মহান শিল্পী জুবিন গাৰ্গৰ জীৱনৰ সোণালী যাত্রা
দীপ্তি ঠাকুৰ গোস্বামী
(দ্বিতায় খণ্ড)
মহান শিল্পী জুবিন গাৰ্গ ‘উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজপুত্র’ নামে জনা যায়। এই শিল্পীজনাই অকল সংগীতেৰেই মন মোহা নাছিল; অভিনয়, সংগীত পৰিচালনা, প্রযোজনা কত যে গুণেৰে সংগীত জগতত দক্ষতা প্রদর্শন কৰিছিল আৰু প্ৰতিটো কৰ্মৰ মাজেৰেই বৈ গৈছিল সোণালী সুবাস, সৃষ্টিৰাজিৰ অণুপম ভাবৰাশিৰ। এনে লাগে য'তেই সুন্দৰতা ত'তেই যেন সৃষ্টিৰাজিৰ অপূৰ্ব মিলন। তেওঁৰ যাত্রাপথত মানৱীয়তাৰ এখন সুন্দৰ চিত্ৰ অংকিত হৈ আছে। তেখেতে কৰিছিল কঠোৰ পৰিশ্ৰম।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে যিদৰে আন্ধাৰ যুগক জ্ঞানৰ পোহৰেৰে উজলাই তুলিছিল। চতুর্দশ আৰু পঞ্চদশ শতাব্দীৰ মাজভাগত ধৰ্মৰ নামত ব্যভিচাৰ সৃষ্টি হৈছিল সেই সময়ত মহাপুৰুষজনাই বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰি সমাজলৈ শান্তিৰ বতৰা কঢ়িয়াই আনিছিল। তেওঁ প্ৰচাৰ কৰা বৈষ্ণৱ ধৰ্ম জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলোৱে গ্রহণ কৰিব পাৰিছিল। কিমান সুন্দৰ এখন মানৱীয়তাৰ চিত্ৰ। ধৰ্ম, সাহিত্য, শিক্ষা, সংস্কৃতিৰ মাজেৰে এখন সুন্দৰ সমাজ গঢ়াৰ চিন্তা কৰিছিল। মহাপুৰুষজনা অকল ধৰ্ম প্ৰচাৰকেই নাছিল। তেওঁ সাহিত্য নাট, ভাওনা, গীতৰ মাজেৰে শান্তিৰ সুন্দৰ বাণীবোৰ বিলাইছিল। তেখেত আছিল গীতিকাৰ, সুৰকাৰ, গায়ক, নাট্যকাৰ, অভিনেতা, প্রযোজক আৰু বহু গুণেৰে গুণৱান। সেয়ে মহাপুৰুষজনাক আমি বিষ্ণুৰ অংশ বুলি বিশ্বাস কৰোঁ। যেতিয়া এজন ব্যক্তি বহু গুণৰ লগতে মানৱীয়তাৰ গুণেৰে পৰিপুষ্ট হৈ থাকে তেখেতক আমি ভগৱানৰ অংশ বুলি ভাবোঁ মহান শিল্পী জুবিন গাৰ্গৰ বহু প্রতিভাৰ লগতে মানৱীয়তাৰ যি গুণৰাজি আমি প্রত্যক্ষ কৰিলোঁ। সেয়ে এই মহান শিল্পীজনাক আমি ভগৱানৰ অংশ বুলিয়েই বিশ্বাস কৰোঁ। যিজন ব্যক্তিয়ে সমাজৰ শান্তিৰ কাৰণে চিন্তা কৰে সমাজত শান্তিৰ বাণী বিলায় তেনে লোকেই ভগৱান। সেই মহান পুৰুষজন যথেষ্ট গুণেৰে গুণৱান হ’ব লাগিব, আকাশৰ দৰে বিশাল, সাগৰৰ দৰে গভীৰ এখন মানৱীয়তাৰ অন্তৰৰ গৰাকী হ’ব লাগিব আৰু বিশ্ববাসীয়ে তেনে মহান লোকসকলৰ গুণ-গৰিমাৰ কথা জানিব লাগিব। জুবিন গাৰ্গৰ মানৱৰ কল্যাণৰ কাৰণে কৰা কৰ্মৰাজিৰ লগতে মহান শিল্পীজনাৰ বিষয়ে লিখাৰ প্ৰয়োজন নাই। সকলোৰে হৃদয়ে হৃদয়ে বৈ আছে তেওঁৰ এখন সুন্দৰ চিত্র। সেয়ে সমগ্র বিশ্বই আজি তেখেতক চিনি পায় আৰু তেখেতৰ গুণৰাজিক সকলোৱে সন্মান কৰে।
শিল্পীজনাৰ উল্লেখযোগ্য ছবিসমূহ হ’ল- ‘তুমি মোৰ মাথোঁ মোৰ’ (২০০০), ‘দাগ’ (২০০১), ‘হিয়া দিয়া নিয়া’ (২০০০), ‘মন যায়’ (২০০৮), ‘মিছন চাইনা’ (২০১৭), ‘কাঞ্চনজংঘা’ (২০১৯), ‘ৰৈ ৰৈ বিনালে’ (২০২৫) আৰু বহুতো।
এজন ব্যক্তি কিমান গুণ গৰিমাৰে পৰিপুষ্ট হ’লে সংগীত জগতত ইমানবোৰ গুণ আয়ত্ত কৰিব পাৰিব। এই চিনেমাবোৰৰ মাধ্যমেদি সংগীত পৰিচালনা কৰিছিল। মধুৰ কণ্ঠেৰে মানুহৰ মন জয় কৰাই নাছিল অভিনয়ো কৰিছিল। গাইছিল মানৱীয়তাৰ জয়গান। মানৱীয়তাৰ চিত্ৰৰে মানুহৰ মন মুহিছিল। তেওঁ মানৱ কল্যাণৰ সুন্দৰ আদৰ্শ আগবঢ়াইছিল। যদি তেখেতৰ প্ৰতিটো গীতেই অধ্যয়ন কৰোঁ তেন্তে দেখা পাম যে একো একোখন গ্ৰন্থৰ সৃষ্টি হ’ব। বৰ্তমান তেখেতৰ নতুন সৃষ্টিৰাজিৰপৰা উপেক্ষিত হ’লেও যিখিনি দি থৈ গ’ল সেয়া যেন এক ৰত্নৰ ভাণ্ডাৰ। এইবোৰ যুগে যুগে উজলি থাকিব এগছি জ্ঞানৰ বন্তিৰ দৰে আৰু সেই বন্তিৰ পোহৰত উজ্জীৱিত হৈ থাকিব তেখেতৰ মহান সৃষ্টিৰাজি।
আমি তেখেতৰ সৃষ্টিক জীপাল কৰি ৰাখিবলৈ নৱ প্ৰজন্মৰ সন্তানসকলে তেখেতৰ সংগীতসমূহ অধ্যয়ন কৰিব লাগিব। অৱশ্যে গীত গাবলৈ সকলোৱে মধুৰ কণ্ঠৰ গৰাকী হোৱা দেখিবলৈ পোৱা নাযায়। যিসকল মধুৰ কণ্ঠৰ গৰাকী সেইসকলে এই সুন্দৰ সুন্দৰ তত্ত্বগধুৰ ভাষাৰে লিখা গীতবোৰ সুন্দৰ কণ্ঠৰে পৰিৱেশন কৰি তেখেতৰ আদৰ্শ শিৰোগত কৰি আগবাঢ়ি যাব লাগিব। তেখেতৰ মহান
গুণবোৰ আদৰ্শ হিচাপে লৈ এখন সুন্দৰ সমাজ গঢ়িব পাৰিব আমাৰ মই নাহঁতে। আমি আশাবাদী তেখেতৰ সংগীতসমূহ জিলিকাই ৰাখিব আমাৰ মইনাহঁতে উজ্জ্বল নক্ষত্ৰৰ দৰে। তোমালোকে প্রতিশ্রুতিবদ্ধ হ'ব লাগিব তেখেতৰ সৃষ্টিৰাজিক সেউজীয়া কৰি ৰাখিবলৈ। আৰু এই মহান শিল্পীজনাৰ কাৰণে তোমালোকৰ মৰম-স্নেহ, ভক্তি-শ্রদ্ধা সদায়েই পাহাৰ-ভৈয়াম হৈ ঝিৰ ঝিৰ কৈ বৈ থকা নিজৰাৰ মধুৰ শব্দধ্বনিৰ দৰে আৰু এই মহান শিল্পীজনাৰ বহু কথাই কলমেৰে নিগৰি থাকিব কলমৰ নীলাখিনি থকালৈকে।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment