জীৱনৰ সৰু বৰ আলিয়েদি.....
জাতিৰাম কমান
শৈশৱ পাৰ হৈ কৈশোৰত ভৰি দি যৌৱনপ্ৰাপ্ত হোৱালৈকে হল জীৱনৰ আদিছোৱা। যুৱ অৱস্থাৰ পৰা প্ৰাপ্ত বয়স্ক হৈ প্ৰৌঢ়তা প্ৰাপ্তিৰ সময় ছোৱা হল মধ্যকাল আৰু প্ৰৌঢ়তা গৰকি বাৰ্ধক্যই লগ দিয়াৰে পৰা বৃদ্ধাৱস্থাটো হল জীৱনৰ অন্তিম পৰ্ব।
জীৱনৰ এই তিনিটা স্তৰ পাৰ কৰােতে ভিন ভিন সময়ত আমি ভিন্ন ভিন্ন লোকৰ সংস্পৰ্শলৈ আহোঁ আৰু সেই সেই কালত আমাৰ লগ বন্ধু বিলাকো বেলেগ বেলেগ। জীৱনৰ সৰু বৰ আলিয়েদি আগবাঢ়ি যাওঁতে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ মানুহ আমাৰ সহযাত্ৰী হয়। সময়ৰ গতিত আগবাঢ়োতে আমাৰ জীৱনৰ দিক্ কোনোবা পাকত অন্যদিশে গতি কৰে।জীৱনৰ বাট বোলোতে সহচৰ সকলক আমি কেঁকুৰি বাটত এৰি থৈ আহোঁ।
শৈশৱত ৰং ধেমালি কৰা লগৰীয়া বিলাকৰ বহুতকে কিশোৰ কালত এৰি থৈ আহোঁ।কিশোৰাৱস্থাৰ লগ সমনীয়া শৈশৱ কালৰ সংগীতকৈ অলপ বেছি জনা বুজা হয়।শৈশৱৰ অবুজ ধেমালিবোৰ এৰি নতুন কথা কিছু শিকিবলৈ লওঁ কিশোৰ কালত।কৈশোৰ পাৰ হৈ যুৱাৱস্থাৰ আগমন ঘটে আৰু মানসিক ধ্যান ধাৰণাবোৰ কিছু পৈণত হবলৈ আৰম্ভ কৰে তেতিয়া।
বুনিয়াদী শিক্ষা গ্ৰহন কৰা কালৰ পঢ়াশলীয়া লগ সমনীয়াৰ ঠাই লয় ন কৈ লগ পোৱা হাইস্কুলীয়া লগ বন্ধুবোৰ। লগ বন্ধু বোলাতকৈ সহপাঠী বুলিলে বেছি খাপ খোৱা যেন লাগে। কাৰণ, সহপাঠী হলেও বহু লৰা বন্ধুৰ তালিকাত নাথাকে। হাইস্কুল গৰকি কলেজত ভৰ্তি হোৱাৰ পাছত আকৌ বন্ধুবৰ্গৰ তালিকাখন বেলেগ হয়। কলেজীয়া বন্ধুৰ পৰিসৰ হাইস্কুলীয়া বন্ধুতকৈ বেছি হলেও অন্তৰংগ বন্ধু বহুত কম সংখ্যকহে বিচাৰি পোৱা যায়। নিজৰ নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দ্যেশত বিভোৰ বেছি ভাগ সহপাঠী আত্মকেন্দ্ৰীক হোৱা দেখা যায়! নিজৰ ভৱিষ্যত সুৰক্ষিত কৰা প্ৰতিযোগিতাৰ জগতখনত আত্মকেন্দ্ৰীক হোৱাতোৱেই স্বাভাৱিক।ইয়াক দোষ দুষ্টতাৰ তুলাচনীৰে জোখাতো সমীচিনো নহয়। কলেজীয়া জীৱন অন্ত কৰি বিশ্ব বিদ্যালয় পৰ্য্যায়ত আকৌ নতুন এচাম বন্ধুৰ সৃষ্টি হয়। কলেজীয়া শিক্ষা তথা য়ুনিভাৰ্চিটী শিক্ষা সাং কৰাৰ পাছত জীৱনৰ আৰু এটা অধ্যায় আৰম্ভ হয় আৰু এয়া হল চাকৰি কাল। অৱশ্যে বহুতে চাকৰি বাকৰি নাপাই ব্যৱসায় বাণিজ্যত ধৰে আৰু ব্যৱসায় বাণিজ্য নকৰাখিনি কৃষিকৰ্ম কৰি জীৱিকাৰ পথ বাচি লয়।
আমি আগতেই উনুকিয়াই আহিছোঁ যে সৰুকালৰ পঢ়াশলীয়া লগ সমনীয়া এচামৰ স্থান লয় হাইস্কুলীয়া বন্ধু এচামে। হাইস্কুল এৰাৰ পাছত হাইস্কুলীয়া বন্ধুৰ স্থান লয় কলেজীয়া বন্ধুৱে আৰু কলেজ গৰকি বিশ্ব বিদ্যালয়ত পদাৰ্পন কৰিলে কলেজীয়া সহপাঠীৰ স্থান লয় বিশ্ব বিদ্যালয়ৰ সহপাঠীয়ে।তেনেকৈয়ে আমাৰ জীৱন কালত বন্ধু আৰু সহপাঠীৰ তালিকাখন বৃদ্ধি হৈ গৈ থাকে।
শিক্ষা জীৱন সাং কৰাৰ পাছত চাকৰি কালত আকৌ নতুন সহকৰ্মীৰ সতে আমি বন্ধুত্ব স্থাপন কৰোঁহক। কৰ্মসূত্ৰে ভিন ভিন জেগাত ভিন্ন ভিন্ন সহকৰ্মীৰ সতে চিনা পৰিচয় হয়।
ছাত্ৰাৱস্থাত পঢ়া শুনা কৰি ব্যস্ততাৰে পাৰ কৰি পুনৰ চাকৰি কালত কাৰ্য্যালয়ত ব্যস্ততাৰে জীৱনটো পাৰ হৈ যায়।লগতে ঘৰ সংসাৰ সন্তান সন্ততিৰ লগত ব্যস্ত থাকি মূৰ তুলিবলৈকে সময় নোপোৱা অৱস্থা।
চাকৰিৰ অন্ত হলে অৱসৰকালীন সময়ছোৱা আকৌ এক নতুন যাত্ৰা।
বহুতে অৱসৰৰ পাছত বাৰীত শাক পাচলিৰ খেতি কৰি,কৃষি কৰ্ম কৰি অথবা সৰু সুৰা ব্যৱসায় বাণিজ্যত পো নাতিৰ সতে ব্যস্ত থাকি সময় অতিবাহিত কৰে।আন এচামে সভা সমিতি কৰি সময়বোৰ পাৰ কৰে।আন কিছুৱে আক’ নামঘৰ, সবাহ, সকাম নিকামত নিজকে নিমজ্জিত কৰি ৰাখে। মানুহে সচৰাচৰ তেনেকৈয়ে জীয়াই থকা দিনবোৰ পাৰ কৰে।
শেষত আচল প্ৰসংগলৈ আহোঁহক।
সাম্প্ৰতিক কাল ইন্টাৰনেটৰ জমানা।
সামাজিক মাধ্যম সৰ্বস্ব ইন্টাৰনেটৰ জমানাত আমি আৰু এটা বেলেগ জগতত বিচৰণ কৰিছোঁহক।আগৰ পুৰণি পঢ়াশলীয়া, স্কুলীয়া, কলেজ-বিশ্ববিদ্যালয়ৰ সহপাঠীকে আদি কৰি চাকৰি জীৱনৰ সহকৰ্মীক ক’বাত এৰি থৈ আমি আকৌ এক বেলেগ দুনীয়াত নিমজ্জিত হৈ আমাৰ জীৱনৰ বাকীছোৱা সময় অতিবাহিত কৰিছোঁহক আৰু এয়া হল সামাজিক মাধ্যমৰ দুনিয়া।কায়িকভাৱে লগ সংগ কৰিব নোৱাৰিলেও আমি বহুকেইগৰাকী বিভিন্ন বৰ্গৰ বন্ধু বান্ধৱীৰ সতে নিতৌ মত বিনিময় কৰি আমাৰ নিসংগ সময়খিনি ব্যস্ততাৰে অতিবাহিত কৰিছোঁহক। এয়াও এক অন্য ধৰণৰ অভিনৱ ব্যস্ততা!এই ব্যস্ততাও আমাৰ দৈনন্দিন জীৱনটো ব্যতিব্যস্ত কৰি ৰখাত উদগনি যোগাইছে, নিসংগতাৰ যে সুখ দিছে, এয়া নুই কৰিব নোৱাৰি।
ওপৰা ওপৰিকৈ পাতলীয়া দৃষ্টিৰে চালে দিনটো মবাইল টিপি সময় পাৰ কৰাতো অকৰ্মণ্যতাৰ পৰিচায়ক বুলি বহুতে আঙুলি টোঁৱাব পাৰে কিন্তু এয়া সকলো শ্ৰেনীৰ, সকলো বয়সৰ মানুহৰ বাবে প্ৰযোজ্য নহয়। কিশোৰ তথা উঠি অহা প্ৰজন্মৰ বাবে দিনে ৰাতিয়ে মবাইলত সময় অপব্যয় কৰাতো কেতিয়াও উচিত কথা হব নোৱাৰে। তেওঁলোকৰ জীৱনত কৰণীয় আৰু বহু কাম আছে। বিপৰীতে বাৰ্ধক্যত ভৰি দিয়া অৱসৰকালীন নিসংগ জীৱন অতিবাহিৰ কৰা সকলৰ বাবে এন্ড্ৰইডযুক্ত মবাইল ফোন বা আইফোন একো একোটি সংগী, দেশ বিদেশৰ খবৰ বাতৰি লোৱাৰ এক উত্তম মাধ্যম, পৃথিৱীক ওচৰৰ পৰা ন কৈ চোৱাৰ এক অমোঘ আহিলা আৰু নিজকে মানসিক ও শাৰিৰীক ভাৱে সতেজ কৰি ৰখাৰ এৰাব নোৱৰা এটি যন্ত্ৰ। যান্ত্ৰিকতাৰে ভৰা জীৱনত অযান্ত্ৰিকভাৱে জীয়াই থাকিবলৈ প্ৰেৰিত কৰা যন্ত্ৰটিয়েই হল একমাত্ৰ হাতৰ আঙুলিৰ টিপত ব্যস্ত থকা এই মবাইলখন। ম’বাইলে নিসংগতা দূৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যে আহিছে ইয়াক নুই কৰিব নোৱাৰি আৰু ইয়াক সকলোৱে নতশিৰে যে স্বীকাৰ কৰিব তাত আমাৰ বিন্দু মাত্ৰও সন্দেহ নাই!
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:
Post a Comment