তিলফুল
নয়নমণি দাস
চাৰিকড়ীয়াৰ পাৰত বʼহাগৰ ৰংসনা দূপৰীয়া এটাত শব্দৰ সতে এখন্তেক খেলা পাতিছে। শব্দৰ খেলাত অংশ ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কাব্যপ্ৰেমী সকল আহি উপস্থিত হৈছে। সেই খেলত অংশ লৈ মনৰ কথা পাতিবলৈ ডিব্ৰুগড়ৰৰ পৰা আমন্ত্ৰিত কবি হিচাপে ৰূপমো আহিছে।
প্ৰায় বিশ বছৰৰ পিছত বিশ্ববিদ্যালয়ৰ একে বিভাগৰে অগ্ৰজ নিজৰা গগৈ বাইদেউক দেখা পাই ৰূপমে স্থান কাল পাহৰি চিঞৰি উঠিল। “ঐ, নিজৰা বা কি খবৰ তোৰ ?” ইমান বোৰ মানুহৰ মাজত কোনে কাক মাতিছে ধৰিব পৰা নাছিল যদিও অতি আপোন আৰু আপোনত্ব ঢালি নিজৰা বা বুলি কোনে মাতিলে জানিবলৈ তাই অধীৰ হৈ পৰিছিল। সেয়ে আপোন কণ্ঠ স্বৰৰ উৎস বিচাৰি চকুৱে পিটপিটাই থাকোতেই এজন অচিনাকী মানুহে তাইলৈ চাই হাঁহি থকা দেখা পালে। চকু যোৰ তাই চিনাকি। ক’লা চুলিত প্ৰায় বগা ৰং লাগিছে। দেখাত মানুহজন হৃষ্টপুষ্ট আৰু ফুৰ্টিবাজ। মুখত হাঁহি এমোকোৰা লৈ থকা মানুহ জনক আগতে ক'ৰবাত লগ পাইছোঁ বুলি ভাবি থাকোঁতেই সি তাই ওচৰ চাপি আহি হাতখনত ধৰি জুকাৰি দি ক’লে, “নিজৰা বা, মোক পাহৰিলি নেকি? মই ৰূপম আক। অহ’ পাহৰিবিয়েই আৰু বুঢ়া হৈছোঁ টো। ভনীয়েকৰ মোলৈ বিয়া দিয়া হ’লে মনত ৰাখিলি হয়। জোঁৱাই জোঁৱাই বুলি খুউব তেল মাৰিলি হেঁতেন। কথাষাৰ কৈ সি ঢেকঢেকাই হাঁহি দিছিল। নিজৰাই চিনি পায় ক’লে, “আই ঔ ৰূপম তই ? মই ভালে আছোঁ। তোৰ কি খবৰ ? কʼৰপৰা টপ কিলি ঐ তই? ইমান দিনৰ মূৰত দেখিলোঁ তোক? তোৰ চেহেৰাত কিছু পৰিৱৰ্তন আহিলেও ধৰণ কৰণত কিন্তু একেই আছ দেই। বিশ্ববিদ্যালয়ৰ নালায়ট, নাকাম্মা, বইজাত ল’ৰাটো হৈয়ে আছ।”
বিশ বছৰৰ পিছত লগ পোৱা ৰূপমৰ লগত প্ৰাণ খুলি মনৰ কথা পাতিবলৈকে দুয়োটাই ওচৰা-ওচৰিকৈ থকা আসন দুখনত বহি ল’লে। নিজৰাই ৰূপমক হাঁহি হাঁহি সুধিছিল, “ঐ, ক’চোন ভালে আছেনে তোৰ সেই বিশেষ ৰাইজ ? তই বিয়া বাৰু কৰালি নাই ? নে মনৰ দুখত বৰলা ভাতকেই খাই আছ?” তাক কথাখিনি কৈ তাই মুখটিপি হাঁহিছিল। অৱশ্যে তাই শান্ত শিষ্ট স্বভাৱটো লগতে মনটো ক্ষন্তেকৰ বাবে বিশ্ববিদ্যালয়ৰ তিতা মিঠা অভিজ্ঞতা বুটলা দিনবোৰলৈ উভতি গৈ ৰাংঢালি ছোৱালী জনী হৈ পৰিছিল।
নিজৰাই হাঁহি মাৰি কোৱা কথাষাই তাৰ বুকুত শক্তিশেলে বিন্ধা দৰে বিন্ধি গ’ল। হঠাৎ তাৰ হাঁহি থকা মুখ খন যেন ফৰকাল আকাশত বিজুলী ঢেৰেকণি মাৰি ক'লা ডাৱৰে আৱৰি ধৰিলে। তাৰ এনে আচৰণ দেখি তাই একো তত্ ধৰিব নোৱাৰি মুখলৈ থ লাগি চাই ৰʼল। ৰূপমৰ সেমেকি উঠা মুখখন দেখিও নেদেখা ভাওজুৰি নিজৰাই পুনৰ একেই উৎসাহেৰে মাত লগালে। “কি হ’ল ঐ, একেবাৰে পানীত ভিজা মেকুৰীটো দৰে হৈ পৰিছ যে ? তোৰ মুখৰ মাতেই হেৰাই গ'ল চোন। হ’ব আৰু ইমান ট্ৰেজেদি ফালি নাথাকিবি। জন্ম, মৃত্যু, বিবাহৰ লগতে হাৱাই চেণ্ডেলৰ ফিটা চিঙা। এই সকলোবোৰ ভগৱানৰ ইচ্ছা অনুসৰিয়েই হয়। ইমান দিনৰ মূৰত তোক লগ পায় এনেই কামোৰ এটা দিলোঁ আৰু। সেইবোৰ কথা ভাবিব নাপায় এতিয়া। বৰ্তমানক লৈ সুখী হʼ। আগলৈ চা চোন, আজি অনুষ্ঠানটো আটকধুনীয়াকৈ অনুষ্ঠিত কৰিছে। অনুষ্ঠানৰ পৰিৱেশনটো বৰ সুন্দৰ হৈছে। বিভিন্ন প্ৰান্তৰ কবিৰ অনুভৱত কিছু সময়ৰ পিছতে চাৰিকড়ীয়া নৈ খন গাভৰু হৈ পৰিব। ব’হাগৰ ৰং সনা দূপৰীয়াটিও চাৰিকড়ীয়া প্ৰেমত উন্মাদ হৈ উঠিব। “নিজৰাৰ কথাত ৰূপম যেন জোখতকৈ বেছি গহীন হৈ পৰিছিল। অনুষ্ঠানৰ উদ্বোধনী ভাষণৰ কিছু উক্তিয়ে নিজৰাক চুই গৈছিল যদিও ৰূপমৰ আচৰণত তাই মনটোৱে কেতিয়াবা কেতিয়াবা ফালৰি কাটিছিল। উদ্ধোধনী ভাষনৰ শেষ শব্দকেইটি উচ্চাৰণৰ পিছতেই শ শ হাত চাপৰিত চাৰিকড়ীয়াই হাঁহি উঠিছিল। ৰূপমে গহীন হৈ কৈছিল, তই খবৰটো পালি নাই ? আজি পৰা ৬ বছৰৰ আগতেই সি ঢুকাল।” কথাষাৰ শুনা লগে লগে তাই জিভাখন শুকাই গৈছিল। তাই খুউব জোৰেৰে মুখৰ পৰা মাত উলিয়াবলৈ যত্ন কৰিও ক্ষন্তেক ৰৈ গৈছিল। কিছু সময়ৰ পিছত তাই লাহেকৈ সুধিছিল। “কি? কেনেকৈ ঢুকাল ? তাই কথা শুনি ৰূপমে ক'লে কম বাৰু পিছত। আমি কথা পাতি থকাত কাব্যপ্ৰেমী সকলে বেয়া পাইছে।” ৰূপমে প্ৰসংগটো এৰিব বিচাৰিছে বুলি জানি তাই ক্ষন্তেক মৌন হৈ থাকিল।
মন এক আধ্যাত্মিক ধাৰণা। মন পাখি লগা কাড়। ইয়াক মানুহে কেৱল কল্পনা কৰিব পাৰে, স্পৰ্শ কৰিব নোৱাৰে। সেয়ে হয়তু নিজৰা মনে ঢাপলি মেলিছিল বিশ্ববিদ্যালয়ৰ সোণোৱালী দিনবোৰলৈ।
টেবুলত নিজৰা ফোনত দীঘলীয়াকৈ বাজি উঠাত ৰূমমেট অঞ্জনাই নিজৰাক বাথৰূমত ফালে চাই মাত লগালে। পিছে, নিজৰা বাথৰূমত নাছিল। সেয়ে তাই ফোনটোত দীঘলীয়াকৈ ৰিংটন বাজি বাজি লাইন কাট খাই গৈছিল। পুনৰ আকৌ ৰিংটন বাজি উঠাত কাষৰ ৰূমৰ পৰা হাতত কিতাপ এখন লৈ উধাতু খাই আহি তাই ফোনটো ৰিচিভ কৰিলে।
ফোনটো ৰিচিভ কৰি হেল্ল বুলি কোৱাৰ লগে লগে সিফালৰ পৰা কৈছিল, “মই কোন সেয়া পিছত গম পাবি। প্ৰথমে গেটৰ বাহিৰলৈ ওলাই আহ।” নিজৰাই ৰূপমৰ মাতটো চিনি পায় মনে মনে হাঁহি উঠিল। ৰূপম শিশু মনৰ ল'ৰা। তাৰ স্বভাৱ চৰিত্ৰই নিজৰাৰ অন্তৰত ভায়েক হৈ আসনপাতি বহি লৈছে। মৰমৰ ভায়েক ৰূপমে তাইক লগ কৰিবলৈ হোষ্টেললৈ আহিছে বুলি ভাবি আনন্দ মনেৰে উলাই আহিল। হোষ্টেলৰ গেটখন খুলিয়েই ৰূপমক দেখা পায় তাই চিঞৰি উঠিল।, “আই ঔ, কি হ’ল তোৰ? একে বাৰে খাবলৈ নোপোৱা মানুহৰ দৰে শুকাই ক্ষীণাই অৱস্থা নাই যে তোৰ? গা বেয়া হৈছে নেকি? নিজৰাৰ কথালৈ গুৰুত্ব নাই তাৰ। ডিঙি মেলি মেলি গেট খনৰ ফালে চোৱাতহে ব্যস্ত। ৰূপমৰ আচৰণত ক্ষুন্ন হৈ নিজৰাই ধমকি সুৰত আকৌ ক’লে, “ঐ কি হৈছে তোৰ ? ইমান অন্যমনস্কৰ হৈ আছ যে ? কিবা বিপদত পৰিছ নেকি ? একো সংকোচ নকৰাকৈ তোৰ কি হৈছে মোক ক ?” এইবাৰ নিজৰাৰ কথালৈ গুৰুত্ব নিদি সি তাৰ পাকেটত পৰা ম'বাইল টো উলিয়াই নাম্বাৰ ডাইল কৰাত লাগিল। নাম্বাৰ ডাইল কৰি সি ক’লে, “ৰ, তোৰ সন্মূখতে দেখাই দিম। মোৰ কি হৈছে।”
তাৰ মুখত কথাষাৰ শেষ নহওঁতেই নিজৰা ফোনটো বাজি উঠিল। নিজৰা ফোনটো বাজি উঠাত ৰূপমৰ চকু টেলেকা হৈছিল। থিয় হৈ থকা ঠাইতে লেপেত খাই বহি তাইলৈ চাই ঘন ঘনকৈ উশাহ টানি ল'লে। সি মাটিত বহি যোৱা দেখি তাই তাক সাৱটি ধৰি হোষ্টেল গেটত থকা চতুৰ্থ বৰ্গ কৰ্মচাৰী বুদ্ধি খুড়াক চিঞৰিলে। খুড়া, খুড়া... ভাইটি মুৰ ঘুৰাইছে পানী অকনমান লৈ আঁহক। বুদ্ধি খুড়াই দৌৰি গৈ পানী বটল এটা দিলে। তাই হাতত পানী লৈ তাৰ চকুৱে মুখে পানী মাৰি দিলে। সি তাই হাতৰ পৰা পানী বটলটো টান মাৰি লৈ ঘপকৈ বহাৰ পৰা উঠিলে। আৰু বটলটোত থকা আটাইখিনি পানী খাই এটা উশাহতে শেষ কৰিলে। ক্ষন্তেক পিছতে জ্ঞান হেৰুৱাই জ্ঞান পোৱা মানুহৰ ক’লে, মোৰ একো হোৱা নাই, এনেই চিন্তা নকৰিবি। মুৰটো ঘুৰোৱা দৰে লাগিছিল। এতিয়া ভাল হৈ গ’ল।” হোষ্টেলৰ অলপ দূৰৈত থকা পাৰ্কতে অলপ বহোগৈ আহ চোন বুলি তাইক লগ ধৰিলে।তায়ো তাৰ হাতত ধৰি ধৰি পাৰ্ক ফালে আগুৱাই গ’ল।
দুখোজ মান আগলৈ গৈ সি তাইক ক’লে, “মানে সেইজনী তইয়েই। যাক বিচাৰি মই পাগলৰ দৰে ঘুৰি ফুৰিছিলোঁ।” তাই তাৰ কথাবোৰ একো বুজিব পৰা নাছিল। মাথোঁ খৰখোজে তাৰ হাতত ধৰি পাৰ্ক ফালে আগুৱাই গৈছিল। প্ৰকৃতি লগত বিলীন হ’ব বিচৰা তাই মনটোৱে সেইদিনা পাৰ্কত প্ৰকৃতিৰ মনোৰম দৃশ্য উপভোগ নকৰি মাথোঁ তাৰ মুখলৈ চাই ৰৈছিল । সি তাৰ পাকেটৰ পৰা এটা সেন্দূৰৰ টেমা উলিয়াই দেখাই কৈছিল।” আজি তই নহৈ যদি বেলেগ ছোৱালী হ’ল হয় তেন্তে এই সেন্দূৰ শিৰত পিন্ধাই দিলোঁহেতেন। কিন্তু তই মোৰ বাইদেউ হʼলি। তই মোৰ তেজৰ সম্পৰ্কীয় বাইদেউ নহ’লেও মনৰ সম্পৰ্কীয় বাইদেউ। তোক মই বিয়া কৰাব নোৱাৰোঁ। তোক বিয়া কৰালে মোৰ পাপ লাগিব। কথাখিনি কৈ সি ফেকুৰী উঠিল। তাই সেন্দূৰ টেমা আৰু তাৰ কথাখিনি শুনি ভয় খাইছিল। বুকুত সাহস বান্ধি তাক সুধিছিল আচল কথাটো। সি তাৰ হাতৰ পৰা সেন্দূৰৰ টেমাটো দলিয়াই দি কথাবোৰ লাহে কৈ গৈছিল।” মই মোৰ সহপাঠী অনুৰাধাক মন প্ৰাণ সঁপি ভাল পাওঁ। তায়ো মোক নিজত কৈয়ো অধিক ভাল পায়। আমাৰ সমন্ধটো সিহঁতৰ ঘৰত একেবাৰে মানি লোৱা নাছিল। পিছে আমি সকলো বাধা নেওচি বহু দূৰ আগবাঢ়ি গʼলো। এদিন আমি ঘৰৰ অজ্ঞাতে মন্দিৰত বিয়া পাতিলো। বিয়া পিছত কেইবাখনো দৈহিক মিলনো হৈছিল। আমি সামাজিক ভাৱে পতি পত্নী নহ’লেও মানসিক ভাৱে আমি পতি পত্নী। এতিয়া কথা হ’ল যোৱা ৰাতি তাইক তাইৰ ঘৰৰ মানুহে প্ৰশাসনিক বিষয়া এজনৰ লগত ধৰি বান্ধি বিয়া দি দিলে। শেহতীয়াকৈ গম পালোঁ প্ৰশাসনিক বিষয়া জনক ছোৱালী এজনীয়ে অপমান কৰা বাবে প্ৰশাসনিক বিষয়া জনে ছোৱালী জনীক এটা দিনত বিয়া পাতি দেখাম বুলি কথা দিছিল। সেই কথা ৰাখিবলৈয়ে মোৰ অনুৰাধাক বিয়া পাতি লৈ গ’ল। সেয়ে ময়ো প্ৰতিজ্ঞা কৰিছিলোঁ যি গৰাকী ছোৱালী বাবে মই মোৰ অনুৰাধাক নাপালোঁ সেইজনী ছোৱালীক সেন্দুৰ পিন্ধাই মোৰ পত্নী কৰিম। কিন্তু.. মই মোৰ প্ৰতিজ্ঞা ভংগ কৰিলোঁ। কাৰণ সেই ছোৱালী জনী আন কোনো নহয় সেই জনী তই। তই মোৰ খুউব মৰমৰ বাইদেউ। ক্ষমা কৰিবি বাইদেউ। তোৰ আগত বহুত কথা আজি কৈ দিলোঁ। ৰূপমৰ কথা শুনি নিজৰাই স্বস্তি নিশ্বাস এৰি ক’লে, “কোনোবা ভাল চাকৰি কৰা ল’ৰা এটাই মোক চাবলৈ আহিল বুলিয়েই মই পঢ়া শুনা বাদ দি বিয়াত বহিম নেকি ? মোক বিয়া পাতিম বুলি বহুত আশা দেখাইছিল। সিদিনা মোক হোষ্টেলত লগ কৰিবলৈ আহোতে প্ৰায় দহ হাজাৰ টকা মূল্যৰ মিঠাই লৈ আহিছিল। মই হাতেৰেই নুচোলো। পিছে মোৰ বান্ধৱী জ্যোতি আৰু জুৰিয়ে মিঠাই খিনি কেঁকোৰ জেকোৰকৈ হোষ্টেলৰ ভিতৰলৈ সোমোৱাই আনিছিল। মই এতিয়াই বিয়াত নবʼহো বুলি কোৱাত জেদ কৰি এদিনত বিয়া পাতি দেখাম বুলি কৈ আঁতৰি আহিছিল। তাৰ পাছত আৰু একোৱেই খবৰ নাপাওঁ।”
কথাবোৰ ভাবি থাকোঁতে বিশিষ্ট কবি সকলে কবিতা পাঠ কৰি থকা গমেই পোৱা নাছিল। এইবাৰ মঞ্চলৈ নিমন্ত্ৰণ জনাইছিল বিশিষ্ট কবি ৰামচন্দ্ৰ কছাৰীক। ৰামচন্দ্ৰ কছাৰী প্ৰতিটো কবিতাই হৃদয় স্পৰ্শ কৰে। গলগলীয়া কণ্ঠত প্ৰিয় কবি নীলমণি ফুকন দেৱৰ "তুমি যে তিলফুল হৈ" কবিতাটিয়ে প্ৰাণ পাই উঠিল। কবিতাটিৰে আৰম্ভ কৰি নিজৰ অনুভৱে ব্যক্তব্য শেষ কৰাত সতীৰ্থ কবিৰ হাত চাপৰিত মঞ্চ মুখৰিত হৈ পৰিছিল। অনুষ্ঠানৰ শেষত ৰূপমে ক’লে, “নিজৰা বা, তই খবৰটো পালি বুলিহে ভাবিছিলো। অনুৰাধাৰ যে বিয়া হৈছিল সেই প্ৰশাসনিক বিষয়া জন আজি পৰা ছয় বছৰৰ আগতে বাইক আৰু ড্ৰাম্পাৰৰ মুখামুখি সংঘষৰ ফলত মৃত্যু হ'ল। বৰ ভয়ংকৰ এক্সিডেন আছিল সেইটো। ইলেক্টিক পোষ্টত খুন্দা খাই মুৰটো মাজে মাজে দুফাল হৈ গৈছিল। উস বৰ্ননা কৰিব নোৱাৰি আৰু।”
ৰূপমৰ মুখত খবৰটো শুনি নিজৰাৰ বুকুৰ খন কপি উঠিল। তাই মনতে ভাৱিলে, কোনো দিন ভাল নোপোৱা ল’ৰা জনৰ প্ৰতি আজি কিয় ইমান দৰদ উপজি উঠিল ? মৃত্যু চিৰসত্য যদিও মৃত্যুক কোনেও মানিব নোৱাৰে বাবেই তাই হয়তু আজি এনে লাগিছে। নীলমণি ফুকন দেৱৰ প্ৰিয় কবিতাটি এটি পংক্তিৰে মন মগজুত বাৰে বাৰে ক্ৰিয়া কৰিছে।
“ভুলতে তোমাক বিছনাখনত
খেপিয়াই ফুৰিছিলোঁ,
তুমি যে পৰ্বতটোৰ নামনিত
তিলফুল হৈ
হালি-জালি ফুলি আছা”।


No comments:
Post a Comment