জুবিন - Doksiri

শেহতীয়া লেখা

Post Top Ad

Responsive Ads Here

Monday, January 5, 2026

জুবিন

 

জুবিন


               কুমাৰ বিভূতি

                         নগাঁও 


মোক যদি কোনোবাই সুধে

ডাঙৰ হ'লে তুমি কি হবা ?


কণমানিটোৱে উত্তৰ দিলে 

মই জুবিন গাৰ্গ হ’ম!


জুবিন গাৰ্গ হোৱা কি সহজ কথা?


জীয়নকালত যাক কোনেও নুবুজে 

মৃত্যুৰ পাছত যাক লৈ ৰাজনীতিৰ চক্ৰবেহু চলে


সেই জুবিনহোৱা ইমান সহজ!


জুবিন গাৰ্গ হ’ম বুলিলেই হ’ব পাৰিনে?


যাৰ দীপ্ত শিখাই পোহৰাই আমাৰ চৌপাশ

যাৰ শব্দৰ সমলয়ে মুকলি কৰে মনৰ আকাশ

যাৰ কোনো নাথাকে ঈশ্বৰ

যাৰ কোনো নাথাকে বান্ধোন

সীমাৰ পৰিধি ভাঙি 

যি হ'ব খোজে কাঞ্চনজংঘা

সেই জুবিন আন কোন হ'ব পাৰে?


পুৱাত আৰম্ভ হয় জুবিন 

দুপৰত জুবিন 

বিয়লিত জুবিন 

নিশাত জুবিন 

শেহপ্ৰহৰৰ নিদ্ৰাত জুবিন


বৰগীত বনগীত 

বিহুগীত লোকগীত 

আধুনিক অথবা বেলাড

পপ কিম্বা ৰক

নাই ক'ত জুবিন 


সমাধিৰ বাবে যি ৰুব পাৰে চন্দন

গীতৰ মাজেৰে যি খুলিব পাৰে ভণ্ডজনৰ বদন

সাগৰ শুকাই মাণিক লুকাই

সপ্তসুৰেৰে যি জীৱন সজাই


সেই অমোঘশক্তি আছেনে আমাৰ 


ধৰ্ম ব্যভিচাৰৰ দুৱাৰ খুলি

ঘোষণা যি কৰিব পাৰে মই মুক্ত

সেই জুবিন হোৱা কি ইমান সহজ! 

বুকুৰ পোহৰেৰে চালে এন্ধাৰতো উজলে সময়

সেই জুবিন হোৱা ইমান সহজ নহয়।


Doksiri দকচিৰি, জানুৱাৰী, ২০২৬


No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages