সৈনিক
বাংলা কবিঃ তৈমুৰ খান
তৰ্জমাঃ ড° ইকবাল হোচেইন খান
বৰপেটা
বাটে বাটে মৃত্যুৰ কিৰীলি আৰু খোঁজকাঢ়ি যায় অভাৱ-অনাটন
কাৰ স’তে কথা পাতিম ?
কথা কৈ কৈ সকলো কথা শেষ
এতিয়া উদাস উদাস মন, অকলে অকলে
নিজৰ ছায়াৰ ওচৰত বহি বহি
যুগৰ বিষাদাচ্ছন্ন এটা ঘোঁড়া -
দূৰৰ পলাশবনৰ পৰা আহে কোলাহল
নাইবা কাত্যায়নী সিংহ কৰে গৰ্জন
হাতৰ তলৱাৰ ৰেখা ঘহি থাকোঁ
তাতে নজ্বলে জুই
কেৱল এটা নদী সাৰে আছে
কোনো এজনকে মই আৰু বিশ্বাস নকৰোঁ
সমস্ত যুদ্ধৰ বিভীষিকা অতিক্ৰম কৰি যাওঁতে যাওঁতে
নামি আহে ৰ’দ, বিলাপ ভৰা ৰ’দ, ছলনাৰ হাঁহি
Doksiri দকচিৰি, জানুৱাৰী, ২০২৬

No comments:
Post a Comment