কলা অধ্যায়ৰ কলাজ - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

কলা অধ্যায়ৰ কলাজ


 কলা অধ্যায়ৰ কলাজ


                               ৰিতুপৰ্ণ শৰ্মা

                                    বেলতলা


ৰ’দ পৰি জিলিকি থকা দুবৰিৰ নিয়ৰবোৰ

বিন্দু বিন্দু জ্যতিৰ নৃত্য

ফেঁহুজালিৰ মনি মুকুতাৰ চঞ্ছল ঝুনুক

বিষাদৰ বতাহ এজাকত আঁকোহি

উন্মাদ অবচেতন মনত আসোঁৱাহ

নৈমত্যৰ আস্বাদনত কুহুমীয়া আম্লান

অশৈলীৰ ছত্ৰত স্কিন্ধতাৰ প্ৰলেপ

সত্তাৰ অধীনত বিমৰ্ষ গুনগুননি

স্থিতপ্ৰজ্ঞ জোনাক পোহৰৰ জীপাল মান্যতা

নিৰন্তৰ প্ৰমূল্য হেৰুওৱা বিবেকবোৰ

সত্তাৰ নিদাৰূন কুঁৱলীৰ দৌৰাত্ম্য 

আশাৰ ৰঙীন সপোনবোৰ

প্ৰজ্ঞাৰ ভাস্বত আকীৰ্ন ক্ষনিক

নিজানৰ কল্পনাৰ পৃথিৱীত 

দিগভ্ৰান্ত ভগ্ন হৃদয়ৰ পথিক।।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages