মিচিং বিবাহ প্ৰথাৰ বিবৰ্তন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, December 1, 2025

মিচিং বিবাহ প্ৰথাৰ বিবৰ্তন


 

মিচিং বিবাহ প্ৰথাৰ বিবৰ্তন


জাতিৰাম কমান

গোগামুখ



প্ৰস্তাৱনাঃ

  মিচিং সকল চৈনিক মূলৰ তিব্বত-বৰ্মীয় ঠালৰ তানিগোষ্ঠীৰ লোক। তানি গোষ্ঠী বুলি ক’লে - অৰুনাচল প্ৰদেশৰ আদী, নিচি, আপাতানি, গাল’, পা:দাম, তাগিন আৰু অসমৰ মিচিং সকলক বুজা যায়। তিব্বতীয় সকলে তানিসকলক দক্ষিন তিব্বতীয় অথবা লহ্বা তানি বুলি অভিহিত কৰে।

   হাজাৰ বছৰৰ আগতে পৰ্বত পাহাৰ,হাবি জংঘল,অটব্য অৰণ্য ফালি য়াৰলুং চাংপোৱেদি প্ৰৱজন কৰি দিহং, চিয়াং, সোৱনশিৰি নৈৰ অৱবাহিকাত আশ্ৰয় লয় মিচিং সকল। ন’শ শতিকাৰ পৰা এঘাৰশ শতিকাত হিমালয়ৰ অৰুনাচল প্ৰদেশৰ ভূমি এৰি ব্ৰহ্মপুত্ৰ উপত্যাকাৰ অসমত মিচিং সকল প্ৰৱজিত হৈ নিগাজীকৈ থাকিবলৈ লয়। মিচিঙত বাদে পাহাৰত বসবাস কৰা তানিগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ভাৱে চলি অহা প্ৰকৃতি পূজাৰে অৰ্থাৎ দঞি পঃলক সাক্ষী কৰি এতিয়াও মেথুন আদি অন্যান্য পৰম্পৰাগত দ্ৰৱ্যাদি দান কৰি তানিগোষ্ঠীয় পুৰাতন প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন কৰে।

   অন্যহাতে মিচিং সকল ভৈয়ামলৈ প্ৰৱজন কৰাৰে পৰা অসমৰ সভ্যতা সংস্কৃতি আৰু ধৰ্মৰ লগত সংমিশ্ৰিত হৈ বৈদিক প্ৰথাৰে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সাক্ষী কৰি, দঞি পঃল, ৰুঃনৗ পৃনৗ, কাৰ্চিং কাৰ্তাং, চেঃদি মৗঃলক সাক্ষী কৰি এক মিশ্ৰিত প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন কৰা পৰিলক্ষিত হয়।                                                

   মিচিং সকলৰ বিবাহ বিবৰ্তনৰ কথা আলোচনা কৰাৰ আগতে মিচিং সকলৰ বিবাহ প্ৰথা আৰু বিবাহ পদ্ধতিৰ কথা আলোচনা কৰাৰ প্ৰয়োজন আছে।


মিচিং সকলৰ বিবাহৰ প্ৰকাৰঃ

    মিচিং সকলে পালন কৰি অহা বিবাহ কেবা প্ৰকাৰৰ। তাৰে ভিতৰত -


(১) দুগলা লাঃনাম (পলুৱাই অনা বিয়া)

(২) কুমচু জঃচুল লাঃনাম (পৰিয়াল পৰিজনক সেৱা কৰি বিয়া পতা)

(৩) মিদাঃ মলা লাঃনাম (ধৰ্মীয় ৰীতিৰে বিবাহ কৰা)।


১) দুগলা বা চলা লাঃনামঃ

    ই এক প্ৰকাৰ গন্ধৰ্ব বিবাহৰ দৰে। প্ৰেমিক প্ৰেমিকাই দিনবাৰ ঠিক কৰি ৰিপুৱাং (দুত বা কটকী) ৰ যোগেদি ৰাতি প্ৰেমিকাৰ ঘৰত মনে মনে আহি কইনাক হৰণ কৰি লৈ যায় দৰাই।ৰিপুৱাং বা কটকী আচলতে দৰাজনৰ নিকটতম আত্মীয় বা বন্ধু হয়। কইনাক গৃহস্থই নজনাকৈ পলুৱাই আনি বিধিগত প্ৰথাৰে ঘৰ সোমোৱায়হি। কইনাক ঘৰ সোমোৱাৰ পাছত কইনাঘৰক জনাবৰ বাবে দৰা ঘৰৰ পৰা দুই এজন মানুহক দুগতাদ (বিয়াৰ খবৰ জনোৱা কাৰ্য) হিচাপে পঠিয়ায়। কইনাঘৰত পান তামোলৰ শৰাই দি কইনাক বিয়া কৰোৱাৰ জাননী দিয়ে আৰু কইনাঘৰক মিতিৰ মিলিবলৈ কাবৌ কৰে।মিতিৰ মিলিলে কইনাঘৰে শৰাই সাধুমৰ বাবে দৰাঘৰক দিন বাৰ ঠিক কৰি বতৰা দিয়ে দুগতাদ কৰা দূতৰ হতুৱাই। নিৰ্দিষ্ট দিনত শৰাই ভাঙি কইনাৰ গা-ধন আদায় দি মিতিৰ কাৰ্য  সম্পন্ন কৰে। এইখিনিতে উল্লেখ্য যে মিচিং সমাজত দৰাৰ বদলি কইনাঘৰকেহে উপঢৌকন দিব লগা হয়। অৱশ্যে উপঢৌকণ নাম মাত্ৰ অৰিহণাৰে সম্পন্ন কৰা হয়।উপঢৌকণৰ নামত বৰ এটা শকত অৰ্থৰ বিনিময়ত শৰাই ভঙা নহয়।

   মিতিৰ মিলাৰ পাছত দৰাই মাগ্ব দুগতাদ (জোঁৱাই খটা) যাব লগা হয়।জোঁৱায়ে শহুৰ শাহুৰ ঘৰত কেবাদিনো থাকি কইনাঘৰত কাম বন আদি কৰি থাকিব লগা হয়। এয়া নামতহে কৰা হয়। আজিকালি সেই পুৰণি প্ৰথা নাম মাত্ৰহে পালন কৰা দেখা যায়। জোঁৱাই খটা নামত জোঁৱাইকহে কইনাঘৰে আদৰ আপ্যায়ণ কৰি হাঁহ কুকুৰা মাৰি, মাছে মঙহে জোঁৱাইক খুৱাই বোৱাই ঘৰলৈ ঘূৰাই পঠিয়ায়। জোঁৱাই খটাৰ পাছত দৰা কইনা হালে ডেকা গাভৰু লৈ জু:নৗ গৃনাম (সাত মঙলা) কাৰ্য সম্পন্ন কৰে।

   জুঃনৗ গৃলাদত দৰা কইনাক কইনাঘৰীয়াৰ আত্মীয়ই ঘৰে ঘৰে গাহৰি কুকুৰা মাৰি ভোজ ভাত খুৱায়।দৰা ঘৰৰ পৰা অনা ডেকা গাভৰুক গাঁৱৰ ৰাইজে ঢোলে ডগৰে ৰাতি চঃমান ইমান (নাচ গান কৰি ফূৰ্তি কৰা) কৰি আনন্দৰে কটায়। প্ৰায় এসপ্তাহ তেনেদৰে দৰা কইনাক আলহি সুধে কইনাঘৰৰ আত্মীয়ই। চমুকৈ এয়াই দুগলা লাঃনাম বিয়াৰ পৰম্পৰা।


২) কুমচু জঃচুল লাঃনাম (দুই পৰিয়ালৰ বুজা বুজিৰে পতা বিবাহ কাৰ্য)

    বহু ডেকা গাভৰুৱে ভাল পালেও পলুৱাই বিয়া কৰাৰ পক্ষপাতী নহয়।দুই প্ৰেমিক প্ৰেমিকাই ঘৰৰ মানুহক কথাটো জনাই দিয়ে আৰু মাংগলিক কাৰ্য্যৰে দুই পৰিয়ালে মিলি দৰা কইনাৰ বিবাহ কাৰ্য সম্পন্ন কৰে। অৱশ্যে দুই ঘৰৰ মুৰব্বীয়ে ইঘৰে সিঘৰৰ কইনা বা দৰা পচন্দ কৰি বিয়াত বহিবলৈ দৰা কইনাক সৈমান কৰে।ই এক প্ৰকাৰৰ arrange marriage (দৰা ঘৰে ঠিক কৰা বিয়া)

  কুমচু জঃচুল লাঃনামত দুই ঘৰৰ সহমতত হোৱা বাবে সাধু ভকত মাতি ভকতক সেৱা কৰাই, সাধু ভকতৰ আশীৰ্বাদ লৈ কইনাক দৰা ঘৰলৈ উলিয়াই দিয়া হয়। ইয়াতো শৰাই সাধুম একেধৰণে কৰা হয় যদিও কুমচু জ:চুল লা:নামত নীতি নিয়ম বৰ বেছি কটকটীয়াকৈ পালন কৰা নহয়।আৱশ্যক অনুসাৰে নূন্যতম ৰীতিৰে এই বিবাহ সম্পন্ন হয়। দৰা কইনাই নিজ সাধ্যানুসাৰে পাছে পৰে বিবাহ বাহৰত বা দৰাঘৰত পেণ্ডেল আদি দি অভ্যৰ্থনাৰ আয়োজন কৰি বিবাহৰ পাৰ্টী দিব পাৰি।


৩) মিদাঃ মলা লাঃনাম (প্ৰজাপতি বিবাহ)

   মিদাঃ মলা লাঃনাম অথবা মিদাঙক আচলতে বহুতে দাঃৰ মিদাং বুলি কয়। মিদাং+আৰ=দাঃৰ,অৰ্থাৎ মিদাং আৰ (সঁচা বিবাহ) মানে দাঃৰ মিদাং। ইয়াত মিদাং এটা স্বতন্ত্ৰৰীয়া শব্দ যেতিয়া দাঃৰ মিদাং শব্দটো আলংকৰিক বাহুল্যতা মাত্ৰ।মিদাঙ শব্দটোক দাঃৰ মিদাং বুলি কোৱাৰ আভিধানিক যুক্তিযুক্ততা আছে বুলি মনে নধৰে। মিদাং বুলি ক’লেই স্বয়ংসম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে যেতিয়া দাঃৰ মিদাং বুলি কোৱাৰ অৱকাশ নেদেখো। ইযিকিনহও, মিচিং সমাজত পতা মিদাং হল বৈদিক প্ৰথাৰে কৰা প্ৰজাপতি বিবাহৰ দৰে।

  মিদাঙত বৈদিক প্ৰথাৰে কৰাৰ দৰে নাম কীৰ্তন পাঠ, বিয়া নাম আদি গাই কইনাক মাহ হালধিৰে নুওৱা ধুওৱাৰ লগতে দৰাকো নুৱাই ধুৱাই সাজু কৰায়। আংশিক ভাৱে বৈদিক প্ৰথাৰে কৰিলেও মিচিং সকলে কৰি অহা পাৰম্পৰিক প্ৰথাৰ লগতে কেৱলীয়া সাধু ভকতেৰে কইনা দৰাক আশীৰ্বাদ দি বিবাহ কাৰ্য সম্পন্ন কৰায়।

   মুঠতে মিচিং সকলৰ মিদাং হল মিচিং সকলৰ পৰম্পৰাগত ভাৱে চলি অহা ৰীতি নীতিৰ লগতে কেৱলীয়া তথা হিন্দু ধৰ্মীয় দেৱ দেৱীৰ লগতে পূৰ্বজক সাক্ষী কৰি মাংগলিক কাৰ্য্যৰে বিবাহ সম্পন্ন কৰা সংমিশ্ৰিত মাংগলিক কাৰ্য।

    ধৰ্মীয় ৰীতি নীতিৰে মিদাং সম্পন্ন কৰিলেও ওপৰত উল্লেখিত দুগলা লাঃনাম (গন্ধৰ্ব বিবাহ) ত কৰাৰ দৰে একেই নিয়ম পালন কৰা হয়।

   ইয়াত সেই কথাই প্ৰতিপন্ন হয় যে - মিচিং সকলে হিন্দু ধৰ্মীয় নীতিৰে মিদাং কাৰ্য্য সম্পন্ন কৰিলেও কিন্তু নিজা পৰম্পৰা, ৰীতি নীতি পালন কৰিহে সম্পন্ন কৰে। মুঠতে মিচিং সকলে পালন কৰি অহা পূৰ্বজৰ ৰীতি আৰু কেৱলীয়া পন্থাৰ এক সংমিশ্ৰিত প্ৰথাৰে বিবাহ কাৰ্য সম্পন্ন কৰা পৰিলক্ষিত হয়।


আধুনিক বিবাহৰ বিবৰ্তনঃ

    আধুনিকতাৰ পৰশ পৰি মিচিং বিবাহ পদ্ধতিৰ কিছু পৰিৱৰ্তন লক্ষণীয় ভাৱে দৃষ্টিগোচৰ হোৱা দেখা যায়। ছোৱালী পলুৱাই অনা প্ৰথা এতিয়াও মিচিং গ্ৰাম্য সমাজত প্ৰচলিত যদিও বহু জনা বুজা যুৱক যুৱতীয়ে সেই কাৰ্যৰ পৰা কিছু ফালৰি কাটি পিতৃ মাতৃক জনাই দুই পৰিয়ালৰ সহমতত সাধু ভকত মাতি সেৱা আশীৰ্বাদ লৈ বিবাহ কাৰ্য সম্পন্ন কৰা দেখা যায়।বহু শিক্ষিত যুৱক যুৱতীয়ে কৰ্ট মেৰিজ কৰি আইনগত ভাৱে বিবাহ সম্পন্ন কৰে আৰু সময় সুবিধামতে বন্ধুবৰ্গ আৰু পৰিয়াল পৰিজনক নিমন্ত্ৰণ কৰি বিবাহ ভৱনত বিয়া পাৰ্টীৰ আয়োজন কৰি বিবাহ পাশত আৱদ্ধ হয়।

    মিদাঙত পূৰ্বতে কৰাৰ দৰে কইনাক যতক (গা ধন) দিব লগা কামবোৰ বৰ কঠোৰ ভাৱে পালন নকৰে। আগতে বিয়াৰ সকলো খৰছ পাতি, যা-যোগাৰ দৰাঘৰে নিয়ম মাফিক বহন কৰিব লগাত পৰিছিল। বহু দুখীয়া দৰাঘৰে মাটি বাৰী বিক্ৰি কৰি হলেও সেই কাম কৰিবলৈ বাধ্য হৈছিল। কিন্তু আজি কালি মানুহে শিক্ষিত হোৱাৰে পৰা, জনা বুজা হোৱাৰে পৰা তেনে কটকটীয়া নিয়ম বান্ধি নিদিয়ে বা মানি চলিব লগাত নপৰে। আগতে কৰি অহা গ্ৰাম্য সমাজৰ সেই কুসংস্কাৰবোৰ লাহে লাহে মানুহে এৰিব ধৰিছে। কিন্তু হলেও নূন্যতম পালিব লগীয়াখিনি কৰিব লগা হয়। যেনে ধৰক কইনাঘৰক দিব লগা গা-ধনৰ নামত এথোক তামোল, এচুঙা চুন, পান, এজোৰা কুকুৰা, গাহৰি, ধপাত, মদৰ কলহ, দক্ষিণা ইত্যাদিবোৰ বহন কৰিব লগা হয়। বহুতে আকৌ জুৰণৰ নামত কইনাই ধাৰণ কৰিব লগা অলংকাৰ, পাটৰ মেখলা ছাদৰ আদিও উপহাৰ হিচাপে দিয়া দেখা যায়।

     চাবলৈ গলে আজিকালি আধুনিকতাৰ পৰশ পৰি মিচিং বিবাহ পদ্ধতিৰ বিৱৰ্তন হোৱা কথাটো একে আষাৰে নুই কৰিব নোৱাৰি।

   সাম্প্ৰতিক মিচিং আধুনিক বিয়াত দৰা কইনাৰ পচন্দ মতে আঙুঠি পিন্ধোৱা (ৰিং চেৰিমনী) তেই সৰু সুৰা বিবাহৰ দৰে হৈ যায়। ডেকা গাভৰু সকলে ভিডিঅ কেমেৰা কৰি হেপী ৰিং চেৰিমনী বুলি নাচ গান কৰি কইনাক দৰাই আঙঠি পিন্ধাই চেল্ফি তুলি ডেকত গান বাজনা লগাই আধুনিক নিয়মে কৰা দেখা যায়। বিবাহ বাহৰত, বিবাহ ভৱনত আধুনিক নিয়মে উদ্দাম নৃত্য কৰি দৰা কইনাৰ বন্ধু বান্ধৱীয়ে বৰ আৰু বধূক শুভেচ্ছা যাঁচে।

   নগৰ মহানগৰৰ লৰা ছোৱালী বিলাকে মন্দিৰত পুৰোহিতৰ যোগেদি বিবাহ কাৰ্য সম্পন্ন কৰি কোনোবা ব্যয়বহুল বিবাহ ভৱনত জাক জমকতাৰে বিয়াৰ পাৰ্টী দিয়া দেখা যায়।বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে বুফে চিষ্টেমত খাদ্য পৰিৱেশন কৰে। অৱশ্যে সেই বিবাহ কাৰ্যৰ প্ৰভাৱ আজিকালি ভিতৰুৱা গাঁও সমূহতো চুইছেগৈ। মাংগলিক কাৰ্যখিনি অৱশ্যে গাঁও নগৰ চহৰ আদি সকলোতে একেই। নগৰীয়া বিয়াত মাংগলিক কাৰ্য্যৰ বাবে কিছুমানে গাঁৱৰ সাধু সাতোলাক নিমন্ত্ৰন কৰি আনি সম্পন্ন কৰে। অন্যহাতে যিসকলৰ নাই তেওঁলোকে মন্দিৰৰ পুৰোহিতক মাতি সেই কাৰ্য সম্পন্ন কৰে।

   আজিকালি বহু শিক্ষিত বৰ বধূৱে কৰ্টত গৈ কৰ্ট মেৰিহ কৰি লয়। অৱশ্যে চৰকাৰে সেই কাৰ্য কম্পালচৰি কৰিছে। বহুতে হয়তু নাজানে! কিন্তু court marriage compulsory. আৰু হোৱাতো আৱশ্যকো।

    মুঠতে আধুনিকতাৰ ধামখুমীয়াত, সময়ৰ নাটনিত সাম্প্ৰতিক কালৰ বিবাহ বৰ দীঘলীয়াকৈ প্ৰথাগত কঠোৰ নীতি নিয়মে সম্পন্ন কৰাৰ পক্ষপাতী নহয়।নূন্যতম মাংগলিক কাৰ্যখিনি সুচাৰু ৰূপে চলাই গলেই গৃহস্থই সকাহ পায়। এতিয়াৰ পৰা ছয় সাত দশকৰ আগলৈকে মিদাং সমূহ বৰ কঠোৰ পাৰম্পৰিক ৰীতিৰে সম্পন্ন কৰা হৈছিল। কাজেই, মিদাং কৰি কইনাক বিয়া দিয়া কামটো একেবাৰে নগন্য সংখ্যক আঢ্যৱন্ত লোকেহে কৰিব পাৰিছিল।

   কিন্তু সময় একেই নাথাকে। সাম্প্ৰতিক কালত মিচিং বিবাহ পদ্ধতিগত ভাৱে কিছু পৰিৱৰ্তন হৈছে। আধুনিকতাৰ পৰশত বিবাহৰ বিৱৰ্তন হৈছেগৈ।গ্ৰাম্য সমাজত ছোৱালী পলুৱাই অনা কাৰ্য কম বেছি পৰিমাণে এতিয়াও প্ৰচলিত আছে যদিও মফচলীয়া জেগাত, নগৰ মহানগৰত পূৰ্বৰ বিবাহ পদ্ধতিয়ে কিছু মোট সলাইছে। পূৰ্বৰ পাৰম্পৰিক বিবাহ কাৰ্য্যত আধুনিকতাৰ পৰশ পৰিছে।

  থাউকতে কবলৈ গ’লে – আজিৰ মিচিং বিবাহ পদ্ধতিক বাহিৰৰ পৰা অহা সংস্কৃতিয়ে চুইছেহৈ।বিবাহৰ প্ৰথম কাৰ্য্য ৰূপে ৰিং চেৰিমনী, তাৰ পাছত বিবাহ বাহৰত আধুনিক ৰীতিৰে বৰ বধূৰ পাৰস্পৰিক মাল্যাৰ্পণ, ইয়াৰ পাছত পাৰ্টী।

   অন্য কিছুমানে আকৌ মন্দিৰত গৈ বিয়া কৰাই বিবাহ ভৱণত বিয়াৰ নামত পাৰ্টীৰ আয়োজন।

   আটাইতকৈ গুৰুত্বপূৰ্ণ বিৱৰ্তনটো হল কৰ্ট মেৰিজ কৰি বিবাহপাশত আৱদ্ধ হোৱা। বিবাহত বৈদিক ৰীতিৰে পৰস্পৰে ভগৱানক সাক্ষী কৰি প্ৰতিজ্ঞাবদ্ধ হৈ প্ৰণয়পাশত আৱদ্ধ হৈছিল। সম্প্ৰতি পূৰ্বজ, দেৱ-দেৱীক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হোৱাৰ লগতে আদালতত পৰস্পৰে স্বাক্ষৰ কৰি আইনীগত ভাৱে জীৱন মৰণৰ সংগী হয়। এয়া এক যুগান্তকাৰী বিৱৰ্তন বিবাহৰ ক্ষেত্ৰত।

  আন্তৰিক আনুগত্য, পাৰস্পৰিক বুজা পৰাৰ স্থান ললে আইনগত বাধ্যবাধকতাই। এয়া হয়তু যুগ পৰিৱৰ্তনৰ ফলশ্ৰুতি, সময়ৰ আহ্বান।


Doksiri দকচিৰি, ডিছেম্বৰ, ২০২৫


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages