কৱেঙ ঐ
অম্লান অৰুণাভ
চৰাইদেউ
এইবেলি
লৃগাঙতে আহিবা
অ’ মোৰে আইপে মেনাম কৱেঙ ঐ....
মিবো গালুক, গনৰ ওগন পিন্ধি
মুৰং অকোম লত্তালৈ।
আদৰিম তোমাক
ৰিঃবি গাচেং পিন্ধি
মিচিং এৰকৌক্ কক্কি।
বৰনৈ সিপাৰে
ঙক্কে দুংক দঃলুঙে
সাত সাগৰ তেৰ নদী পাৰে হৈ….
আহিবানে
অ’ মোৰে আইপে মেনাম কৱেঙ ঐ.....
গুমৰাগ্ চঃমান চংকদ, দুমদুম-লুঃপি মানকল
বৰা চাউল পাতত বান্ধি
পুৰাং আপিন সিজাবলৈ।
আহিবানে
অ’ মোৰে আইপে মেনাম কৱেঙ ঐ....
ওখ ওখ চাংঘৰৰ জখলা বগাবলৈ.....।
গুচি যাম দুয়োমিলি
পঃৰ-নগিন তিংকদ
জংকি-পানৈৰ দেশলৈ।
Doksiri দকচিৰি, ফেব্ৰুৱাৰী, ২০২৬

No comments:
Post a Comment