দেউতা
নীলিম কুমাৰ
বহু বছৰ হ’ল দেউতাই আমাক এৰি থৈ যোৱাৰ।
ওহোঁ! এৰি যোৱা বুলি ভাবিছিলোঁহে! এৰা নাছিল। কিয়নো
আজিকালি মই অকলে গাড়ী চলাই থাকিলে
মোৰ কাষৰ ছীটটোত আহি বহি থাকে দেউতা।
একো নকয়। মই ভাবোঁ
দেউতাৰ মাতটো বৰফ হৈ গৈছে। কিন্তু
মোৰ কথাবোৰ বৰ মনোযোগেৰে শুনি থাকে দেউতাই।
মোৰো এনে লাগে যেন ইমান বছৰে
কোনো কথাই পতা হোৱা নাছিল দেউতা আৰু মোৰ!
কেতিয়াবা কেতিয়াবা ভিৰ থকা বজাৰৰ মাজতো
হঠাৎ দেখা পাই যাওঁ দেউতাক।
কেতিয়াবা চিটিবাছত মই গৈ থাকিলে হঠাৎ দেখা পাওঁ
মোৰ পিনে এবাৰো নোচোৱাকৈ
হেণ্ডেলত ধৰি থিয় হৈ থকা দেউতাক।
মই ভাবোঁ মোক চাবলৈয়ে দেউতা আহে
নে মোক লক্ষ্য কৰিবলৈ!
কেতিয়াবা বহুদিন নুখুৰোৱা দাঢ়িৰে সৈতে
দেউতাৰ মুখখন দেখি মোৰ এনে লাগে
দেউতাৰ যেন পিয়াহ লাগিছে।
আৰু মই দেউতাক দেখুৱাই ঘোটঘোটকৈ পানী খাওঁ
দেউতাই কিন্তু পানী নোখোজে। তৃষ্ণাহীন দেউতা।
কেতিয়াবা মোৰ গাড়ীত মোৰ কাষৰ ছীটটোত
দেউতা বহি থাকিলে মই তেওঁৰ ভিতৰলৈ চাওঁ
দেখা পাওঁ তেওঁৰ বুকুৰ তিনিআলি চাৰিআলিত
অনাই-বনাই ফুৰা এজন ল’ৰা। কপালত এটা কটা দাগ।
মই মোৰ কপাল খেপিয়াই চাওঁ – মোৰ চিনাক্তকৰণৰ দাগটো।
দেউতাই ভাবে মই হেৰাইছোঁ।
মোক বিচাৰিয়েই দেউতাই চাগে এনেকৈ ঘূৰি ফুৰে।
তেওঁ মোক দেখিও বিচাৰি নাপায়।
কেৱল চিনাক্ত কৰে হয়তো মোক!
বহু বছৰ হ’ল দেউতাই আমাক এৰি যোৱাৰ।
তাৰ পাছতো বহু বছৰলৈ সকলো আছিল ঠিকেই।
কিন্তু এতিয়া কিবা এটা হৈছে –
মোক বিচাৰি ফুৰে দেউতাই নে মই বিচাৰি ফুৰোঁ তেওঁক!
অন্যমনস্কতাত মই পাহৰি যাওঁ গাড়ীৰ ষ্টিয়াৰিং
অৰু ঠিক তেতিয়াই দুৰ্ঘটনাৰ পৰা বচাবলৈ
মোৰ ষ্টিয়াৰিং পোনাই দিয়ে দেউতাই।
ক’ত গতি সলাব লাগে আৰু বঢ়াব লাগে
ক’ত মাৰিব লাগে ব্রে’ক দেউতাই কয়।
দেউতাই এতিয়া মোক গাড়ী চলাবলৈ শিকাইছে
(স্মৃতিবোৰৰ মাজে মাজে)। জীয়াই থাকোঁতে
তেওঁ জনা নাছিল গাড়ী চলাবলৈ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment