গাঁও বিচৰাৰ ভ্ৰম - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

গাঁও বিচৰাৰ ভ্ৰম

 

গাঁও বিচৰাৰ ভ্ৰম


                               সংযুক্তা দত্ত

                                গোলাঘাট


খিৰিকী মুখৰ ৰাতিপুৱাটোত

মই দেখিলোঁ

এটা শালিকী চৰাই

আনটো বিচাৰি চকুজুৰি

গৈয়েই থাকিল...


গাইজনীয়ে বৰকৈ চিঞৰাত

দেখিলোঁ গৰু পোৱালি এটা!

দেও দি নাচি আছে

পিৰালীৰ কাষতে।

মাক সুধিলোঁ

ফেহু আছেনে মোলৈ

দিম দে। কলপাততে

মেৰিয়াই থৈছোঁ।

“সেয়াটো মাৰ মৰমে আছিল সৰুৰে পৰা”।

দেউতাক বজাৰৰ পৰা মাছ অনা দেখিলোঁ

সুধিলোঁ পুখুৰীত মাছ নাইনে?

আছে অ' ধৰিবহে নোৱাৰি

খেয়ালী জালখন বৰকৈ ফাটিল

দ-পানীত নামিবি নো কেনেকৈ?

এয়া বাছি বাছি আনিছোঁ

ৰৌ মাছৰ ডাঙৰটো।

“দোকানৰ কলম-বহী অনা দিনটোৰ পৰাই ভালৰো ভালটো আনি দিয়াবোৰ দেউতাৰ আৱদাৰ।”

মা মোৰ জলপান খাবৰ মন নাছিল

আছে যদি পইতাভাতকে দেচোন

সোৱাদবোৰ পাহৰিছই দেখোন

জলপানৰ ধান বৰ কষ্টকৈ সিজাইছোঁ

দুমুঠি খাই ল! 

মাৰ তপৰাই উত্তৰ।

“ইটো নাখাওঁ- সিটো নাখাওঁ বুলি ক’লে খাচোন খা বুলি মায়েটো সদায় মৰমে দেখুৱাই খোৱা-বোৱা যতনায়।”

শাওনৰ পথাৰত এতিয়া ট্ৰেক্টৰৰ মাত

সেউজীয়াবোৰ নাই আজিকালি 

আমাৰ গাঁৱত খেতি আধি, 

বন্ধকীত নহ’লে  বিক্ৰীত গ'ল মাটি।

বজাৰে বজাৰে মাছ পুঠি

শাকনিৰ বাৰী উদং

পৰি থাকিল চপৰাকৈয়ে মাটি।

দেউতা-মাক খেতি এৰিবলৈ কওঁতে কৈছিল-

গাঁৱৰ পৰা চহৰলৈ পঠিয়াইছিলোঁ আমিয়ে

শিপাডাল ধৰিবলৈ তোকনো কেনেকৈ কম।

“আজি দেখিছোঁ আমাৰ খেতিমাটিও আধি।”


কালিলৈ আকৌ চহৰলৈ যাম 

মোৰ দৰে এনেকৈয়ে কত মানুহ

গৈ থাকিব চহৰমুখী হৈ...

বছৰেকৰ দুদিনতে পৰিৱৰ্তন দেখি কম 

“আমাৰ যে গাঁওখন আৰু গাঁও হৈ নাথাকিল”।


মা-দেউতাই বিচাৰিব ডাঙৰ মানুহ হ'। 

আমিও বিচাৰিম আমাৰ পিছৰ প্ৰজন্ম আমাতকৈয়ো ডাঙৰ মানুহ হওক

এনেকৈয়ে প্ৰজন্মৰ পিছত প্ৰজন্মই

শিপা বিচাৰি এদিন হাহাকাৰ কৰিব।

চহৰ আৰু গাঁৱৰ সীমাৰেখা ডাল 

ক্ৰমাৎ নোহোৱা হ'ব।

“নাঙঠ হ'ব গাঁও, ভ্ৰম হ”ব মানুহবোৰ

 গাঁৱতে গাঁও বিচাৰি।”


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages