ফলকত লিখি থ’ম
ভূমিকা দাস
বহুতো কাহিনী হদয়ৰ গোপন কুঠৰিত তলা লগাই থ’লো
বহুতো সচৰাচৰ ঘটি থকা ঘটনাবোৰ আওকাণ নকৰিবলৈ
স্থিতপ্ৰজ্ঞ হ’লো
দৈনন্দিন জীবনৰ কাৰ্য্যসমূহৰ প্ৰায়বোৰেই জীবন বাটৰ লগৰী বুলি মনৰ ফলকত লিখি থ’লো
ফুল কুমলীয়া সন্তানৰ হৃদয় জুৰুৱা মাতত পাহৰি যোৱা
ভাগৰৰ কথাবোৰ পাহৰিব নোৱাৰোঁ
বাচাহঁতক বিচৰাখিনি
দিব নোৱাৰাৰ দুখত হিয়া ভাগে
সময়ত অট্টালিকাত শুবলৈ দিলেও টোপনি হৰে
সেই সুখত সুখী হোৱা
যি সুখে দিব তোমাক এজাক জোনাকীৰ খিলখিল হাঁহি
যি সুখে আনিব তোমাৰ নিশাৰ এঘুমটি….
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬


No comments:
Post a Comment