ভাল লাগে তোমাক - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

ভাল লাগে তোমাক

 


ভাল লাগে তোমাক


                                        প্ৰীতি পাদুন


ভাল লাগে তোমাক,

চাওঁ নাচাওঁ কৈ মোলৈ চোৱা

তোমাৰ সেই মৰম লগা চাৱনি—

উফ্, কি যে মৌ।


এনেকুৱা লাগে আজি দেখোন

স্বয়ং আকাশৰ তৰাই

মোৰ বুকুত নামি আহি থমকি ৰ’ল,

জিলিকি উঠিল নীৰৱে।


বৈ যোৱা নদীখনেও

নিজৰ সোঁত পাহৰি

গাই উঠিল প্ৰেমৰ কোমল গীত—

কি যে মধুৰ অনুভৱ।


নাজনো কেতিয়া মোৰ এই ভাল লগাবোৰ

নিৰৱে, অজানিতেই 

ভাল পোৱালৈ পৰিণত হ’ল।

এইয়াই চাগে প্ৰেম!

এই জন্মত মই

তোমাৰ অসীম প্ৰেম হ’ব বিচাৰোঁ।


তোমাৰ অনুমতিৰ অবিহনে

তোমাৰ প্ৰেমত পৰি গ’লোঁ—

ইয়াৰ বাবে তুমি যি শাস্তি দিয়া,

মই সকলো মানি ল’ম।

মাথোঁ তোমাৰ বাবে

মোৰ হৃদয়খন……

                  

 Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬                      


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages