ফাগুনৰ অপেক্ষাত - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

ফাগুনৰ অপেক্ষাত

 

ফাগুনৰ অপেক্ষাত


                                জগদীশ পাঠৰি 


তোমাৰ সন্ধানী দুচকুত 

ফাগুনে চুমুক দি যায়

কাণে কাণে কৈ যায় প্ৰেমৰ বতৰা

মৰহি যোৱা সপোনবোৰ

লহপহকৈ ঠন ধৰি উঠে পুন:

বুকূ ডাঠ কৰি কঁকালত টঙালী বান্ধিছো

আলি আয়ে লৃঙাংত ময়ো যাম তোমাৰ কাষলৈ

প্ৰাণ ভৰি উপভোগ কৰিম

গুমৰাগ চঃমান।

হৃদয়ৰ শুকান মৰুত 

ফাগুনে আনিব সজীৱতা

সিঁচি দিব আশাৰ সঞ্চাৰ তাৰেই অপেক্ষাত ৰৈ আছো

প্ৰতিপল অনুপল অধীৰতাৰে।

হৃদয়ত গাঁজি ৰখা গোপন কথাবোৰ 

আটি আটি বান্ধি ৰখা বুকুৰ মৰমবোৰ 

উৰুৱাই নিদিবাচোন উলাহত 

চঞ্চল ফাগুনে উদঙাই দিব পাৰে

গোপনে সাঁচি ৰখা 

তোমাৰ মোৰ অব্যক্ত বেদনাবোৰ।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages