সাৰ্থক জনম মোৰ
বাংলা কবিঃ ৰবীন্দ্ৰনাথ ঠাকুৰ
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
সাৰ্থক জনম মোৰ জনম লভি এই দেশত।
অ’ আই, সাৰ্থক জনম মোৰ তোমাক ভাল পাই।।
নাজানো তোৰ ধন-ৰতন আছে নে নাই ৰাণীৰ দৰে,
মাথোঁ জানো মোৰ সৰ্ব শৰীৰ হয় শীতল তোৰ ছাঁয়াত আহি।।
নাজানো কোন বনৰ ফুলৰ গোন্ধত এনে কৰে ব্যাকুল,
কোন আকাশত উঠে চন্দ্ৰ এনে হাঁহি মাৰি।
চকু মেলি তোৰ প্ৰথম পোহৰে মোৰ চকু জুৰালে,
সেই পোহৰতে চকু ৰাখি মুদিম চকু শেষত।।
Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫

No comments:
Post a Comment