বৃন্দাৱনী বস্ত্ৰ আৰু তাঁত শিল্পঃ অসমীয়াৰ গৌৰৱময় ঐতিহ্য - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

বৃন্দাৱনী বস্ত্ৰ আৰু তাঁত শিল্পঃ অসমীয়াৰ গৌৰৱময় ঐতিহ্য


 বৃন্দাৱনী বস্ত্ৰ আৰু  তাঁত শিল্পঃ অসমীয়াৰ গৌৰৱময় ঐতিহ্য


কাৰ্চাং তাকাৰ

 

    সমীয়াৰ সাংস্কৃতিক ঐতিহ্য অতি প্ৰাচীন। এই ঐতিহ্যৰ ভিতৰত ভাষা, সাহিত্য, নৃত্য, সংগীতৰ সৈতে বস্ত্ৰ-বয়ন শিল্প এক গুৰুত্বপূর্ণ অংশ। সেই বয়ন শিল্পৰ অন্যতম উজ্জ্বল প্ৰতিৰূপ হৈছে বৃন্দাৱনী বস্ত্ৰ। বৃন্দাৱনী বস্ত্ৰ অসমীয়াৰ ইতিহাস, ধৰ্ম চেতনা আৰু শিল্প সংস্কৃতিৰ এক অনন্য প্ৰতীক। বস্ত্ৰখনৰ নাম উচ্চাৰণ কৰিলেই যেন পৰম্পৰা, ভক্তি, সমাহিত শিল্প নৈপুণ্য আৰু বৈষ্ণৱ  সাংস্কৃতিক সোঁত  ভাঁহি উঠা দেখা যায়।

   বৃন্দাৱনী বস্ত্ৰ মূলতঃ শ্ৰীকৃষ্ণৰ বৃন্দাৱন-লীলাৰ চিত্ৰৰে সৃষ্টি কৰা বয়ন শিল্প। শ্ৰীমন্ত শংকৰদেৱ বৈষ্ণৱ ধৰ্মৰ চেতনাৰে সমাজক আলোকিত কৰিবলৈ  শিল্পকলা, সাহিত্য আৰু সংগীতকে আধ্যাত্মিকৰ জৰিয়তে ব্যৱহাৰ কৰিছিল। সেই সময়ত এই বস্ত্ৰ মাত্ৰ পোছাক নাছিল — এইখন আছিল ভক্তি, সংস্কৃতি আৰু চেতনাৰ প্ৰতিচ্ছবি। বস্ত্ৰখনৰ প্ৰতিডাল সূতা, প্রতিটো ৰঙ, প্রতিটো নক্সাই যেন কোনো আধ্যাত্মিক কাহিনীৰ কথাকেই ক’ব বিচাৰে।


বৃন্দাৱনী বস্ত্ৰত মূলতঃ দৃশ্যমান হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা, বংশীৰ সুৰ, গোপ-বালকৰ খেল, বৃন্দাৱনৰ সৌন্দৰ্য, বন-বনানীৰ দৃশ্য, বিভিন্ন প্ৰাণী-পক্ষীৰ ৰূপ, আৰু বৈষ্ণৱ ধৰ্মৰ বহু দাৰ্শনিক বার্তা। বস্ত্ৰখনত সেউজীয়া, কমলা-হালধীয়া, নীলা, বগা, ক’লা আদি ৰঙৰ সূক্ষ্ম ব্যৱহাৰে এক অনুপম শিল্পমাধুৰ্য সৃষ্টি কৰি তুলিছে। বিশেষকৈ ‘টেপেচ্ট্ৰি’ ধৰণৰ নক্সা, য’ত প্ৰতিটো ছবি যেন বস্ত্ৰৰ মাজতে আঁকা, সেইদৰে বয়নৰ কৌশল অসাধাৰণ। 

  ‌ইতিহাসবিদসকলৰ মতে, অসমৰ বয়নশিল্পৰ অগ্ৰগতিক বৃন্দাৱনী বস্ত্ৰই নতুন পৰিচয় দি বিশ্বৰ সন্মুখত আগবঢ়াইছিল। প্ৰযুক্তি-সভ্যতা, বাণিজ্যিক বস্ত্ৰ উৎপাদন আৰু সময়ৰ পৰিৱৰ্তনতাই এই বস্ত্ৰখনৰ মূল্য আজিও কোনো গুণে কম নহয় বৰঞ্চ বস্ত্ৰখনে ঐতিহ্যিক মূল্য বেছিকৈয়ে বৃদ্ধি কৰাইছে। কিন্তু অন্য দিশৰ কথাও স্বীকাৰ কৰিব লাগিব যে— দীৰ্ঘ দিন এই বস্ত্ৰখন অৱহেলাৰ মুখত পৰিছিল। বয়ন শিল্পী সকলে তাঁত শিল্প জীৱিকা  ত্যাগ কৰিবলৈ বাধ্য হোৱাৰ  কিছু কাৰণ সমূহ হ’ল -


  ১) সমাজৰ আর্থিক অ-সুৰক্ষা

  ২) শিল্পসকলৰ প্ৰাপ্য সন্মান আৰু শিক্ষাৰ অভাৱ

 ৩) মেছিনত-উৎপাদিত সস্তা বস্ত্ৰৰ আধিপত্য

 ৪) সংৰক্ষণৰ যথেষ্ট উদ্যোগৰ অভাৱ

  এইবোৰে মিলি বৃন্দাৱনী বস্ত্ৰক ইতিহাসৰ পৃষ্ঠাৰ তলত ঢাকি পেলাব চেষ্ঠা কৰিছিল। তথাপিও সৌভাগ্যৰ বিষয় যে— শেষৰ দুই দশকত এই বস্ত্ৰখনৰ ওপৰত নৱ-আলোচনা আৰম্ভ হৈছিল। গৱেষক, সংস্কৃতিকর্মী, সংগ্ৰহালয় আৰু চৰকাৰী পৰিকল্পনাসমূহে পুনৰ বস্ত্ৰখনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ সত্ৰ-সংস্কৃতি অধ্যয়ন, বৈষ্ণৱ কলা-সংগ্ৰহ আৰু অসমীয়াৰ ঐতিহ্য সংৰক্ষণ উদ্যোগসমূহে এই বস্ত্ৰখনক পুনৰ বিশ্বমানচিত্ৰলৈ লৈ যাবলৈ চেষ্টা কৰি আছে।

    প্ৰথমেই শিল্পীসকলক উপযুক্ত প্রশিক্ষণ, সন্মান আৰু ন্যায়সংগত মূল্য দিয়াটো আৱশ্যক। শিল্পী নোহোৱহলে শিল্প জীৱন্ত থাকিব নোৱাৰে—এই সত্যক মানিব লাগিব। সমাজে শিল্পীক সন্মান নিদিয়ালৈকে ঐতিহ্য সংৰক্ষণ সফল  হব নোৱাৰে । দ্বিতীয়তে, বস্ত্ৰখনৰ বাণিজ্যিকীকৰণক সঠিক দিশ দিয়া উচিত। বাণিজ্যিকভাবেও সাফল্য সম্ভৱ—যদি গুণগতমান বজাই ৰখা হয়, আৰু যদি শিল্পীক ন্যায্য দৰ প্ৰদান কৰা হয়। তৃতীয়তে, নতুন প্ৰজন্মক এই ঐতিহ্যৰ সৈতে মানসিকভাৱে গঢ়াই ৰখাটো খুব প্ৰয়োজনীয়। শিকাৰ-প্ৰশিক্ষণ কেন্দ্ৰ, বিদ্যালয়-মহাবিদ্যালয়ত বয়নশিল্পৰ পাঠ, ডকুমেণ্টাৰী, প্রদৰ্শনী, ডিজিটেল সংৰক্ষণ—এই সকলোবোৰ পদক্ষেপে জনসাধাৰণৰ মাজত আগ্ৰহ বৃদ্ধি কৰিব লাগে।

   বৃন্দাৱনী বস্ত্ৰৰ আধ্যাত্মিক মূল্যো কম নহয়। এই বস্ত্ৰখন বৈষ্ণৱ ধৰ্মৰ ‘ভক্তিযোগ’, ‘সমতা’, ‘সদ্ভাৱ’ আদিৰ ওপৰত ভিত্তি স্থাপন কৰা এক সাংস্কৃতিক গ্ৰন্থ যেন। সেইসময়ত সত্ৰ-মঠত বিভিন্ন ধৰ্মীয় পৰিবেশন, নৃত্য, গান, নাট—সকলোৱে বৈষ্ণব ভাবধাৰা লৈ আগবঢ়াইছিল। সেই ধাৰাৰ অন্যতম দৃঢ় প্রকাশ আছিল এই বস্ত্ৰখন। সেয়ে এই বস্ত্ৰ সংৰক্ষণ কৰাৰ মানে কেৱল শিল্প সংৰক্ষণ নহয়—অসমীয়াৰ আধ্যাত্মিক সম্পদক সুৰক্ষা দিয়া।

  আজিৰ যুগত য’ত বিশ্বায়ন ধুমুহাৰ দৰে দ্ৰুত গতি হৈছে ফলত স্থানীয় সংস্কৃতিৰো পিছপৰি ৰ'বলগীয়া  হৈছে ।বৃন্দাৱনী বস্ত্ৰ যেনেকৈ পুনৰ ৰাষ্ট্ৰীয়-আন্তর্জাতিক আলোচনাৰ কেন্দ্ৰ হৈ পৰিছে, যাতে এই আলোচনা ভৱিষ্যতলৈ বৰ্তাই  ৰাখে। ইয়াৰ অৰ্থ—অসমীয়াই নিজেই নিজৰ ঐতিহ্যক আগবঢ়াই ল’ব লাগিব। মাত্ৰ চৰকাৰী সহায়লৈ ৰৈ থাকিলে নহ’ব; সামাজিক উদ্যোগ, ব্যক্তিগত সজাগতা আৰু নতুন প্ৰজন্মৰ সচেতন অংশগ্রহণত অত্যন্ত প্ৰয়োজনীয়।

  বৃন্দাৱনী বস্ত্ৰ কেৱল অসমৰ অতীতৰ কথা নহয়—ই ভৱিষ্যতৰ বাবে এক সাৰথী যাতে সমাজে নিজৰ ইতিহাস পাহৰি নাযায় তাৰেই এটা দলিল। যেতিয়া এই বস্ত্ৰখন পুনৰ সজীৱ হ’ব, বয়নযন্ত্রৰ ছন্দ ফুটি উঠিব, তেতিয়া আকৌ আমাৰ সংস্কৃতি জীয়াই ৰখাৰ পথ নিশ্চিত হ’ব।

সেয়ে আজিৰ বৃহৎ দায়িত্ব হৈছে—
অসমীয়াৰ গৌৰৱময় ঐতিহ্য বৃন্দাৱনী বস্ত্ৰক সংৰক্ষণ, বিকাশ আৰু প্ৰচাৰৰ দিশে একবদ্ধ পদক্ষেপ লোৱা।
  সুধাকণ্ঠৰ গানৰ ধৰে যেন, ব্ৰহ্মপুত্ৰৰ নৈগৰ্সিক ঢৌ—জীয়াই থাকিলে জাতিক জীয়াই ৰাখিব।

অসমীয়া জাতিৰ পৰিচয় কাগজত নহয়—সংস্কৃতি, সৃষ্টিশীলতা, ঐতিহ্য আৰু ইতিহাসৰ মাজতে বাস কৰে। সেই পৰিচয় আগবঢ়োৱাত বৃন্দাৱনী বস্ত্ৰৰ ভূমিকা অমূল্য। এই ঐতিহ্যক সন্মান দিয়াই আমাৰ দায়িত্ব, গৌৰৱ আৰু সামাজিক কৰ্তব্য।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages