পাগলাদিয়া নদী - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

পাগলাদিয়া নদী

 

পাগলাদিয়া নদী


                           বাণীকান্ত ৰায় 


যদি পাৰা,

তুমি বৈ আহিবা মোৰ হিয়াৰ মাজলৈ এখনি ভাদৰৰ ভৰপক পাগলাদিয়া নদী হৈ!

য’ত মই উটি যাব পাৰোঁ বিশাল সাগৰলৈ—

উচ্ছল জলধি তৰংগ হৈ!

অন্যথা তুমি নাহিবাই

কাৰণ জানাইতো,

শতাব্দীজোৰা দুখৰ হিমচেঁচা প্লাৱনত জঠৰ হোৱা মই—

আছোঁ এটি প্ৰকাণ্ড শিলাখণ্ড হৈ!

Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages