ইমপ্ৰেক্টিকেল মানৱতাবাদ
ৰিয়ন বৰা
মোৰ হৃদয় ভেদি নিগৰা
আৱেগৰ বলেৰে মই আজি
এটা কবিতা লিখিলোঁ।
মিত্ৰাক্ষৰ ছন্দত লিখিম বুলি
ভবা কবিতাটোৱে পিছে
আৱেগৰ বেশ খুলি
এটা কংক্ৰীটৰ বাটেদি ৰাওনা হ’ল...
পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহজন হেনো জোৰ’ম।
পিছে মোৰ কবিতাটোৱে তেওঁৰ
কৰুণতাৰে ভৰা ভাববোৰ বুজি নাপালে।
মোৰ কবিতাটোৱে শ্ৰমিকৰ অধিকাৰৰ বাবে গোটেই জীৱন যুঁজি আত্মহত্যা কৰা সেইসকল ব্যক্তিৰ হৃদয়ৰ হাঁহাকাৰ বুজি নাপালে।
হাঁহি এটা পিন্ধি শৈশৱৰ সোণোৱালী টোপোলা বিচৰা কণমানিজনীৰ ধৰ্ষণৰ নিৰ্মম কাহিনীটো বুজি নাপালে।
My verses weave a tangled thread of thought
এতিয়া মোৰ কবিতাটোৱে মৃত্যুৰ সাপ গছকি অমানৱীতাৰ গীত গায়।
সেই অদৃশ্য ভয়াৱহ শূন্যতা বিৰাজ কৰা কবিতাটোত বোলে সুৰ দিয়ে আভিজাত্যৰ বেশ ধাৰণ কৰা দুৰ্নীতিৰ নেতাজনে।
কবিতাটোত এখন ৰঙীন ছবি অংকন কৰে দেশৰ আটাইতকৈ ধনী ব্যক্তিজনে।
অন্তহীন জীৱনৰ সপোন দেখা
ভোগৰ লালসাৰ বাসনাৰে
কবিতাটোৰ শব্দ নিৰ্মাণ হৈছে।
ক্ষমতাৰ ৰচীৰে বন্ধা
অনেকজনৰ কণ্ঠস্বৰ ৰোধি
কবিতাটো সম্পূৰ্ণ হৈছে।
কবিতাটোৰ শিৰোনামটো হেনো মানৱতাবাদ।
পিছে সততাৰ বাটটোৰে বগাই যাব নোৱাৰা কবিতাটোৱে অন্য এটা বাট ল’লে
এটা ধোঁৱা আৰু ছাইৰ চমু বাট,
ইমপ্ৰেক্টিকেল মানৱতাবাদৰ বাট।
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment