বৰদিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

বৰদিন


 বৰদিন


চন্দনা ভাগৱতী


     তুৰ পৰিবৰ্ত্তন, এয়া প্ৰকৃতিৰ চিৰাচৰিত নিয়ম। ঋতুৰ পৰিবৰ্ত্তনে আমাৰ মনত বিভিন্ন অনুভূতিৰ সৃষ্টি কৰে। প্ৰতিটো ঋতুৰ এক সুকীয়া সুকীয়া বৈশিষ্ট আছে। তাৰ মাজেৰে গঢ়ি উঠে ন-ন পৰম্পৰা। দৈনন্দিন জীৱনত আমাৰ জীৱনশৈলীৰ লগত খাপ খোৱাকৈ আমি পৰম্পৰাসমূহৰ মাজেৰে বিভিন্ন অনুষ্ঠান পালন কৰি আহিছোঁ। এনে এটি শীতকালীন অনুষ্ঠান হ'ল খ্ৰীষ্টমাছ বা বৰদিন।

    বৰদিন শব্দটিয়ে আমাৰ মনলৈ অনাবিল আনন্দৰ জোৱাৰ নমাই আনে। শীতৰ সেমেকা দিন।বিশেষকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহৰ বাবে বৰদিন এক বিশেষ দিন।সকলোৱে এই দিনটোৰ বাবে কিছুদিন আগৰে পৰা বৰ ব্যস্ত হৈ পৰা দেখা যায়। প্ৰায় এমাহমান আগৰ পৰাই তেওঁলোকে বৰদিনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে। ইয়াৰ বাবে তেওঁলোকে নিজৰ ঘৰখন চাফ চিকুণ কৰি বিভিন্ন সাজ সজ্জাৰে সজাই তোলে। পৃথিৱীৰ চুকে কোনে সিঁচৰিত হৈ থকা এই মানুহখিনিৰ বাবে এই দিনটো বৰ তাৎপৰ্যপূৰ্ণ। কিয়নো, ২৫ ডিচেম্বৰৰ এই দিনটোতে ক্রাণকৰ্তা ৰূপত এজন ঈশ্বৰ পুত্ৰই এই পৃথিৱীত জন্ম লাভ কৰিছিল।

“কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁৰ একমাত্ৰ পুত্ৰকে জগতৰ বাবে দান কৰিলে যাতে যি কোনোৱে তেওঁক বিশ্বাস কৰে আৰু তেওঁ অনন্ত জীৱন পায়।”

  বাইবেলৰ এই উক্তি প্ৰমাণিত কৰি আজি প্ৰায় দুহেজাৰ বছৰৰ আগতে জন্ম লাভ কৰা এই  মহাপুৰুষ জনেই হ’ল যীশুখ্ৰীষ্ট। যাক মানৱ জাতিৰ পৰিত্ৰাণৰ বাবে ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰক মানুহৰ ৰূপত এই পৃথিৱীলৈ পঠিয়াইছিল।

  খ্ৰীষ্টমাছ দুটা শব্দৰে গঠিত “Christ” আৰু “Mass”। যাৰ অৰ্থ হৈছে যীশুখ্ৰীষ্টৰ পবিত্ৰ মাহ। সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ এই দিনটোক বৰদিন হিচাপে অৰ্থাৎ এই দিনটোক খ্ৰীষ্টান ধৰ্মৰ প্ৰতিষ্ঠাপক যীশুখ্ৰীষ্টৰ জন্মদিন হিচাপে পালন কৰা হয়। খ্ৰীষ্টানসকলৰ বাবে যীশুৰ জন্মদিনক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়, গতিকে এই দিনটোক বৰদিন বুলি কোৱা হয়। ইংৰাজৰ শাসনকালত ইংৰাজে এই দিনটোক বিশেষ কৰি তুলিবলৈ হিন্দীত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। ভাৰতীয়সকলে এই দিনটোক গুৰুত্ব দি বিশেষ দিন বুলি গণ্য কৰাৰ উদ্দেশ্যে ইংৰাজে এই উৎসৱক ভাৰতীয় ভাষাত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। সেই বড়াদিন অসমীয়াত বৰদিনলৈ ৰূপান্তৰিত হ’ল। এই উৎসৱ ধৰ্মীয় উদ্দেশ্যৰ উপৰিও সাংস্কৃতিক আৰু পাৰস্পৰিক উৎসৱ হিচাপেও পালন কৰা হয়। বৰদিন খ্ৰীষ্টান ধৰ্মৰ অন্যতম প্ৰধান উৎসৱ। বৰদিন, প্ৰথম খ্ৰীষ্টিয়ান ৰোমান শাসক কনষ্টেন্টাইনৰ শাসনকালত পালন কৰা হৈছিল বুলিও জনা যায়। যীশুখ্ৰীষ্টৰ জন্মদিনটো প্ৰত্যেক বছৰে পালন কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল পোপ জুলিয়াছে।

      এই দিনটোৰ সৈতে জড়িত হৈ আছে নানা প্ৰথা। যেনে- ছান্তাক্ল’জ, খ্ৰীষ্টমাছ ট্ৰি (বৰদিনৰ গছ), কেৰল গীত গোৱা, কেক কটা, উপহাৰ আদান-প্ৰদান কৰা, বাট-ঘৰ সজোৱা, গীৰ্জালৈ যোৱা, ভোজনৰ আয়োজন আদি অন্যান্য। এই দিনটোত এইবোৰ বস্তুৰ বিশেষ গুৰুত্ব আছে। বৰদিন মানে কেৱল ধৰ্মীয় উৎসৱেই নহয়, ই বিশ্বজুৰি এক সাংস্কৃতিক উৎসৱলৈ পৰিণত হোৱা এক উৎসৱ, য’ত সকলোৱে আনন্দ আৰু প্ৰেমৰ বাতাৱৰণত ইয়াক উদযাপন কৰে। ইয়াত ছান্তাক্ল’জ শব্দটো সাধু নিকোলাছৰ কাহিনীৰ চৰিত্ৰটো গঢ় লৈ উঠিছে বুলি জনা যায়। ইয়াৰ বিপৰীতে ছান্তাক্ল’জ বা খ্ৰীষ্টমাছ ফাদাৰ পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ ৰূপত আগমন হয়। প্ৰকৃততে ছেন্ট নিক’লাছ নামৰ এজন পুৰোহিতে তাহানি ৰাছিয়াত ভোক, ঠাণ্ডা আৰু অনাহাৰত জৰ্জৰিত হৈ থকা শিশুসকলক সকলো সময়ত নহ’লেও অন্তত এই বিশেষ দিনটোত তেওঁলোকে মনে বিচৰা বস্তু আৰু এসাঁজ পেট ভৰাকৈ আহাৰৰ যোগান ধৰিবলৈ চেষ্টা কৰিছিল।সেই ল'ৰা-ছোৱালীবোৰৰ বাবে লাগতিয়াল সামগ্ৰী বিতৰণ কৰি ফুৰিছিল। নিক’লাছৰ এই কাৰ্যৰ দ্বাৰা হাজাৰ হাজাৰ শিশুৱে এদিনৰ বাবে হ’লেও সকাহ পাইছিল। তেওঁৰ মৃত্যুৰ পিচতো এই ঘটনাৰ পুণৰাবৃত্তি হৈছিল সেইবাবেই তেওঁক ‘ছেইন্ট’ উপাধি দিয়া হয়।অৰ্থাৎ ছেইন্ট নিক'লাছ।  বৰ্তমান সেই প্ৰথাৰ সংশোধন ঘটিছে যদিও এতিয়াও কিছু মহান ব্যক্তিয়ে নিক’লাছৰ দৰে খ্ৰীষ্টমাছ ফাদাৰ সাজি সেই কাৰ্যৰ পুণৰাবৃত্তি কৰে।পৃথিৱীৰ চহকী দেশসমূহেও বিভিন্ন দৰিদ্ৰ দেশলৈ কিছুমান সংস্থাৰ যোগেদি দৰিদ্ৰ ল’ৰা-ছোৱালীক আৱশ্যকীয় বস্তু উপহাৰ স্বৰূপে দিয়ে। ইয়াৰ বিপৰীতে এনেদৰেও জনা যায় –

বৰদিনৰ সময়ত উপহাৰ আনি দিয়া এটি জনপ্ৰিয় কল্পনাৰ চৰিত্ৰহে ছান্তাক্লজ, যাক সাধাৰণতে ডাঙৰ, শুভ্ৰ দাড়ি-চুলি, ৰঙা পোছাক পিন্ধা এজন হাঁহি মুখৰ বুঢ়া হিচাপে দেখা যায়, যিয়ে ল’ৰা-ছোৱালীৰ বাবে উপহাৰ আনে বুলি বিশ্বাস কৰা হয়। তেওঁৰ চৰিত্ৰটো সন্ত নিকোলাসৰ দৰে ঐতিহাসিক লোকৰ পৰা উদ্ভৱ হৈছে আৰু আধুনিক ৰূপটো ১৮৮১ চনত থমাছ নাষ্টে প্ৰস্তুত কৰিছিল, যি শিশুৰ আশাবোৰ শুনি পূৰণ কৰে বুলি জনা যায়।

   খ্ৰীষ্টমাছ ট্ৰি, এই প্ৰথাটো প্ৰাচীন জাৰ্মানীৰ পৰা আহিছে বুলি কোৱা হয়, য'ত চিৰসেউজীয়া গছক সজাই তোলা হৈছিল। কেৰলৰ বিষয়ে বাইবেলত পোৱা অনুসৰি যীশু খ্ৰীষ্টৰ জন্মলগ্নত স্বৰ্গদূতসকলে যীশুৰ জন্মৰ বিষয়ে আগতীয়াকৈ বাণী প্ৰচাৰ কৰিছিল।সেইখিনি সময়ত ভেড়া ৰখীয়াহঁতে এই বাণী শুনি গৌৰৱেৰে গীত গাই গাই যীশুৰ জন্ম স্থানলৈ গৈছিল। সেইবাবে এতিয়াও বৰদিনৰ প্ৰাক মুহূৰ্ত্তত অৰ্থাৎ খ্ৰীষ্টমাছ ইভৰ দিনা মাজনিশালৈ ডেকা-গাভৰুসকলে পৰাপক্ষত সকলোৰে ঘৰলৈ গৈ কেৰল গীত পৰিৱেশন কৰে। আনহাতে, যীশুৰ জন্মৰ সময়ছোৱাত তিনিগৰাকী জ্যোতিষী পণ্ডিতে সেইখিনি সময়ত আকাশত দেখা উজ্বল তৰাৰ যোগেদি পথ নিৰ্ণয় কৰি যীশুক চাবলৈ যাওঁতে সোণ, ধূণা, এঁঠা আৰু গন্ধৰস উপহাৰস্বৰূপে আগবঢ়াইছিল বুলি বাইবেলত পোৱা যায়। সম্ভৱতঃ তেতিয়াৰে পৰাই উপহাৰৰ প্ৰথাটোও চলি আহিছে।

  যা-হওক, এনেবোৰ পৰম্পৰাৰ মাজেৰে সমগ্ৰ বিশ্বতে খ্ৰীষ্টিয়ান ধৰ্মীলোকসকলে প্ৰতিবছৰে ২৫ ডিচেম্বৰৰ দিনটোত এই উৎসৱ গভীৰ শ্ৰদ্ধা আৰু আনন্দৰে অনুষ্ঠিত কৰি আহিছে।

       দৰাচলতে, সমগ্ৰ বিশ্বজুৰি পালন কৰা সম্প্ৰীতিৰ উৎসৱ বৰদিনৰ সৈতে সংপৃক্ত হৈ থাকে প্ৰেম- ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ এনাজৰী।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages