প্ৰশ্নবোধক
জিণ্টু চাংমাই
চামগুৰি, নগাঁও
আলিবাটৰ খোজত সময় শিকা ল’ৰাটোৱে
অলিন্দ মাকৰ সৈতে মনৰ বাৰ্তা লৈছে,
মানুহ চোৱা আবেলি হোৱা চকুহাল আগুৱাই
বোধ অভিপ্ৰায় প্ৰশ্ন এটা উত্তমাংগ হৈ ৰৈছে।
অবোধগম্য ভাষাৰে...
মানুহ অবিহনে জীৱনৰ পৃথিৱীখন সুখী নে আই?
কেনেকৈ...?
মূৰত হাত থৈ আইৰ অকণমান অকৃত্ৰিম হাঁহি
উত্তৰ হৈ কথাটো লৈ ল'ৰাটো পুনৰ খোজত ৰৈ গ’ল,
এনেকৈ….।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment