ডিজিটেল যুগত ভাষাৰ ভৱিষ্যত
ভাষা মানুহৰ জীৱন আৰু সমাজ দুয়োৰে মূল কেন্দ্রবিন্দু। মানুহে নিজৰ চিন্তা, অনুভূতি, অভিজ্ঞতা আৰু জ্ঞান আদিৰ প্রকাশৰ বাবে সৰ্বাধিক ব্যবহাৰ কৰা মাধ্যমটো হৈছে ভাষা। অৱশ্যে ভাষাক কেৱল যোগাযোগ বা মত প্ৰকাশ মাধ্যম বুলি ক’লে ভুল কোৱা হ’ব। ভাষাই আমাক অন্য প্ৰজাতিৰ পৰা পৃথক কৰি জীৱ শ্ৰেষ্ঠ হিচাপে পৰিচিত কৰাইছে। ভাষা হ’ল জাতিৰ পৰিচয়। যি জাতিৰ ভাষা নাই সেই জাতিৰ সংস্কৃতি আৰু জাতীয় সত্তাও নাথাকে।
সভ্যতাৰ সূচনাৰ লগে লগে ভাষাৰো উৎপত্তি ঘটিছে। মানুহৰ ভাষাৰ উপত্তি, বিকাশ সম্পৰ্কে বহু পণ্ডিতে আগবঢ়োৱা তত্ত্বসমূহত পোৱা যায়। কোনো কোনো পণ্ডিতে ঊনবিংশ শতিকাৰ আগলৈকে ভাষা সৃষ্টিৰ সংজ্ঞা দিবলৈ গৈ ভাষাক ‘ভগৱানৰ প্ৰত্যক্ষ দান’' বুলি অভিহিত কৰিছিল। কিন্তু জে.ডি.হাৰ্ডাৰৰ ‘The Origin of Language’ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতহে ভাষাবিজ্ঞানীসকলৰ মনৰ পৰা ভাষা ‘ভগৱানৰ প্ৰত্যক্ষ দান’ এই ধাৰণাটো আঁতৰি গ’ল।
ভাষা উৎপত্তিৰ ধাৰণাটো আজিও ৰহস্যৰ কুঁৱলীৰে আবৃত বুলি অভিহিত কৰিব পাৰি যদিও ভাষাৰ উৎপত্তি সম্পৰ্কে বহুতো সূত্ৰ পোৱা যায়। ভাষাই কেনেকৈ আৰু কেতিয়াৰ পৰা মানৱ সমাজত বিকশিত হ’ল ই আজিও ৰহস্যৰ আৱৰ্তত। ইয়াৰ গ্ৰহণযোগ্য সংজ্ঞা নিশ্চিতৰূপত কোৱা সম্ভৱ নহয়। অনুকৰণ সূত্ৰ (The Bow-Bow Theory) অনুসৰি ভাষাৰ উৎপত্তি প্ৰাকৃতিক ধ্বনিৰ অনুকৰণৰ পৰা হৈছিল বুলি ধৰা হয়। মানুহে প্ৰথমে প্ৰকৃতিৰ পশু–পক্ষীৰ শব্দ, বতাহ, পানী, বজ্ৰ আদি প্ৰাকৃতিক শব্দবোৰ শুনি সেইবোৰ অনুকৰণ কৰি শব্দ সৃষ্টি কৰিছিল। পিছত সেই শব্দবোৰে ক্ৰমশঃ অৰ্থ, ধ্বনি আৰু শব্দ ৰূপ পাই ভাষালৈ বিকশিত হৈছে। আকৌ আন এটা সূত্ৰ Pooh-pooh Theory (অনুভৱ-প্ৰকাশ সূত্ৰ) অনুসৰি, মানুহৰ হৃদয়ৰ আৱেগ-অনুভূতি, বেদনা, আশ্চৰ্য ইত্যাদি প্ৰকাশ কৰোঁতে স্বতঃস্ফূর্তভাৱে উৎপন্ন হোৱা শব্দৰ পৰা ভাষাৰ জন্ম হৈছিল বুলি ধাৰণা কৰা হয়। ইয়াৰোপৰিও আন আন সূত্ৰত ভাষাৰ জন্ম, বিকাশ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা পোৱা যায়। কিছুমানে চৌপাশৰ প্ৰাকৃতিক শব্দক, আনহাতে মানৱীয় অনুভূতিৰ স্বতঃস্ফূর্ত কণ্ঠধ্বনিক ভাষাৰ প্ৰাৰম্ভিক উৎস বুলি গণ্য কৰে। মানৱ সমাজৰ বিকাশৰ সৈতে ভাষাৰো বিকাশ ঘটিছে। আদিম মানুহে ভংগীমা আৰু ধ্বনিৰ সহায়ত যোগাযোগ কৰিছিল। কালক্ৰমে শব্দ, বাক্য আৰু লিপি উদ্ভাৱনৰ লগে লগে ভাষাই পূৰ্ণ ৰূপ লাভ কৰিলে। লিপিয়ে ভাষাক স্থায়িত্ব আৰু সংৰক্ষণৰ সুবিধা প্ৰদান কৰিলে। ভাষাই আমাক সামাজিক, মানসিক আৰু সাংস্কৃতিকভাৱে একত্ৰিত কৰি ৰাখিছে। মানৱ সমাজে শতিকাৰ পিছত শতিকাজুৰি নিজা নিজা মাতৃভাষাক সংৰক্ষণ কৰাৰ লগতে বিৱৰ্তনশীল সমাজ ব্যৱস্থাৰ সৈতে ইয়াক বিকশিত কৰি আহিছে। সম্প্ৰতি সামাজিকভাৱে বা চৰকাৰীভাৱেও ভাষাৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰা দেখা যায়।
এতিয়া কথা হ’ল ভাষা কেনেকৈ সৃষ্টি হ’ল সেই কথাত মাথা ঘমাই থকাকৈ ভাষাটো কেনেকৈ জীয়াই ৰাখিব লাগে আৰু আজিৰ ডিজিটেল পৃথিৱীত ইয়াক কেনেকৈ সংৰক্ষণ কৰা যায় সেয়াহে চিন্তা কৰা উচিত। আমাৰ আজিৰ আলোচ্য বিষয় এইটোৱেই যে ডিজিটেল যুগত ভাষাৰ ভৱিষ্যত। অৰ্থাৎ ডিজিটেল প্ৰযুক্তিৰ যুগত মাতৃভাষা কেনেকৈ সংৰক্ষণ কৰা উচিত। ডিজিটেল পদ্ধতিত ভাষা সংৰক্ষণৰ কথাটো আলোচনা কৰাৰ প্ৰাক মূহুৰ্তত ক্ষুদ্ৰ জনগোষ্ঠীয় ভাষাৰ প্ৰতি থকা মানুহৰ নেতিবাচক চিন্তাবোৰ ইতিবাচক চিন্তালৈ ৰূপান্তৰ কৰিব লাগিব। ইতিবাচক চিন্তাধাৰাই ব্যক্তিগত জীৱনৰ লগতে সামাজিক জীৱনকো সমৃদ্ধ কৰে। কিছু ক্ষেত্ৰত আমি সম্পূৰ্ণ ৰূপে নেতিবাচক দিশবোৰ পৰিত্যাগ কৰিবলগীয়া হয়। এক প্ৰকাৰ ক’বলৈ গ’লে ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় ভাষা সমূহৰ ওপৰত আমাৰ মাজত নেতিবাচক চৰ্চা সৰ্বাধিক হোৱা দেখা যায়। যাৰ ফলত নিজৰ আইৰ ভাষাটো সংকটৰ গৰাহত পৰিছে বুলি ধাৰণা কৰি ল’বলৈ আৰম্ভ কৰিছে। ডিজিটেল প্ৰযুক্তিয়ে আমাক বহু ক্ষেত্ৰত সুবিধা প্ৰদান কৰিছে। সেই সুবিধাবোৰ গ্ৰহণ কৰা উচিত। ডিজিটেলৰ যুগত নিজৰ মাতৃভাষাক সংৰক্ষণ কৰাত আৰু বেছি সুবিধাজনক হৈছে। অনলাইন মাধ্যম, কৃত্ৰিম বুদ্ধিমত্তা আৰু অনুবাদ প্ৰযুক্তিয়ে ভাষাৰ ব্যৱহাৰ সম্পূৰ্ণ সলনি কৰি পেলাইছে। AI (Artificial Intelligence), Unicode, Transliteration আৰু Voice Typingৰ দৰে প্ৰযুক্তিয়ে স্থানীয় ভাষাসমূহ সংৰক্ষণৰ নতুন দুৱাৰ মুকলি কৰি দিছে। আগতে ভাষাবোৰ কেৱল এটা অঞ্চলৰ মাজত সীমাবদ্ধ আছিল, কিন্তু আজিৰ ডিজিটেল পৃথিৱীত ভাষাবোৰ সামাজিক মাধ্যম যেনে - ৱেবচাইট, ফেচবুক, ইউটিউব, ব্লগ, আৰু অনলাইন শিক্ষাৰ মঞ্চৰ জৰিয়তে বিশ্বৰ চৌদিশে আমি মুক্ত প্ৰচাৰ প্ৰসাৰ কৰিব পৰা হৈছো। যাৰ ফলত ভাষা চৰ্চা বা ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।
আজিৰ দিনটোত যিসকলে সামাজিক মাধ্যমৰ দ্বাৰা নিজৰ মাতৃভাষাত কনটেন্ট তৈয়াৰ কৰি ভাষাৰ অধিক প্ৰচাৰ প্ৰসাৰ কৰি আছে তেওঁলোকক নিজৰ জাতীয় সংগঠনসমূহৰ দ্বাৰা উৎসাহ যোগাবৰ বাবে অনুপ্ৰেৰণা মূলক বঁটা বাহনৰো ব্যৱস্থা কৰা উচিত। বিদ্যালয়ৰ পাঠ্যসূচীত মাতৃভাষা শিক্ষা অতি প্ৰয়োজন। লগতে নতুন প্ৰজন্মক নিজৰ ভাষাত চিন্তা, আলোচনা আৰু সৃষ্টি কৰিবলৈ অনুপ্ৰেৰণা যোগাব লাগিব। কিয়নো তেওঁলোকে আগবঢ়োৱা সেই নূন্যতম অৱদানে এদিন ভাষা জীয়াই ৰখাৰ মূল চালিকাশক্তি হিচাপে কাম কৰিব। কোনো কোনোৱে ৱেবচাইট, ব্লগৰ জৰিয়তে বিশ্ববাসীক নিজৰ ভাষাৰ পৰিচয় কৰাইছে। সম্প্ৰতি স্থানীয় বা নিজৰ মাতৃভাষা সমূহ জীয়াই ৰখাৰ উত্তম পন্থা হ’ল সামাজিক মাধ্যম। যাৰ জৰিয়তে নিজৰ মাতৃভাষাক সমগ্ৰ বিশ্বত প্ৰচাৰ প্ৰসাৰ কৰিব পাৰি। ভাষা সংকটৰ কথাবোৰ আমি সঘনাই আলোচনা কৰাৰ বিপৰীতে ডিজিটেল সুবিধা গ্ৰহণ কৰি ভাষা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে ভাল ভাল পদক্ষেপসমূহ গ্ৰহণ কৰা উচিত। তেতিয়াহে পৃথিৱীৰ সকলো জাতি জনগোষ্ঠীৰ মাতৃভাষাসমূহ জীয়াই থাকিব। এটা কথা মনত ৰখা উচিত হ’ব যে আইৰ মুখৰ ভাষাটো কোনো কাৰণতে হেৰুৱাব নালাগে। ভাষা হেৰুওৱা মানে এটা জনগোষ্ঠীৰ আত্মা আৰু ইতিহাস হেৰুৱা। কোনো ৰাজনৈতিক চাপ বা আন কাৰণেই নহওঁক কিয় নিজৰ ভাষাক সংৰক্ষণ আৰু সমৃদ্ধ কৰিবলৈ আমি সকলোয়ে একতাবদ্ধভাৱে আগবাঢ়িব লাগিব।
তপন লাল
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment