আঘোণঃ সোণোৱালী সপোন আৰু কৃষকৰ জীয়া সংগ্ৰাম
“সোণোৱালী আঘোণৰ বুকুতেই কবিয়ে বিচাৰি পায় কবিতাৰ ছন্দ আৰু শিল্পীয়ে বিচাৰি পায় গীতৰ সুৰ।”
সঁচাকৈয়ে, অসমীয়া জনজীৱনত আঘোণ কেৱল এটা মাহ নহয়; ই এক আৱেগ, এক পৰম্পৰা আৰু জাতিৰ অৰ্থনৈতিক মেৰুদণ্ড। জেঠ-আহাৰৰ প্ৰখৰ ৰ’দ আৰু বৰষুণক নেওচি পথাৰত শ্ৰমৰ বীজ ৰোপণ কৰা কৃষকৰ বাবে আঘোণ হ’ল প্ৰাপ্তিৰ ঋতু। পথাৰ ভৰি থকা সোণোৱালী ধানে কেৱল ভঁৰাল চহকী নকৰে, ই জীপাল কৰে আমাৰ ন-খোৱা, লখিমী আদৰা আৰু নামনি অসমৰ ঐতিহ্যমণ্ডিত ‘মহোহো’ বা ‘থুপ্রিহো’ৰ দৰে লোক-সংস্কৃতিৰ বৰ্ণাঢ্য পথাৰখনক।
কিন্তু ! এই সোণোৱালী ছবিখনৰ আঁৰত লুকাই আছে এক নিৰ্মম বাস্তৱ। আমাৰ অন্নদাতা কৃষকৰ বাবে পথাৰৰ পৰা ভঁৰাললৈ এই যাত্ৰা সুগম নহয়। বানপানী, খৰাং আৰু পোক-পৰুৱাৰ দৰে প্ৰাকৃতিক দুৰ্যোগৰ সৈতে যুঁজি শস্য চপোৱাৰ পাছতো কৃষকৰ সংগ্ৰাম শেষ নহয়। বৰঞ্চ আৰম্ভ হয় আন এক অৰ্থনৈতিক সংগ্ৰাম। উৎপাদিত ফচলৰ উচিত মূল্যৰ অভাৱ, মধ্যভোগীৰ দৌৰাত্ম্য, আৰু সংৰক্ষণ ব্যৱস্থাৰ অভাৱে কৃষকক জুৰুলা কৰে। যি ধানেৰে তেওঁলোকে সপোন ৰচে, কেতিয়াবা সেই ধানেই অভাৱৰ তাৰণাত কম দামত বিক্ৰী কৰিবলৈ তেওঁলোক বাধ্য হয়। আধুনিক কৃষি প্ৰযুক্তি আৰু মূলধনৰ অভাৱে এই সমস্যাবোৰক অধিক জটিল কৰি তোলে।
আঘোণৰ এই পবিত্ৰ ক্ষণত আমি কেৱল ন-চাউলৰ সুবাস ল’লেই নহ’ব, বৰঞ্চ কৃষকৰ এই জ্বলন্ত সমস্যাবোৰৰ প্ৰতিও সচেতন হ’ব লাগিব। কৃষকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ চৰকাৰ আৰু সমাজৰ যুটীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। মধ্যভোগীৰ দপদপনি ৰোধ কৰি ফচলৰ উচিত মূল্য নিশ্চিত কৰা, বানপানী নিয়ন্ত্ৰণৰ সুব্যৱস্থা, সহজলভ্য কৃষি বীমা আৰু আধুনিক প্ৰযুক্তিৰ প্ৰশিক্ষণ আজিৰ সময়ৰ দাবী।
মনত ৰখা প্ৰয়োজন, কৃষকৰ হাঁহিতেই সমাজৰ সমৃদ্ধি নিৰ্ভৰশীল। তেওঁলোকৰ সমস্যাবোৰ আমাৰ নিজৰ সমস্যা বুলি অনুভৱ কৰিব পৰাটোৱেই হ’ব আঘোণৰ প্ৰকৃত আদৰণি। আহক, আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হওঁ, যাতে আঘোণ কেৱল উৎসৱতে সীমাবদ্ধ নাথাকে; বৰঞ্চ ই হৈ পৰে কৃষকৰ মৰ্যাদা, প্ৰাপ্তি আৰু নিৰাপত্তাৰ প্ৰতীক।


No comments:
Post a Comment