অমানিশা সাৰে আছে আৰু সাৰে আছো মই
নৱজ্যোতি বৰা
অসমীয়া সংগীত জগত খনত যি জন ভগৱানে তিনিটা দশকৰো অধিক সময় আমাক তেওঁৰ সংগীতেৰে মোহচ্ছন্ন কৰি ৰাখিছিল সেইজন প্ৰাণৰ শিল্পী হেৰুৱাই দিশহাৰা আজি অসমীয়া। জুবিন গাৰ্গৰ শেষ ঠিকনা হ’ল সোণাপুৰৰ কমিৰকুছিত। আজি জুবিন গাৰ্গ নোহোৱা এক মাহৰ উপৰ হলহি তথাপিও জুবিন গাৰ্গৰ শেষ ঠিকনালৈ প্ৰত্যক দিনাই বহু দূৰ-দূৰণীৰ পৰা হাজাৰ-হাজাৰ কেতিয়াবা দৰ্শনাথি লাখৰ উপৰত জুবিনক্ষেএলৈ আহিয়েই আছে। সচৰাছৰ আমাৰ মানুহবোৰ শ্মশানলৈ যাবলৈ ভয় কৰে। তাতে দুই এজন কামিডাঠ মানুহে অকলে শ্মশানলৈ যাবলৈ সাহ কৰে। ৰাতি হলেতো নাজায়েই। কিন্তু সেই কথাবোৰ আজি জুবিন গাৰ্গৰ ক্ষেএত সম্পূৰ্ণ বিপৰিত হ’ল। জুবিন গাৰ্গৰ শ্মশান আজি মন্দিৰলৈ পৰ্য্যবেশিত হ’ল। পৃথিৱীত হয়তো এনে ঘটনা এয়াই প্ৰথম।
পৃথিৱীৰ ইতিহাসত সদায় জিলিকি থাকিব এই কৃতিত্ব, এটা আত্মা আছিল। যাৰ শেষ শয়ন স্থলীখন মানুহৰ বাবে পৰিণত হৈছিল, হিন্দুৰ সকলৰ বাবে মন্দিৰ, মুছলমান সকলৰ বাবে মছজিদ আৰু খ্ৰীষ্টান সকলৰ বাবে গীৰ্জাত। যেতিয়াই জুবিনক্ষেএলৈ মানুহবোৰ দৰ্শনৰ বাবে গৈছে তেতিয়াই সকলোৱে একে ঠাইতে জাতি ভেদ পাহৰি ‘মায়াবিনী ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি’' গীতটো গাই নিজ নিজ অন্তৰৰ দুঃখ বোৰ প্ৰকাশ কৰিছে। “জুবিন ক্ষেএ”ত মানুহবোৰে ধূপ-চাকি জ্বলাই তেওঁৰ আত্মাৰ সতগতিৰ প্ৰাৰ্থনা কৰাৰ লগতে জুবিন গাৰ্গক একোখন গামোচা দি মৰম নিবেদন কৰে। প্ৰত্যক দিনা ১০-১৫ হাজাৰ গামোচা দিয়ে মৰমৰ জুবিন গাৰ্গক। বৰ্তমান সময়লৈকে জুবিনক্ষেএৰ পৰা ৫ লাখতকৈও অধিক গামোচা সংগ্ৰহ কৰা হৈছে। গামোচাৰ লগতে ৰাইজে চাধাটেমা, গীটাৰ, সোণৰ চেইন, টুপী, ফটো, খাৰু দিছে জুবিন গাৰ্গক। এয়াই আমাৰ সংগীতৰ ভগৱান জনৰ প্ৰতি অসমৰ মানুহৰ মৰম।
সচৰাছৰ আমি দেখা পাওঁ যে যেতিয়া আমাৰ কোনোবা শ্মশানলৈ কিবা কামত গৈ ঘূহি আহিলে গা-পাত ধুইহে ঘৰৰ ভিতৰত প্ৰবেশ কৰিব পাৰে আৰু যিখন শ্মশানলৈ আমাৰ মহিলা সকলৰ লগতে সৰু সৰু লৰা-ছোৱালী যাবলৈ দিয়া নহয় সেই খন শ্মশানকে এতিয়া মানুহে পৱিএ ঠাই হিচাবে গণ্য কৰি দিনে-ৰাতিয়ে দৰ্শন কৰিবলৈ অসমৰ উপৰিও ওচৰ চুবুৰিয়া ৰাজ্যৰ পৰা মানুহৰ সুত বৱলৈ ধৰিছে । আনকি সেই পূৰ্ণ ভূমিত জুবিন গাৰ্গৰ ওচৰত আৰ্শীৰবাদ লৈ নতুন জীৱনৰ পাতনি মেলিলে এহাল দৰা-কইনাই। আজি জুবিনক্ষেএ চাবলৈ হাজাৰ হাজাৰ মানুহৰ সমাগম হয় কি দিন কি ৰাতি। মোৰ জীৱনত এনে দৃশ্য আছিলৈকে কতো দেখা নাই আৰু হয়তো নেদেখিমো। পৃথিৱীৰ বিখ্যাত প'প গায়ক মাইকেল জেকছনৰ সমাধি চাবলৈ ইমানবোৰ মানুহ হয়তো আজিলৈকে সমবেত হোৱা দেখা পোৱা নাছিলো। কিন্ত তাৰ বিপৰিত ছবি দেখা পোৱা গ'ল সোণাপুৰৰ কমাৰকুছি হাতীমূৰা অঞ্চলত। জুবিন গাৰ্গে আজিৰ পৰা ১২ বছৰ অৰ্থাৎ ২০১৪ চনতে সোণাপুৰৰ কমাৰকুছি এই স্থান খনকে নিজে নিৰ্বাচন কৰি ৰাখিছিল। জুবিনে এই সোণাপুৰত স্থায়ি ঠিকনা লোৱাৰ পাছৰে পৰা তেওঁক কোনো লোকে অকলে এৰি দিয়া নাই আজি পযন্তু। জুবিনক্ষেএত পুৱাৰে পৰা নিশা দুপৰলৈকে নাম-প্ৰসঙ্গ কৰাৰ লগতে মুছলমান সকলে কোৰাণ পাঠ কৰি আহিছে। আনকি কিছু লোকে জুবিনক্ষেএৰ পৰা ৰঙীল লেম্প উৰুৱাই আত্মাৰ সতগতিৰ বাবে প্ৰৰ্থনা কৰা দেখা গল।
জুবিন গাৰ্গ নোহোৱা আজি এক মাহৰো উপৰ হ’লহি। এক মাহৰ দিনা জুবিনক্ষেএ'ত এক বিৰল দৃশ্য দেখিবলৈ পোৱা গ’ল। ইটালীৰ বিখ্যাত অপেৰা শিল্পী জিঅ'কাণ্ড ভেছিছেলীও আহি উপস্থিত হোৱাৰ লগতে তেওঁ অপেৰা গাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনায়। সেইদিনাই জুবিনক্ষেএত ১২ ঘন্টীয়া অখণ্ড থিয় নাম গোৱাৰ উপৰি এক শতাধিক টা নামতি দলে সমূহীয়া ভাবে “দিহানাম” পৰিবেশন কৰে। নিশালৈ জুবিনক্ষেএত দুই শতানিক জন বাঁহীবাদকে বাঁহীৰ সুৰেৰে ‘মায়াবিনী ৰাতিৰ বুকুত’ গীতটো গোৱাৰ লগতে “এন্ধাৰ হ’ব নোৱাৰো/মচি দিব নোখোজোঁ” গীতটোতো সুৰৰ লহৰ তুলিলে জুবিনক্ষেএখন মায়াময় কৰি তুলিলে। ইয়াৰ পাছত দিলীপ হীৰা নামৰ বাঁহী বাদক জনে অকলে “উঠা জাগা আৰু জগোৱা” গীতটোত বাঁহীৰ সুৰেৰে সকলোকে ভাবোক কৰি তুলিছিল। এই বাঁহী সুৰৰ পৰিবেশ হয়তো পৃথিৱীতে বিৰল। সেইদিনা প্ৰায় পঞ্ছাছ (৫০) হাজাৰ অনুৰাগীয়ে নিজ নিজ মোৱাইলৰ টৰ্চলাইট জ্বলাই গৰিমা শইকীয়া গাৰ্গ'ৰ সৈতে একেলগে মায়াবিনী ৰাতিৰ বুকুত, ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন গীতটো গাই জুবিন গাৰ্গকে শ্মৰণ কৰিলে। জুবিনক্ষেএতে জীৱনত কালত মই প্ৰথম দেখিবলৈ পালো বোকা নাম আকৌ দেখিবলৈ পালো জয় জুবিন দা জয় নামৰ লহৰ। আনকি জুবিনক্ষেএৰ পবিএ ভূমি বটলত ভৰাই ঘৰলৈ নিলে অনুৰাগীয়ে। সেই জুবিনক্ষেএতে কেইবাঘন্টা ধৰি থিয় হৈ চিএশিল্পী ৰবিন বৰে প্ৰতিটো ধৰ্ম আৰু ঐশ্বৰিক সংযোগৰ প্ৰতিফলন ঘটাই অংকন কৰা জুবিন গাৰ্গৰ ছবিখন গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পন কৰে জুবিনক্ষেএতেই। জুবিন মৃত্যুৰ পাছতো জুবিনক্ষেএত আজিলৈকে যিমান হাজাৰ-হাজাৰ মানুহ গোট খালে হয়তো কোনো শিল্পীৰ মৃত্যুৰ পাছতো চাগে ইমান মানুহৰ ভিৰ শ্মশানত পৃথিৱীৰ ক’তো হৈ পোৱা নাই। সোণাপুৰৰ জুবিনক্ষেএ'ত এজন মুছলমান যুৱকে নিজৰ মূৰৰ পিন্ধি থকা টোপিটো খুলি জুবিন গাৰ্গৰ ধূলি পৰি থকা ফটোখন মচা থকা দৃশ্য সচাই বৰ বিৰল আছিল। জুবিন গাৰ্গগেই হয়তো বিশ্বৰ একমাএ ব্যক্তি হব যিজন হেৰাই যোৱাৰ পিছতো আজিলৈকে কোনেও “R I P” শব্দটো লিখা নাই । আজি চ’চিয়েল মিডিয়াৰ ডিজিটেল আন্দোলনে আন্তঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত আলোড়নৰ সৃষ্টি কৰিছে। ইতিমধ্যে তিৰিছ (৩০) লাখৰো অধিকে “জাষ্টিচ ফৰ জুবিন গাৰ্গ” শীৰ্ষক দাৱীৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাৱীত পৃথিৱীৰ ভিতৰত এক নম্বৰ ট্ৰেণ্ডত আছে ।
বাংলা অভিনেএী শতাব্দী কৈছে– ‘অসমৰ ৰাইজে নিজৰ মৰমৰ শিল্পীক কেনেকৈ ভাল পাব লাগে, কিমান ভাল পাব লাগে আৰু কিমান কান্দিব লাগে, সেই বিষয়ে বিশ্বৰ জন গনক শিকালে। সেইদৰে জুবিন গাৰ্গেও দেখুৱালে মৰম কেনেকৈ দিব লাগে আৰু গ্ৰহণ কেনেকৈ কৰিব লাগে। জুবিন গাৰ্গৰ মৃত্যুত লিমকা বুক অৱ ৰেকৰ্ডছত এচিয়াৰ ভিতৰতে প্ৰথম আৰু বিশ্বৰ ভিতৰত চতুৰ্থ গণ সমাগমে সঁচাকৈয়ে বিশ্বৰ বুকুত অভিলেখ স্থাপন কৰি অসমীয়াৰ নামৰ জাতিটোৰ পৰিচয় দাঙি ধৰিলে। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুয়ে বুজাই দিলে যে মৃত্যুও এক শিল্প। সদৌ শেষত জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণ হওক তাৰে কামনা কৰি সকলোৱে ন্যায়ৰ বাবে লিখি যাওক #JusticeForZubeenGarg। জুবিন গাৰ্গে বিছাৰিছিল মই মৰিলে গোটেই অসমত মায়াবিনী গীতটো বজি থাকিব লাগিব। তেওঁৰ মৃত্যুত অকল অসমতেই নহয় গোটেই পৃথিৱীতে আজিও সকলোৱে গাই আছে-মায়াবিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি। জয় জুবিন দা।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment