কৈ থাকক
উজ্জ্বল স্মৰণ দত্ত
ক’লে কৈ থাকক
শূন্য পাত্ৰই বাজে
নাথাকে সকলো কথাৰ ওজন
কৈ থাকক ক’লে
ক’বলৈ সহজ
জীয়ন জীয়াবলৈ
সহজতে সহজ নহয় জীয়ন
ক’লে কৈ থাকক
মৃত্যু শিল্প নহয়
গলি গলি গলা অৱশেষ
কৈ থাকক ক’লে
শিল্পৰ শিল্পী সকলো নহয়
কালৰ কালচেতনাৰে জাগ্ৰত
প্ৰহৰৰ প্ৰহৰী শিল্পী
ক’লে কৈ থাকক
পাতৰ তল নহয় ললনা
আদি অনাদিৰ সৃষ্টিৰ সৃষ্টি
মমতাৰ মাতৃ
কৈ থাকক ক’লে
বিদ্যায় শিক্ষা
শিকনত শিক্ষা
দেখি শিকে ঠেকি শিকে
ক’লে কৈ থাকক
খোজত খোজ দিলেই
স্বাধীন বুলি স্বাধীন
কোনো নহয়।
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment