ভঙা সপোন
আয়শা ছিদ্দিকা
বাংলিপাৰা, বৰপেটা
: আজি ৰাতি ইমান দীঘল যেন কিয় লাগিছে অ...
: কথাত আছে নহয় দুখৰ ৰাতি নাযায় নুপুৱাই ।
: সেইটো কথাৰ কথা হে আছিল। সঁচাকৈ এনে হয় নেকি বাৰু?
: কথাৰ কথা নহয় হে। অভিজ্ঞতাৰ পৰাই এনেকুৱা হীৰাৰ দৰে মূল্যৱান শ্লোক বাক্যৰ আৱিষ্কাৰ হৈছে।
: কি কোৱা!
: উম্ সঁচা কৈছোঁ মই। কাৰণ পৰিস্থিতিৰ স্বীকাৰ ন'হলে মানুহে সঠিক তথ্য, মৰ্ম পূৰ্ণ ৰূপত বুজি নাপায়। যেনেকৈ তুমি আজি হে বুজি পাই আছা এটা নিৰ্ঘুম, যন্ত্ৰণাৰ ৰাতি কিমান কষ্টকৰ হয়। কষ্টৰ পৰিমাণ ইমানেই বেছি হয় যেন সময়ৰ গতি লেহেমীয়া অনুভৱ হয়।
: তাকেই অ। পিছে বৰষুণ বন্ধ হোৱাৰ কোনো চিহ্নওচোন নাই ।
: ৰাতিপুৱা লৈ অপেক্ষা কৰাৰ বাদে আৰুনো কি কৰিব পাৰিম আমি কোৱা।
: তাতে আকৌ কৰেণ্টও নাই। বতাহ ইমান বলি আছে মমবাতি এটাও জলাব নোৱাৰি। কি মহা বিপদত পৰিলোঁ ঐ.....
: দিয়াশলাই এটা আছে নেকি দিয়া... কাঠ কেইটুকুৰামান আছে জ্বলাই অলপ সেকি লওঁ নিজকে।
: কি কথা কোৱা। আমি আকৌ এইবোৰ কেতিয়াৰ পৰা লগত ৰাখিব আৰম্ভ কৰিলোঁ। পাহৰি নাযাবা আমি মাত্ৰ হাইস্কুল শেষ কৰিলোঁ। ফলাফল কিন্তু এতিয়ালৈ দিয়া নাই।
: ইয়াতে আকৌ লিখা-পঢ়াৰ কথা আৰম্ভ নকৰিবা দেই।
: দিয়া নকৰোঁ। কিন্তু এতিয়া আৰু কি কৰিম সময় এনেও পাৰ হোৱাৰ নামেই লোৱা নাই। উপাই এটা দিয়া তুমিয়েই।
: মই তোমাৰ দৰে গীত গাব নাজানো নহয়, ইমান ভালকৈ কবিতাও পাঠ কৰিব নাজানো।
: কবিতা এটাকে গাই দিয়া তেন্তে...।
: মই নোৱাৰোঁ তুমিয়েই আৰম্ভ কৰা আকৌ।
: এনেকুৱা এটা পৰিস্থিতিত তোমাৰ কবিতা শুনাৰ মন কেনেকৈ হ’ব পাৰে।
: এৰা মাকে অলপ গালি হে দিছিল বেছিকৈ মোবাইল চাই বুলি । এইটোনো কি দোষৰ কথা হ'ল। মাকে এবাৰ গালি পাৰিলে আকৌ বেছি মৰম হে কৰে তেওঁ কিয় যে.......!
: বুজি পোৱা নাই হ’বলা। বেছি আবেগিক হৈ পৰিল চাগে।
: ঘৰত খবৰ এটা দিব লাগিছিল হয় নে..?
: হয় ! দিব লাগিছিল কিন্তু মোৰ মোবাইলটোত পানী সোমাই বন্ধ হৈ পৰিছে। তুমি চেষ্টা কৰি চোৱা।
: মোৰ মোবাইল অফ হে হৈ আছে।।
: বিপদত পৰিলে সময় আৰু বেছি নিষ্ঠুৰ হয় চাগে।
: এয়াই নিয়তি কি আৰু কৰিব পাৰোঁ আমি।
: চোৱা তাৰ জ্ঞান আহিল নেকি .?
: নাই অহা এতিয়ালৈকে। ইমান কেইটা খাইছে দুই তিনিদিন এনেই অচেতন হৈ থাকিব।
: ইমান চোকা বুদ্ধিৰ অধিকাৰী তাতে আকৌ একমাত্ৰ সন্তান এনেকুৱা সিদ্ধান্ত কিয় ল'ব লাগে ভাবি নাপাওঁ।
: ভাগ্য ভাল আমি দুটা আজি বহুদিনৰ মূৰত এই বাটেৰে আহিলো বুলি হে.।
: হ'ব পাৰে এয়াই আমাৰ কৰণীয় আছিল।
: কেইটা বজিল..?
: ১১.৩০ বাজিলেই।
: বতৰৰ অবস্থা ইমান বেয়া এওঁক লৈ যাবও নোৱাৰিম। আকৌ এনেকৈ ৰাখিবও নোৱাৰি যদি অসুবিধা হয় আকৌ।
: তাৰ চকুত মুখত পানী দিয়া যদি জ্ঞান আহে কেনিবাকে ৰাতিটো পাৰ কৰিব পাৰিলেই হ'ল।
: কি কবা ল'ৰা বুলিয়েই এইটো বয়সত উপাৰ্জন কৰিব পৰা হৈছে জানো। পঢ়া শেষ হোৱা নাই ঘৰৰ পৰা উপাৰ্জন কৰিবলৈ ইমান কৈ কামুৰি থাকিব লাগে নে..?
: তোমাৰ আমাৰ ঘৰৰ পৰা উপাৰ্জনৰ কথা কয় নেকি..? নকয় কিন্তু?
: অ’ নকয়। কৈছে যিমান ইচ্ছা পঢ়াব। বাহিৰত পঢ়িব পাৰিম বুলিও কৈছে।
: কিন্তু এওঁলোকৰ ঘৰৰ অৱস্থা জানাই দেখোন। দেউতাক অসুস্থ। বেমাৰী মাকজনী আৰু কিমান দিন লোকৰ ঘৰত কাম কৰিব পাৰিব। সেয়ে চাগে......।
: ইমান চোকা বুদ্ধি তেওঁৰ ভালকৈ পঢ়িলে ভাল চাকৰি এটা কৰিব পাৰিব কিন্তু।
: চাকৰি কৰিব পৰিব কিন্তু এতিয়া ঘৰখনৰ দ্বায়িত্ব কোনে ল:ব কোৱা। সেইকাৰণে চাগে ঘৰত অলপ কাজিয়া হ’ল আৰু এই মহা পণ্ডিতে একো নুবুজি মূৰ্খৰ দৰেই কাম এটা কৰিছে। শুনিছিলো মানুহ পৰিস্থিতিৰ দাস বুলি। এতিয়া যেন কথাষাৰৰ প্ৰকৃত অৰ্থও বুজি পাই আছোঁ।
: উম!
: এৰা কবিতা এটকে গাই দিয়া ।
: তুমি গাই দিয়া। তাৰে লিখা সেই কবিতাটো।
: বাৰু বাৰু!.......
ভঙা পজাৰ মুধুচত আৰি থৈছোঁ
বিশাল বিশাল সপোনৰ টোপোলা
মই জিনিম এদিন শীৰ্ষ বিশ্বৰ
উজ্বলাই নিজৰ নামৰ গৰিমা....
পুৱতি কিৰণৰ ৰঙা ঐ আভা
নাভাঙিবি মোৰ এই মায়া নিদ্ৰা
নোপোৱা খিনিযে ইয়াতে বিচাৰি
অশান্ত মন মই শান্ত কৰি সুস্থিৰ হওঁ......
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment