ফাগুনৰ ওঁঠত লৃগাঙৰ গান
মাতু হাজৰিকা
বিশ্বনাথ
মাঘৰ নৰানি সামৰি-সুতৰি
মনত বলীয়া বতাহৰ সুহুঁৰি
গছৰ ডালে ডালে
ৰঙৰ পোহাৰ মেলা ফাগুন
বতাহত উৰে সূতা কটা চিলাৰ সপোন।
ফাগুনৰ ওঁঠত বসন্তৰ গান
গান গান মাথোঁ গান...
ৰঙা ফাগুনৰ প্ৰথম বুধবাৰটোত
বুকুত বন্ধা ন আশা
উৰি উৰি
ঘূৰি ঘূৰি
গুমৰাগ নাচ
কঁকাল ভাঙি ভাঙি কনেং
হৈ পৰে
ফাগুনৰ ওঁঠত লৃগাঙৰ গান...
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment