তোমাৰ ঘৰ মোৰ ঘৰ
নীলিম কুমাৰ
তুমি ঢুকাইছিলা
তোমাৰ ঘৰত
আৰু জীয়াই আছিলা
মোৰ ঘৰত
তুমি শেষ নিশ্বাস ত্যাগ কৰিছিলা
তোমাৰ ঘৰত,
আৰু মোৰ ঘৰত
উশাহ লৈছিলা দীঘল দীঘলকৈ
তুমি চকু মুদিছিলা
তোমাৰ ঘৰত
আৰু মোৰ ঘৰত লৈছিলা
চকুত কাজল
তোমাৰ ঘৰত ঢুকাওতে
দুই ওঁঠ তোমাৰ হৈ গৈছিল
একেবাৰে চেঁচা, নিথৰ
আৰু মোৰ ঘৰত
তোমাৰ ওঁঠত নাছিল
গুণগুণনিৰ শেষ
আনকি
ৰঙা লিপষ্টিকো লগাইছিলা তুমি
ঢুকোৱাৰ পিছত
নাকাঢ়ে কাৰো নখ আৰু চুলি
কিন্তু মোৰ ঘৰত দেখিছিলো তোমাক
নেইলকাটাৰেৰে খুট খুটকৈ নখ কাটি থকা
তোমাৰ ঘৰত তুমি
ইমানকৈ মৰিলা কিয়
আৰু মোৰ ঘৰত
তুমি ইমানকৈ জী থাকিলা কিয়
তুমি নে মই
কোনে সপোন দেখিছিল
ঢুকোৱাৰ পিছতো তুমি
মোৰ ঘৰত জীয়াই থকাৰ
তুমি ঢুকাইছিলা
তোমাৰ ঘৰত
আৰু জীয়াই আছিলা
মোৰ ঘৰত
Doksiri দকচিৰি, নৱেম্বৰ, ২০২৫


No comments:
Post a Comment