জীৱন জীৱন বৰ অনুপম
ববিতা দাস
তামুলপুৰ
ব্যস্ত নগৰীত হেৰাই থাকে
সুবাসিত এই জীৱন
ক্ৰমশঃ মোৰ পৰা মই
আপোনাৰ পৰা আপুনি
হেৰাই গৈ থাকো
নিজক চহকী কৰাৰ ব্যস্ততাত
নিজক সন্তুষ্টি কৰাৰ আশাত
নিজৰ পৰা নিজেই
হেৰাই গৈ থাকো
তাহানিৰ সেই ব্যস্ততাবিহীন দিনবোৰত ৰৈ আছিল জীৱনৰ উশাহ
পঢ়াশালিৰ প্ৰতিটো কোঠালিত ঠেকা খাই ৰৈ যোৱা হাঁহিত
বন্ধুত্বৰ হাতত গুজি দিয়া সেই সময়বোৰ
আছিল
সুখৰ একোখন জীপাল নৈ
হাঁহিৰ একোটা সেউজীয়া পাহাৰ।
আৰু এতিয়া
হাঁহিবোৰ সজাই থোৱা ফুলদানি।
বন্ধুত্বৰ স্মৃতি এলবামৰ নিস্তেজ ছবি।
দৌৰি দৌৰি ভাগৰি নোযোৱা জীৱনৰ
আমি পৰাজিত সৈনিক
তথাপিও দৌৰি থাকো
মাথোঁ দৌৰি থাকো
জয়ী হোৱাৰ মিচা সপোন দেখা আমাৰ জীৱন
আৰু বাস্তৱত
শুকাই যায় নদী
লঠঙা হৈ পৰি ৰয় সেউজীয়া পাহাৰ !!
তাহানিৰ সুখৰ পাহাৰ
তাৰপাছতো ওঁঠত সজাই লওঁ
এটি প্ৰাণবিহীন হাঁহি
শূন্যতাত উচুপে হৃদয়ে
নিৰুপাই হৃদয়।।
নুবুজাকৈয়ে আমিবোৰ হৈ পৰিলো একো একোটা উশাহ লব পৰা যন্ত্ৰ
আৰু
হেৰাই থাকিলো মোৰ পৰা মই
আপোনাৰ পৰা আপুনি।।
অস্ত যোৱা বেলিৰ পোহৰত আকৌ বিচাৰিম নিজৰ মাজত হেৰাই যোৱা নিজক।।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment