৰেই  হ’ব

আৰু সেইদিনা তয়েই হ’বি

আটাইতকৈ নিঃকিন বাটৰ ভিখাৰী


Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages