উপলব্ধি
ডাঃ চন্দনা মেধি দাস
“মা, মানুহৰ লগত বেছি ঘনিষ্ঠ সম্পৰ্ক ৰখাতকৈ অলপ দূৰত্ব বজাই চলিলে কিছু হ’লেও শান্তিত থাকিব পাৰি।”
জীৱনৰ বিশটাহে বসন্ত অতিক্ৰম কৰা জীয়ৰীৰ কথা শুনি মণিমালা স্তব্ধ হৈ ৰ’ল। এই কথাষাৰ যদি তায়ো আগতেই উপলব্ধি কৰিব পাৰিলেহেঁতেন।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment