মোৰ ঠিকনা - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Saturday, January 31, 2026

মোৰ ঠিকনা

 

মোৰ ঠিকনা


                           ৰত্না মৰাণ 

               বৰগুৰি তিনিচুকীয়া


পকীঘৰ কিয়নো লাগে মোক

যদিহে  থাকে  কেচাঁ  ঘৰত

ল'মা  ল'মে  সুখ।। 


বিশ্বাসৰ বান্ধোনেৰে যদি

প্ৰজাটি আটোম টোকাৰিকৈ সাজোঁ 

মৰমৰ গাঁঠনিৰে যদি চাৰিবেৰ গাথোঁ

এটি এটি পলৰ কৰ্মৰ

মাধুৰ্য্যতাৰে যদি লাই খুঁটা পুটো

তাণ্ডব ধুমুহাইও নোৱাৰে

মাৰলি উৰুৱাব

জোন, বেলি, তৰা

সাক্ষী হৈ থাকিব।।


বেৰৰ জলঙাৰে

সোমাব সুখ

খালী মোনা উলটিলেও

নহ’ব দুখ 

ওচৰতে আছেই নহয়

নৈ' খন, দুখৰ 

বোজাবোৰ  উটুৱায় নিবলৈ

পাৰৰ কহুঁৱা, বিৰিণাই

সুখৰ হাত বাউলী দিবলৈ।।


তুমি হ’বা জোন

মই হ’ম তৰা

তোমাৰ পোহৰত 

মই হম স্নাতা

নিদ্ৰা হীনতা ঘুমতিৰ

গভীৰ নিশা তুমি হ’বা 

মোৰ মন মন্দিৰৰ উদিপ্ত

জোনাক ভৰা প্ৰজ্জলিত শিখা।।


Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages