সম্পাদকীয় - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

সম্পাদকীয়

Nébíngké Lupénam সম্পাদকীয়......



যুৱ লেখক সন্মান ২০২৫: 

জনগোষ্ঠীয় ভাষা-সাহিত্য সংৰক্ষণৰ এক অনন্য পদক্ষেপ


  এইবাৰ অসম চৰকাৰে ৰাজ্যৰ নতুন প্ৰজন্মৰ সৃষ্টিশীল সাহিত্যিক প্ৰতিভাক উদগণি যোগোৱাৰ উদ্দেশ্যে ‘গ্ৰন্থবৰ্ষ ২০২৫’ উপলক্ষে ৮১৮ গৰাকী উদীয়মান যুৱ লেখক লেখিকাক “যুৱ লেখক সন্মান” প্ৰদান কৰিছে। চৰকাৰৰ এই পদক্ষেপৰ আটাইতকৈ ইতিবাচক দিশটো হ’ল – অসমীয়া ভাষাৰ সমান্তৰালভাৱে মিচিং, বড়ো, কাৰ্বি, নেপালী আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা ৪০ বছৰৰ অনুৰ্ধ্বৰ লেখক-লেখিকাসকলকো এই চৰকাৰী স্বীকৃতি, বঁটা আৰু সন্মানেৰে আনুষ্ঠানিকভাৱে বিভূষিত কৰা হৈছে। লগতে “যুৱ লেখক সন্মান”ৰ স্বীকৃতিৰ অংশ হিচাপে প্ৰতিগৰাকী যুৱ লেখক-লেখিকাক ২৫,০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। সেয়া সঁচাকৈয়ে এক প্ৰশংসনীয় আৰু ঐতিহাসিক পদক্ষেপ।

   প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্য চৰকাৰখনে অসমীয়া ভাষাৰ লগতে আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰি নিজৰ ভাষা সাহিত্যলৈ অৱদান আগবঢ়োৱা যুৱ লেখক লেখিকাক এনেধৰণৰ অনুপ্ৰেৰণামূলক সন্মান চৰকাৰীভাৱে প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। যদিও এগৰাকী লেখকৰ সাহিত্য সৃষ্টি কোনো বঁটা-বাহন, পুৰস্কাৰৰ প্ৰত্যাশাত কৰা নহয়, তথাপিও এনেধৰণৰ সামাজিক বা চৰকাৰী স্বীকৃতিয়ে লেখকক মানসিকভাৱে উৎসাহিত কৰাৰ লগতে নিজৰ মাতৃভাষাৰ প্ৰতি দায়িত্ববোধ আৰু সাহিত্য চৰ্চাৰ স্পৃহা দুগুণ বৃদ্ধি কৰে।

   ‘যুৱ লেখক সন্মান’ কেৱল মাত্ৰ কেইগৰাকীমান লেখকক জনোৱা চৰকাৰী স্বীকৃতি বা আৰ্থিক সাহায্যই নহয়, বৰঞ্চ ই অসমৰ থলুৱা জনগোষ্ঠীয় ভাষা আৰু লোক-সাহিত্য সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে গ্ৰহণ কৰা এক যুগান্তকাৰী পদক্ষেপ। চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্তই ৰাজ্যখনৰ চহকী ভাষিক বৈচিত্ৰ্যক পুনৰুজ্জীৱিত কৰাৰ লগতে নৱ প্ৰজন্মক মাতৃভাষাত সৃষ্টিশীল সাহিত্য চৰ্চা কৰিবলৈ বিশেষভাৱে অনুপ্ৰাণিত কৰিব। 

    বিশ্বৰ প্ৰতিগৰাকী লেখক-সাহিত্যিকে নিজৰ মাতৃভাষাৰ সাহিত্য সৃষ্টিৰে বিশ্বজয়ৰ সপোন দেখে। ‘যুৱ লেখক সন্মান’ প্ৰদানে আমাৰ যুৱ লেখকসকলক সেই সপোন বাস্তৱায়িত কৰিবলৈ এক শক্তিশালী মঞ্চ প্ৰদান কৰিব। “গ্ৰন্থ বৰ্ষ ২০২৫” উপলক্ষে চৰকাৰে অসম প্ৰশাসন পৰিষদৰ জৰিয়তে যি সুযোগৰ দুৱাৰ মুকলি কৰিলে, তাৰ ফলত জনগোষ্ঠীয় মাতৃভাষাত সাহিত্য চৰ্চাৰ এক নতুন জোৱাৰ উঠিব। এই ব্যৱস্থাৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিলে প্ৰকৃতাৰ্থতেই অসমৰ জনগোষ্ঠীয় ভাষাৰ উত্তৰণ ঘটিব। অৱশ্য এই ব্যৱস্থাক ধাৰাবাহিকভাৱে অব্যাহত ৰাখিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে অসম প্ৰশাসন পৰিষদক আনুষ্ঠানিকভাৱে আহ্বান জনাইছে। ই ৰাজ্যৰ জনগোষ্ঠীয় ভাষাসমূহৰ বাবে এক ইতিবাচক বাৰ্তা।

    প্ৰতি বছৰে চৰকাৰীভাৱে এনে উৎসাহজনক পদক্ষেপ গ্ৰহণ কৰিলে বিলুপ্তিৰ পথত থকা আমাৰ থলুৱা বা জনগোষ্ঠীয় ভাষাসমূহ পুনৰুজ্জীৱিত হ’ব। কিয়নো, অসমৰ প্ৰতিটো জনগোষ্ঠীয় ভাষা সুৰক্ষিত থাকিলেহে মূল অসমীয়া ভাষা অধিক শক্তিশালী আৰু সমৃদ্ধিশালী হৈ থাকিব। সম্প্ৰতি অসমৰ বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাসমূহে নিজ নিজ ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু বিকাশৰ বাবে উদ্যোগ লোৱা দেখা যায়। বিশেষকৈ বড়ো সকলৰ ‘বড়ো থুনলাই আফাদ’, মিচিং সকলৰ ‘মিচিং আগম কৗবাং’ আদিকে ধৰি বিভিন্ন জনগোষ্ঠীয় ভাষা-সাহিত্য সভাসমূহে নিজা ভাষা-গৱেষণা আৰু সাহিত্য চৰ্চাৰে অসমৰ লোক-সাহিত্যৰ ভঁৰাল চহকী কৰি তুলিছে। 

   অসমৰ জনগোষ্ঠীয় ভাষা সমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা অসম চৰকাৰে গুৰুত্ব সহকাৰে দায়িত্ব বহন কৰাৰ সময় সমাগত। চৰকাৰী স্বীকৃতিৰ অভাৱত কোনো এটা ভাষা লাহে লাহে সমাজৰ পৰা এলাগী হৈ পৰে। নৱ প্ৰজন্মই শিক্ষা আৰু কৰ্মসংস্থাপনৰ বাবে অন্য ভাষাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হোৱাত থলুৱা ভাষাৰ শব্দভাণ্ডাৰ তথা ঐতিহ্য হেৰাই যাবলৈ ধৰিছে। ইউনেস্কোৰ (UNESCO) লুপ্তপ্ৰায় ভাষাৰ তালিকাত অসমৰো এনে বহু ভাষাৰ উল্লেখ আছে যিবোৰ চৰকাৰী পৃষ্ঠপোষকতাৰ অভাৱত বিলুপ্তিৰ পথত।

    আমাৰ সকলোৰে জ্ঞাত যে, কেৱল চৰকাৰী স্বীকৃতিয়ে এটা ভাষাক কেতিয়াও সঞ্জীৱিত কৰি ৰাখিব নোৱাৰে; ইয়াৰ বাবে জনসাধাৰণৰ সজাগতা আৰু দৈনন্দিন জীৱনত মাতৃভাষাৰ নিৰন্তৰ চৰ্চা অপৰিহাৰ্য। কিয়নো, ভাষা এটাৰ আত্মা নিহিত থাকে ইয়াৰ সাহিত্যৰ মাজত। গতিকে, নিজৰ মাতৃভাষাত সৃষ্টিশীল সাহিত্য চৰ্চা কৰাটো আমাৰ এক গধুৰ দায়িত্ব হোৱা উচিত, কাৰণ সাহিত্যইহে ভাষাক গতিশীলতা আৰু মাধুৰ্য প্ৰদান কৰে। নিশ্চয়কৈ, চৰকাৰী মৰ্যাদা এটা ভাষাৰ বাবে ‘ৰক্ষাকৱচ’ স্বৰূপ যিয়ে ইয়াক স্থায়িত্ব আৰু আনুষ্ঠানিক মৰ্যাদা দিয়ে। কিন্তু! যদিহে আমি নিজৰ ঘৰত, সমাজত বা দৈনন্দিন জীৱনত আমাৰ ভাব-বিনিময়ৰ মাধ্যম হিচাপে মাতৃভাষাক ব্যৱহাৰ নকৰোঁ, তেন্তে কেৱল চৰকাৰী পদমৰ্যাদাই ইয়াৰ অস্তিত্ব ৰক্ষা কৰিব নোৱাৰে। ভাষা এটা প্ৰকৃতাৰ্থত জীয়াই থাকে ইয়াৰ বক্তাসকলৰ মুখত, প্ৰতিটো শব্দৰ স্বতঃস্ফূৰ্ত উচ্চাৰণত আৰু প্ৰতিজন লোকৰ ভাষিক গৌৰৱবোধৰ গভীৰতাত।

    অসমৰ ভাষিক বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে শেহতীয়াকৈ এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে, যিটো আমাৰ সকলোৰে বাবে সুখৰ খবৰ। ৰাষ্ট্ৰীয় শিক্ষানীতি (NEP)-ৰ আধাৰত ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা মিচিং, ৰাভা, কাৰ্বি, তিৱা, ডিমাছা আৰু দেউৰী— এই ছয়টা জনগোষ্ঠীয় ভাষাক সংশ্লিষ্ট অঞ্চলসমূহৰ নিম্ন প্ৰাথমিক পৰ্যায়ত (প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ) শিক্ষাৰ মাধ্যম হিচাপে আনুষ্ঠানিক স্বীকৃতি দি পাঠদান আৰম্ভ কৰা হৈছে। কেৱল শিক্ষাক্ষেত্ৰতে নহয়, জনগোষ্ঠীয় ভাষা-সাহিত্য চৰ্চা কৰা উদীয়মান যুৱ লেখকক উৎসাহিত কৰিবলৈ চৰকাৰে এই বৰ্ষৰ পৰাই ‘যুৱ লেখক সন্মান’ প্ৰদানৰো এক আদৰণীয় সিদ্ধান্ত লৈছে। অসমৰ জনগোষ্ঠীয় ভাষা-সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত গ্ৰহণ কৰা এই ব্যৱস্থাসমূহে ৰাজ্যখনৰ বৌদ্ধিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিব। সেয়েহে, ২০২৫ বৰ্ষটোক কেৱল ‘গ্ৰন্থবৰ্ষ’ হিচাপে সীমাবদ্ধ নাৰাখি অসমৰ জনগোষ্ঠীয় ভাষা-সাহিত্যৰ উত্তৰণৰ এক ‘ঐতিহাসিক তথা যুগান্তকাৰী বৰ্ষ’ হিচাপেও অভিহিত কৰিব পাৰোঁ।

     সম্প্ৰতি বিশ্বায়নৰ ধামখুমীয়াত ইংৰাজীৰ দৰে শক্তিশালী ভাষাৰ প্ৰভাৱত বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় ভাষা অস্তিত্বৰ সংকটত পৰিছে। এনে এক জটিল সন্ধিক্ষণত ‘যুৱ লেখক সন্মান’ৰ জৰিয়তে নৱপ্ৰজন্মক নিজৰ মাতৃভাষা, ককা-আইতাৰ মুখৰ সাধুকথা, লোকগীত আৰু পৰম্পৰাসমূহ লিপিবদ্ধ কৰি সংৰক্ষণ কৰিবলৈ বিশেষভাৱে উৎসাহিত কৰাটো অসম চৰকাৰৰ এক দূৰদৰ্শী আৰু সময়োপযোগী সিদ্ধান্ত। 


মোৰ দৃঢ় বিশ্বাস, এই সন্মানে আমাৰ যুৱ লেখকসকলক কেৱল সৃজনীমূলক সাহিত্যৰ প্ৰতিয়েই অনুপ্ৰাণিত নকৰে, বৰঞ্চ নিজৰ মাতৃভাষাৰ সাহিত্য চৰ্চাৰ প্ৰতিও অধিক দায়বদ্ধ কৰি তুলিব। আমাৰ নৱ প্ৰজন্মৰ সাহিত্যিকসকলৰ কলমত প্ৰতিটো জনগোষ্ঠীৰ আপুৰুগীয়া সম্পদ – লোক-সাহিত্য, লোক-সংস্কৃতিয়ে এক নতুন মাত্ৰা লাভ কৰি বিশ্বদৰবাৰত প্ৰতিষ্ঠিত হ’ব। ‘গ্ৰন্থবৰ্ষ ২০২৫’ৰ এই শুভ যাত্ৰাই অসমৰ সাহিত্য-জগতখনক অধিক বৈচিত্ৰ্যময় আৰু সমৃদ্ধিশালী কৰি তোলক তাৰেই কামনা কৰিলোঁ।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages