স্বাৱলম্বন
অৰুণিমা ভট্টাচাৰ্য্য
ভাড়াৰ টকা কেইটা দিবলৈ লৈ তাই আকৌ এবাৰ ই-ৰিক্সা চালক জনলৈ চালে। সি যেনেই লাগিছে, তথাপিও তাই সুধিব নে নুসুধিব আৰু এবাৰ ভাবিলে।
“ঠিকেই ভাবিছা।” তাইৰ চিন্তাত যতি পেলাই সি কৈ উঠিল।
“মই মহানন্দ… মনত পৰিছে নে?”
“কিন্তু তুমি?” বাকী কথাখিনি তাই কোৱাৰ আগতে সি কৈ উঠিল।
“ভূপেন হাজৰিকা দেৱে গোৱা নাছিল জানো..দিগনিটি অব লেবাৰ।”
তাই হাঁহি এটাৰে তাৰ কথাষাৰ সৰ্মথন কৰিলে যদিও মনত পৰিল তাহানিৰ শ্ৰেণী কোঠাত সৰ্বোচ্চ নম্বৰ পোৱা ল'ৰাটোৰ মুখ খনলৈ।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment