চিগাৰেট
ৰীতে ৰিদম
মই কোনোদিনে চিগাৰেট খোৱা নাই
আৰু জীৱনতো নাখাওঁ
তুমি কিন্তু চিগাৰেট হ’লে
তিনি সত্যে খাম ।
প্ৰতাৰিত প্ৰেমিকে হেনো চিগাৰেট খাই খাই
নিজক জ্বলাই মৰে
কিছুমানে আকৌ
জীৱনবোধৰ গান আৰু কবিতা লিখে
কিমানটা চিগাৰেট শেষ কৰিলে
এখন হৃদয় জ্বলি পুৰি মৰে
আৰু এখন চহৰ
ৰজাৰ কি ভূলৰ বাবে ছাই হৈ পৰে
নুবুজিলোঁ চিগাৰেট কি বস্তু…?
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫

No comments:
Post a Comment