ফাগুন
ৰফিকুল ইছলাম
ভোজখোৱা, তেজপুৰ
কি যে নান্দনিক ৰূপ
শিমলু গছজোপাৰ ডালে ডালে।
সৌন্দৰ্য্যৰে ভৰপূৰ
শিমলু গছজোপাৰ
উকা ডালৰ ৰঙা ফুলৰ মালা।
গছ গছনিৰ ডালবোৰ
লঠঙা হৈ
সৰি পৰে পাতবোৰ।
সৰা পাতৰ লুকা ভাকু খেল
ক'ত যে যায় উৰি
ফাগুনৰ বতাহৰ সৈতে।
তুমি চোৱানা এবাৰ
সেই তিনিআলিৰ চুকত
দুচকুৰে
কি যে নান্দনিক ৰূপ
মাথোঁ ফুল
ৰঙা শিমলু ফুল।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment