জীৱন এক পিয়ানো
জুমী চিৰিং
কঠালগুৰি, লক্ষীমপুৰ
সু-উচ্চ ব্যক্তিগত চিকিৎসালয়ৰ তিনি মহলীয়া বেলকনিত বহি হিমাদ্ৰীয়ে ভাবনা সাগৰত ডুব গৈ আছিল। অদূৰৰ পৰা ভাঁহি আহিছিল পিয়ানো এটি কৰুণ অথচ মধুৰ সুৰধ্বনি। “বৰমা অ’ বৰমা মই অথনিৰে পৰাই মাতি আছোঁ, তুমি ইমানকৈ কি কথা ভাবি আছানো!” মই সেই পিয়ানো খনৰ কথাকে ভাবি আছোঁ অ’ হিয়া ! পিয়ানো খনৰ সুৰ বোৰ যিদৰে সুখত আনন্দ লহৰ আৰু দুখত কৰুণ সুৰ ফুটি উঠে ঠিক মানুহৰ জীৱনটো দৰে নহয়নে,হিয়া! মানুহৰ জীৱনত যে কেতিয়া সুখে উপচি পৰে আৰু কেতিয়া দুখে হেঁচা মাৰি ধৰে অদৃশ্য জনৰ বাহিৰে কোনেও ক’ব নোৱাৰে।
হিয়া পাছে পাছে হিমাদ্ৰীয়ে লাহে লাহেকৈ আই চি ইউ কক্ষ ফালে আগবাঢ়ি গ’ল। আইনাৰে আবৃত সু-সজ্জিত আই চি ইউ কক্ষৰ সন্মুখৰ পৰাই নিদ্ৰাত মগ্ন হৈ আপোন পাহৰি শুই থকা পুত্ৰ ফালে স্থিৰ নয়নে কিছুসময় চাই ৰ’ল। হিমাদ্ৰীয়ে মনতে ভাবিলে আৰু কিমান দিন বাৰু এনেকৈয়ে যমৰ যাতনা সহ্য কৰিব লাগিব একমাত্ৰ পুত্ৰ, পাপুৱে। হে প্ৰভু, সি কি ভুল কৰিলে যে তাক তুমি ইমান শাস্তি দিবলৈ মন কৰিছা! হিমাদ্ৰীয়ে স্বচ্ছ আইনা খনৰ ভিতৰলৈ দৃষ্টি নিক্ষেপ কৰিয়ে কিছু সময় অন্যমনস্ক হৈ পৰিল।
আলোকৰ জন্ম দিনটো দেউতাকৰ যে কিমান আনন্দ লাগিছিল। কাৰণ সেই দিনটোতে আলোকৰ দেউতাকৰ চাকৰিত মকৰলৰ হোৱা সৌভাগ্য মিলিছিল। সৰু সৰু কিছুমান কামৰ দ্বাৰাই মানুহৰ জীৱনত সৌন্দৰ্য আৰু সন্তুষ্টি গঢ় লৈ উঠে। আলোকক সকলোৱে মৰমতে “পাপু” বুলি মাতিছিল। অসমীয়া ডাকৰ বচন মতে- “যি মূলা বাঢ়িব তাৰ দুপাততে চিন।” আলোকৰ প্ৰখৰ বুদ্ধি, তীক্ষ্ণ মগজু, কৰ্মপটুৰতা আৰু মেধাৱী গুণ সমূহ সৰু কালৰ পৰাই প্ৰকাশ পাইছিল। পঢ়া-শুনাৰ লগতে গীত-নৃত্যৰ ক্ষেত্ৰতো পাৰদৰ্শিতা অৰ্জন কৰি অসমৰ প্ৰায় কেইখন সাংস্কৃতিক অনুষ্ঠানতে উদীয়মান নৃত্য শিল্পী ৰূপে প্ৰসংশা বুটিলিবলৈ সক্ষম হৈছিল। পাপু অনুৰাগীৰ শিশু সকলে প্ৰায়ে নৃত্য শিকাবলৈ জুৰ কৰাত মাকে তাক ঘৰতে নৱপ্ৰজন্মৰ শিশুসকলক নৃত্য শিক্ষা দিব পৰাকৈ এখন ডান্স স্কুল খুলি দিছিল। পাপুৱে পঢ়া-শুনা লগতে এজাক শিশু সৈতে গীত-নৃত্যৰ স্কুল খনও সুন্দৰকৈ আগবঢ়াই নিছিল। পাপুৰ সহজ-সৰলমনা মন আৰু অমায়িক ব্যৱহাৰ বাবে সকলোৱে তাক ভাল পাইছিল।
কৰ্মব্যস্ততাৰ মাজেদিয়ে পাপুৰ জীৱনটো সুন্দৰকৈ আলোকিত হৈ পৰিছিল। শীতৰ আগমনক আদৰণি জনাই তথা পুৰণি বছৰক বিদায় দি নতুন বছৰক আকোঁৱালি লোৱা শুভ ক্ষণত শিশুসকলৰ মনোৰঞ্জনৰ বাবে সকলোৱে আনন্দ স্ফুৰ্তিৰে এসাঁজ প্ৰীতি ভোজ খোৱা মনস্থ কৰিছিল পাপুৰ মাক, হিমাদ্ৰীয়ে। সেই বিশেষ দিনটোতে পাপুৰ জন্ম দিন উপলক্ষে হিমাদ্ৰীয়ে এটি বনভোজ আয়োজন কৰা মানস কৰিছিল। ডিচেম্বৰ মাহৰ পহিলা ৰবিবাৰে ৰাতিপুৱাই সকলোৱে আহি পাপুহঁতৰ ঘৰত সমবেত হৈছিল।পাপুৱে মাকক খাতি কৰিছিল যে, মাকে প্ৰীতি ভোজৰ বাবে সকলো আয়োজন কৰিছে মাত্ৰ মোৰ ফালৰ পৰা আধুনিক উচ্চস্তৰীয় মিউজিক ব্ৰেণ্ড এটা আনিবলৈ দিয়ে যেন। সেই বুলি কৈয়ে মাত্ৰ এক মিনিটৰ বাবে পাপু বাইকখন লৈ ঘৰৰপৰা ওলাই গৈছিল। সকলোৱে উৎকন্ঠাৰে ৰৈ আছিল — কিন্তু সকলোৱে মনত আঘাত সানি আধাৰ ঘন্টা পিছতে মুমুৰ্ষ অৱস্থাত চিকিৎসালৰ আই চি ইউ কক্ষত পাপুৰ অৰ্ধ মৃতৰ শৰীৰটো ভৰ্তি কৰাইছিল।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment